নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত প্ৰৱঞ্চক গৌতম পালঃ চাকৰি দিয়াৰ নামত লুট লক্ষাধিক টকা

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক গৌতম পাল। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় পালক।

ড০ বি আৰ আম্বেদকাৰ মেমোৰিয়েল হাস্পতাল ৰিচাৰ্চ চেণ্টাৰৰ নৰ্থ-ইষ্ট ৰিজনত চাকৰি দিয়াৰ নামত বহু যুৱক-যুৱতীৰ পৰা পালে সংগ্ৰহ কৰিছিল টকা। ইয়াকে লৈ দিছপুৰ থানাত ২২গৰাকী যুৱক-যুৱতীয়ে এজাহাৰ দাখিল কৰিছিল।

এই এজাহাৰৰ ভিত্তিতে ক্ৰাইম ব্ৰাঞ্চ আৰু দিছপুৰ আৰক্ষীৰ যুটীয়া অভিযানত কাহিলিপাৰাৰ জটীয়াৰ শান্তি প্লাজাৰ পৰা কালি নিশা গ্ৰেপ্তাৰ কৰা হয় পালক।

উল্লেখ্য, এজাহাৰ ২২গৰাকী যুৱক-যুৱতীয়ে দিলেও পালে চাকৰি দিয়াৰ নামত প্ৰায় ৬০-৭০গৰাকী যুৱক-যুৱতীৰ পৰা ৫ৰ পৰা ১০ লাখলৈ টকা সংগ্ৰহ কৰিছিল বুলি স্থানীয় লোকৰ ভাষ্যত প্ৰকাশ। এই যুৱক

You might also like