🔹 বৰঘোপাত উচ্ছেদৰ সমৰ্থনত নিশা ওলাল খিলঞ্জীয়া ৰাইজ
ডিজিটেল ডেস্ক, ২৮ জুলাই : অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলাই থকা উচ্ছেদ অভিযানৰ সমৰ্থনত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ বৰঘোপাত কালি নিশা ওলাই আহিল কেইবাখনো গাঁৱৰ খিলঞ্জীয়া লোক। বৰঘোপা যুৱ জাগৰণ মঞ্চৰ উদ্যোগত আৰু বৰঘোপা, গৰিয়া চতলা ৰাইজৰ সহযোগত বৰঘোপা চ’ক বজাৰত উচ্ছেদৰ সমৰ্থনত নিশা সমৱেত হয় অসংখ্য লোক। খিলঞ্জীয়া লোকৰ নিৰাপত্তা বিচাৰি আৰু চৰকাৰী ভূমি উচ্ছেদৰ সমৰ্থনৰ লগতে সৰ্থেবাৰীৰ বিভিন্ন গাঁৱৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবীত কালি নিশা ওলাই আহিল খিলঞ্জীয়া মুছলমান, বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোক।
প্ৰতিকূল বতৰকো নেওচি খিলঞ্জীয়া মুছলমান, বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ চৰকাৰৰ উচ্ছেদ অভিযানক জনালে সমৰ্থন। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনত চলি থকা উচ্ছেদ অভিযানক সমৰ্থন জনাই বৰঘোপা চ’ক বজাৰত সমৱেত হয় অসংখ্য লোক। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি জিন্দাবাদ, চৰকাৰী ভূমি উচ্ছেদ কৰি দেখুৱাই দিয়ক, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰ উত্তাল কৰি তোলে পৰিৱেশ। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰঘোপা বিল, মাজদিয়া গো ৰিজাৰ্ভ, গাদেশালীপাম ৰিজাৰ্ভকে ধৰি বগুৰীটাৰী, চেংদি, ক্ষুদ্ৰ চিনাদী, কমলাবাৰী আদি অঞ্চলৰ অবৈধ দখল মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে ৰাইজে।
সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুক্ষেত্ৰী মৌজাৰ শ শ বিঘা ভূমি এক বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি থকা বুলি অভিযোগ কৰিছে স্থানীয় খিলঞ্জীয়া ৰাইজে। সন্দেহযুক্ত একাংশ লোকৰ আগ্ৰাসনত নিৰাপত্তা নোহোৱা হৈছে খিলঞ্জীয়া মুছলমান, বড়ো আৰু হিন্দু সম্প্ৰদায়ৰ লোকৰ। এই অভিযোগ উত্থাপন কৰিছে খিলঞ্জীয়া লোকসকলে। সন্দেহযুক্ত লোকসকলে কাৰ আশীৰ্বাদত চৰকাৰী ভূমি বেদখল কৰিবলৈ সাহস কৰিছে, সেই দালাল চক্ৰকো চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে চৰকাৰক দাবী জনাইছে। অচিৰেই সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত চৰকাৰী ভূমি, গো ৰিজাৰ্ভ, চৰকাৰী খাল-বিল বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে ৰাইজে।
প্ৰেৰক তফিকুৰ ৰহমান