নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত বিনামূলীয়া হ’ব ক’ভিড ভেকচিনঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ ৰাজ্যত বিনামূলীয়া হ’ব ক’ৰোনাৰ ভেকচিন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই কথা ঘোষণা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমতো বিনামূলীয়া হ’ব ক’ভিডৰ ভেকচিন।

লগতে দুৰ্গাপূজাৰ সময়ত সকলোকে সাৱধানে থাকিবলৈও আহ্বান স্বাস্থ্যমন্ত্ৰীগৰাকীৰ। তেওঁ কয় যে যোৱা ৬ মাহৰ কষ্টৰ ফলত ৰাজ্যখনত নিম্নগামী হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ধৰ্মীয়ভাৱে দুৰ্গাপূজা উদযাপন কৰক দুৰ্গা পূজাৰ পাছতো যাতে আমি উৰ্ধগামী সংখ্যা এটা দেখা নাপাওঁ। কাৰণ আমাক উন্নতি-বিকাশ লাগে, ক’ভিডৰ লগত ব্যস্ত থাকিলে এইবোৰত প্ৰভাৱ পৰে, গতিকে দুৰ্গা পূজা নিয়ম-কানুনৰে পালন কৰিলে আমি এই ভাইৰাছক পৰাভূত কৰিব পাৰিম বুলি নগাঁৱত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like