নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : মুখ্যমন্ত্রী ড০ শর্মাৰ দ্বিতীয় ইনিংছ

অসমবাসীৰ ঐতিহাসিক জনাদেশ শিৰোধার্য কৰি আজি পুনৰ মুখ্যমন্ত্রীৰ আসনত অধিষ্ঠিত হ’ব ড০ হিমন্ত বিশ্ব শর্মা৷ ২০১৬ৰ বিধানসভা নির্বাচনত ৬০খন আসনত জয়লাভ কৰি প্রথমবাৰৰ বাবে দিছপুৰৰ ক্ষমতাত অধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএই একেৰাহে তৃতীয় কার্যকালৰ বাবে চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছে৷ বিজেপিয়ে এইবাৰ এককভাৱে ৮২খন আসনত জয়লাভ কৰাৰ লগতে সহযোগী অগপ আৰু বিপিএফে ১০খনকৈ আসন লাভ কৰি এনডিএৰ বিধায়ক ১০২জন হৈছে৷ স্বৰাজোত্তৰ আঠটা দশকত কোনো ৰাজনৈতিক মর্চাই এনে বৃহৎ সাফল্য লাভ কৰাৰ নজিৰ নাই৷

দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫২ত প্রথম অসম বিধানসভাৰ নির্বাচনত ৭৬খন, ১৯৫৭ৰ নির্বাচনত ৭৯খন, ১৯৬৭ৰ নির্বাচনত ৭৩খন আৰু ১৯৭২ৰ নির্বাচনত ৯৫খন আসন লাভ কৰি সুদীর্ঘ কাল ধাৰাবাহিকভাৱে ক্ষমতাত আছিল কংগ্রেছ দল৷ ১৯৭৮ৰ বিধানসভা নির্বাচনত দেশজুৰি সৃষ্টি হোৱা সমাজবাদী আন্দোলনৰ প্রভাৱ আৰু কংগ্রেছ নেতৃত্বৰ বিভাজনৰ প্রভাৱ অসমতো প্রতিফলিত হৈছিল৷ এই নির্বাচনত জনতা পার্টীয়ে ৫২খন আসন লাভ কৰি অসমত প্রথমবাৰৰ বাবে অকংগ্রেছী চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ বিদেশী বহিষ্কৰণৰ দাবীত আন্দোলনৰ ভৰপকৰ মাজতে অসমবাসীৰ আৱেগ–অনুভূতিৰ বিপৰীতে ১৯৮৩ত অনুষ্ঠিত বিধানসভা নির্বাচনত কংগ্রেছে ৯১খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ আহিছিল৷

ছবছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ত অনুষ্ঠিত বিধানসভা নির্বাচনত অগপ আৰু অন্যান্য দলৰ সমর্থনত ৭২গৰাকী বিধায়কক লৈ দ্বিতীয়বাৰৰ বাবে অকংগ্রেছী চৰকাৰ গঠন হৈছিল৷ ১৯৯১ত ৬৬খন আসনত জয়লাভ কৰি পুনৰ ক্ষমতালৈ আহিছিল কংগ্রেছ দলটো৷ কিন্তু ১৯৯৬ৰ নির্বাচনত অগপ দলে ৫৯খন আসন লাভ কৰি দ্বিতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হৈছিল৷ ২০০১ৰ নির্বাচনত ৭১খন আসন লাভ কৰি পুনৰ ক্ষমতালৈ অহা কংগ্রেছ দলে ২০১৬লৈকে একেৰাহে তৃতীয় কার্যকাল ক্ষমতাত আছিল৷ ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৮খন আসন লাভ কৰি ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ সুযোগ লাভ কৰিছিল৷ ২০১৬ৰ বিধানসভা নির্বাচনত পাঁচখন আসনৰ পৰা ৬০খন আসনত জয়লাভ কৰি চমকপ্রদ সাফল্য লাভ কৰা বিজেপিয়ে বিগত ১০ বছৰত অসমত সর্বশক্তিমান ৰাজনৈতিক দলত পৰিণত হৈছে৷ ২০২১ৰ বিধানসভা নির্বাচনত বিজেপিয়ে ৬০খন আসন লাভ কৰিছিল যদিও উপ–নির্বাচনৰ জৰিয়তে দলটোৱে চাৰিখন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ বিজেপি তথা এনডিএৰ অংশীদাৰ দল দুটাৰ সাফল্যৰ বাবেই দিছপুৰত এইবাৰ তৃতীয়বাৰৰ বাবে অধিক শক্তিৰে অকংগ্রেছী চৰকাৰ গঠন হ’ব৷

একেৰাহে তৃতীয় কার্যকালৰ বাবে চৰকাৰ গঠন কৰাটো ৰাজনৈতিক দল এটাৰ বাবে সহজসাধ্য নহয়৷ বিভিন্ন জাতি–জনগোষ্ঠী আৰু সমস্যাৰে ভৰপূৰ ৰাজ্যখনৰ সর্বশ্রেণীৰ ৰাইজক সন্তুষ্ট কৰাটো নিশ্চিতভাৱে চৰকাৰ এখনৰ বাবে প্রত্যাহ্বান৷ ৰাইজৰ প্রত্যাশা পূৰণ কৰিব নোৱৰাৰ বাবেই ক্ষমতাত অধিষ্ঠিত হোৱাৰ পাছত সাধাৰণতে অধিষ্ঠানবিৰোধী ঢৌ আৰম্ভ হয় শাসকীয় দলৰ বিৰুদ্ধে৷ কিন্তু বিগত এটা দশকৰ ৰাজনীতি ভালদৰে পর্যবেক্ষণ কৰিলে এই কথা স্পষ্ট হয় যে শাসকীয় বিজেপি দলৰ প্রতি সর্বসাধাৰণ ৰাইজৰ আস্থা আৰু বিশ্বাস বাঢ়িছে৷ ইয়াৰ লগে লগে এনডিএৰ সহযোগী অগপ আৰু বিপিএফৰ সাফল্যও বৃদ্ধি হৈছে৷ সাধাৰণতে বিধানসভা নির্বাচনত ৩৬–৩৭ শতাংশ ভোট লাভ কৰা ৰাজনৈতিক দলটোৱেই ক্ষমতাত অধিষ্ঠিত হোৱাৰ জোখাৰে শক্তি লাভ কৰে৷ সদ্যসমাপ্ত বিধানসভা নির্বাচনত বিজেপি, অগপ আৰু বিপিএফে ৪৮ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ বিজেপি তথা এনডিএৰ ঐতিহাসিক বিজয়ৰ অন্তৰালত আছে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহৰ ঐক্যবদ্ধ জনাদেশ৷ এইবাৰ নির্বাচনত এনডিএক পৰাভূত কৰিবলৈ কংগ্রেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চিপিএম, চিপিআই, চিপিআই(এমএল) আদিয়ে ঐক্যবদ্ধ যুঁজ দিছিল যদিও বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাস আদায় কৰিব নোৱাৰিলে৷ কংগ্রেছৰ ১৯জন বিধায়কহে জয়ী হৈছে৷

স্বৰাজোত্তৰ আঠ দশকত কংগ্রেছৰ এয়া শোচনীয় ফল৷ আশ্চর্যকৰ এয়ে যে শতিকাপুৰণি দলটোৰ বিজয়ী ১৯জন বিধায়কৰ ভিতৰত ১৮জনেই ইছলামধর্মী৷ প্রকৃততে কংগ্রেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ মাজত জনসমর্থন হেৰুৱাইছে৷ বাংলাদেশী মূলৰ মুছলমান তথা মিঞা তোষামোদৰ ৰাজনীতিৰ বাবে খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোকসকলে কংগ্রেছ তথা বিৰোধী দলসমূহক সমর্থন কৰাৰ পৰা বিৰত আছে৷ সেয়ে সদ্যসমাপ্ত নির্বাচনৰ ফলাফল কি হ’ব, তাক লৈ বিশেষ উৎকণ্ঠা নাছিল৷ আনকি বিৰোধী পক্ষৰ হাতত নাছিল কোনো নির্বাচনী ইছ্যু৷ মাথোঁ মুখ্যমন্ত্রী ড০ শর্মা আৰু তেওঁৰ পৰিয়ালক ব্যক্তিগত আক্রমণ কৰিয়েই নির্বাচনী বৈতৰণী পাৰ কৰিবলৈ বিচাৰিছিল কংগ্রেছ তথা বিৰোধী পক্ষই৷ কিন্তু ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সুৰক্ষা আৰু দ্রুতগামী বিকাশৰ বাবেই এনডিএই ঐতিহাসিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ নির্বাচনৰ আগমুহূর্তত কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা প্রদ্যুৎ বৰদলৈ আৰু ভূপেন কুমাৰ বৰাৰ বৃহৎ ব্যৱধানত জয়লাভ কৰাৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধী নেতাসকলৰ পৰাজয়ে স্পষ্ট ৰাজনৈতিক বার্তা বহন কৰিছে৷ এইবাৰৰ নির্বাচন প্রকৃতার্থত খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সুৰক্ষা আৰু ভেটি ৰক্ষাৰ যুঁজ৷ এই যুঁজখনৰ সেনাপতি ৰূপে লৈছে মুখ্যমন্ত্রী ড০ শর্মাক৷ ফলত এইবাৰ নির্বাচনত বিজেপি আৰু এনডিএৰ অংশীদাৰ দলসমূহে কোন প্রার্থীক যুঁজত নমাইছে, সেয়া ডাঙৰ কথা নহয়৷ মুখ্যমন্ত্রী ড০ শর্মাক ভৰসা কৰিয়েই খিলঞ্জীয়া–জাতি–জনগোষ্ঠীহে ঐক্যবদ্ধ জনাদেশ প্রদান কৰাৰ ফলতে এনডিএই ঐতিহাসিক সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷

You might also like