নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ১১ মে’ : ৰূপহীহাটত জুৱাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। যোৱানিশা আমবাগান আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আমবাগান বজাৰত জুৱাৰীৰ বিৰুদ্ধে অভিযান চলায়।
আৰক্ষীৰ অভিযানত ৪জন জুৱাৰীক গ্ৰেপ্তাৰৰ লগতে জুৱা খেলৰ সামগ্রী, নগদ ৯০৩০ টকা আৰু ম’বাইল ফোন জব্দ কৰে। আমবাগান আৰক্ষীৰ জালত পৰা জুৱাৰীকেইটা হ’ল প্ৰদীপ দাস, দুলাল দাস, আবু শ্বাহিদ আৰু আশ্ৰফ আলী। আমবাগান আৰক্ষীয়ে ধৃত ৪জনক জেৰা কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে।