ডিজিটেল ডেস্ক, ১১ মে’ : সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত অভিলেখ জনাদেশৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে কাইলৈ (১২ মে’) গুৱাহাটীত শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
বৃহৎ আয়োজনেৰে এই শপতগ্ৰহণ অনুষ্ঠান কাইলৈ পুৱা ১১:৪০ বজাৰ পৰা আৰম্ভ হ’ব। অনুষ্ঠানত বহু ভিভিআইপি, ভিআইপি আৰু শীৰ্ষ উদ্যোগপতিয়ে অংশগ্ৰহণ কৰিব।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই ড০ শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰাব। যদিও মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ সৈতে কিমানজন মন্ত্ৰীয়ে শপত ল’ব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ড০ শৰ্মা আৰু তেওঁৰ মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব। লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু এনডিএশাসিত ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰীও উপস্থিত থকাৰ সম্ভাৱনা আছে।
অতিথিৰ তালিকাত শীৰ্ষ উদ্যোগপতি গৌতম আদানিৰ পুত্ৰ জিত আদানি আৰু সজ্জন জিন্দালৰ নামো অন্তৰ্ভুক্ত আছে। আনহাতে, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু টাটা ট্ৰাষ্টৰ অধ্যক্ষই অহা সপ্তাহত গুৱাহাটী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
শীৰ্ষ অতিথিসকলৰ উপৰি বহু বিশিষ্ট বৈষ্ণৱ পণ্ডিত আৰু এক লাখতকৈ অধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে এই অনুষ্ঠানত।
অনুষ্ঠানৰ মূল থীম হ’ব অসমৰ সমৃদ্ধ ঐতিহ্যৰ প্ৰতি সন্মান জনোৱা। মূল মঞ্চ মা কামাখ্যা মন্দিৰ, বটদ্ৰৱা থান আৰু ঐতিহাসিক ৰংঘৰৰ স্থাপত্যশৈলীৰ আধাৰত সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে, যিয়ে ৰাজ্যখনৰ আধ্যাত্মিক আৰু ঐতিহ্যবাহী সংস্কৃতিক প্ৰতিফলিত কৰিছে।
ইফালে, শপতগ্ৰহণ অনুষ্ঠানক লৈ গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী আজি নিশা ১০:২৫ বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ কথা। আনহাতে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি সন্ধিয়া ৫ বজাত গুৱাহাটীত উপস্থিত হ’ব বুলি আশা কৰা হৈছে।
আমন্ত্ৰিত অতিথিসকলক লৈ ৩০খনতকৈ অধিক চাৰ্টাৰ্ড বিমান গুৱাহাটীত অৱতৰণ কৰাৰ সম্ভাৱনা আছে, যাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তৰ নেতা আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত হ’ব।