নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঈদৰ পূৰ্বে ধুবুৰীত চোকা অস্ত্ৰসহ আটক চাৰি গৰুচোৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৪ মে’ : ঈদৰ পূৰ্বে ধুবুৰী আৰক্ষীৰ এক অভিযানত দুটা গৰুসহ চাৰিজনীয়া এটা গৰুচোৰৰ দলক কৰায়ত্ত কৰে।

জানিব পৰা মতে, ধুবুৰী চহৰৰ এ এম কো ৰোড বজাৰ নগৰ আৰক্ষী বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী আইৰণজংলা তৃতীয় খণ্ড অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ সিপাৰৰ এক দুৰ্গম ঠাইত অভিযান চলাই কৰায়ত্ত কৰে চোৰকেইটাক।

চোৰৰ দলটোৰ পৰা দুটা গৰু উদ্ধাৰ কৰাৰ লগতে চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ধৃত চোৰকেইটা সমেৰ আলী, ৰাজব আলী, মফিজুল মণ্ডল আৰু নুৰ হক মণ্ডল বুলি প্ৰকাশ।

You might also like