নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটাৰোডত দীৰ্ঘদিনে সন্ত্ৰাস সৃষ্টি কৰা ৪ গভাইত চোৰ আটক

ডিজিটেল ডেস্ক, ২৮ জুলাই : বৰপেটাৰোডত ২খন চোৰাং ই-ৰিক্সা, বেটাৰীসহ চাৰি গভাইত চোৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি চাৰি চোৰে বৰপেটাৰোড অঞ্চলৰ ভিন্ন প্ৰান্তত চুৰি কাৰ্য সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰাত শংকিত হৈ পৰিছিল ৰাইজ।
যোৱানিশা বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত এটি আৰক্ষীৰ দলে অভিযান চলাই চোৰকেইটাক গ্ৰেপ্তাৰ কৰে। আটকাধীনকেইজন ক্ৰমে নজৰুল হুছেইন (৩৪), হান্নান আলী (৩২), সাবেদুল নাদাব (৪২), আৰু গোবিন্দ দাস (২৪)।
ধৃত চাৰিজনৰ পৰা ২খন চোৰাং ই-ৰিক্সাৰ লগতে ৭টা ই-ৰিক্সাৰ বেটাৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চাৰিওৰে বিৰুদ্ধে ৭৯/২৫ নং – U/S ৩০৩(২) BSN 2023 ধাৰাত গোচৰ ৰুজু কৰি আজি আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে।

 

প্ৰেৰক দীপাংকৰ বায়ন

You might also like