নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হার্দিক সন্দৰ্ভত নির্বাচকৰে ৰোহিত-ৰাহুলৰ গোপন বৈঠক

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ এপ্ৰিলঃ আইচিচি টি–২০ বিশ্বকাপত ভাৰতীয় দলত হার্দিক পাণ্ডিয়াৰ অন্তর্ভুক্তি সন্দর্ভত এতিয়াও বিভ্রান্তিৰ সৃষ্টি হৈছে৷ ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক ৰোহিত শর্মা আৰু প্রশিক্ষক ৰাহুল দ্রাবিড়ে যোৱা সপ্তাহত ৰাষ্ট্রীয় নির্বাচক দলৰ সৈতে গোপন বৈঠকত মিলিত হয়৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অধিনায়ক ৰোহিত শর্মা, প্রশিক্ষক ৰাহুল দ্রাবিড় আৰু মুখ্য নির্বাচক অজিত আগাৰকাৰৰ মাজত দুঘণ্টাজোৰা গোপন বৈঠকত হার্দিকৰ ভৱিষ্যতক লৈ চর্চা চলিছিল৷ জুন মাহত আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপ দলটোৰ বিষয়ে আলোচনা কৰা হয়৷ কিন্তু ১৫জনীয়া দলটোত সুযোগ পাবলৈ হার্দিকে বলিং বিভাগত উন্নতি সাধন কৰিব লাগিব৷ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীয়ে আইপিএলত কেনেদৰে বলিং কৰে, তাৰ ওপৰত নির্ভৰ কৰিব তেওঁৰ জাতীয় দলৰ ভাগ্য৷ হার্দিকৰ ফিটনেছক লৈও যথেষ্ট চিন্তিত৷ বহুতে ইতিমধ্যে কৈছে যে তেওঁ নিজৰ আঘাত লুকুৱাই ৰাখিছে৷ হার্দিকে চলিত আইপিএলত এতিয়ালৈকে ৬খন মেচ খেলি চাৰিখনত বলিং কৰিছে৷ তেওঁ প্রতি অভাৰত ১২ ৰান খৰচ কৰি মাত্র তিনিটাহে উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ গতিকে, চলিত আইপিএলৰ পৰৱর্তী মেচকেইখনত বেটিঙৰ লগতে বলিঙতো উন্নত প্রদর্শন দাঙি ধৰিব পাৰিলে আগন্তুক টি–২০ বিশ্বকাপত ভাৰতীয় দলত স্থান লাভৰ সম্ভাৱনা প্রকট হৈ পৰিব মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীৰ৷ উল্লেখ্য যে ভাৰতীয় বিশ্বকাপ দলত কোন খেলুৱৈয়ে সুযোগ লাভ কৰিব, সেয়া আইপিএলৰ ওপৰত বহুখিনি নির্ভৰ কৰিব৷ দীর্ঘদিন ধৰি আঘাতৰ বাবে খেলপথাৰৰ বাহিৰত আছিল হার্দিক৷ গতিকে, ভাৰতীয় বিশ্বকাপ দলটোত স্থান লাভ কৰিবলৈ হ’লে আইপিএলত হার্দিক পাণ্ডিয়াই উন্নত প্রদর্শন দাঙি ধৰিব লাগিব৷

You might also like