যোৱানিশা ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ এক অভিযানত বুজন পৰিমাণৰ সন্দেহজনক হেৰোইনসহ ৪জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত যোৱানিশা গৌৰীপুৰ আৰক্ষীৰ এটি দলে গৌৰীপুৰৰ মধুশৌলমাৰী দ্বিতীয় খণ্ড গাঁৱত অভিযান চলাইছিল। সেই অভিযানত ৮.৫০ গ্ৰাম সন্দেজনক হেৰোইন, ১০১টা খালী প্লাষ্টিকৰ টেমা, এটা মোবাইল ফোন উদ্ধাৰ হোৱাৰ সমান্তৰালকৈ ৪জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰে অভিযানকাৰী দলটোৱে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইজন নাবিজুল হক, সহিদুল হক, সাহ জামাল শেখ আৰু জাহাংগীৰ আলম বুলি প্ৰকাশ।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৬ ডিচেম্বৰ :