নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৪

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ৰূপহীহাটৰ শিঙিমাৰীত আজি দিনৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুর্ঘটনাত ৪জনকৈ লোক আহত হয় ৷ এখন বাইক ৰূপহীৰ পৰা লাওখোৱা অভিমুখে গৈ আছিল আৰু এটা বাইক লাওখোৱাৰ পৰা ৰূপহী অভিমুখে আহি আছিল। তীব্ৰবেগী বাইক দুখনে নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখি সংঘৰ্ষ ফলত সংগঠিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটি ৷ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৪জনকৈ লোক।স্থানীয় ৰাইজৰ তৎপৰতাত আহত হোৱা ৪ জনকৈ লোকক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয়। ইয়াৰে এজনৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে৷ দুর্ঘটনাগ্ৰস্থ বাইক দুখনৰ নম্বৰ হৈছে এএছ-০২-একছ-৩৩১৯আৰু এএছ-০২-পিঅ-০৪৭০। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like