নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত পূজাত প্রতিকেজি জেলেপী সর্বোচ্চ ৫৫০ টকাত বিক্রী

নিয়মীয়া বার্তা, ২৩ অক্টোবৰঃ শাৰদীয় দুর্গোৎসৱ উপলক্ষে পূজাৰকেইদিন শিশুৰ পৰা বৃদ্ধজনলৈ সকলোৱে জেলেপি খাবলৈ বিশেষ আগ্রহ প্রকাশ কৰে৷ মহানগৰীৰ বিভিন্ন স্থানৰ মিঠাইৰ দোকানসমূহে প্রত্যেক বছৰৰ দৰে এই বছৰো গ্রাহকসকলৰ বাবে বিভিন্ন প্রকাৰৰ জেলেপি প্রস্তুত কৰিছে৷ কিন্তু মহামাৰী ক’ভিড–১৯ৰ বাবে হোৱা লকডাউনৰ সুযোগ গ্রহণ কৰি এইবাৰ মহানগৰীত ঠাইবিশেষে মিঠাইৰ লগতে দুর্গাপূজাত জেলেপিৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷

এই সম্পর্কে ছয়মাইলৰ এগৰাকী মিঠাইৰ ব্যৱসায়ীয়ে জনোৱা মতে, পূজাত প্রতি কেজিত ৩৬০ টকা বিক্রী কৰা হৈছে৷ জেবিজ ৰেষ্টুৰেণ্টৰ অন্যতম স্বত্বাধিকাৰী গোপাল জালানে কয় যে নতুনকৈ মিঠাইৰ দাম বৃদ্ধি কৰা নাই৷ এইবাৰ দুর্গাপূজা উপলক্ষে প্রতিকেজি জেলেপি ৫৫০ টকা মূল্যত বিক্রী কৰা হ’ব৷

শুদ্ধ ঘিউত প্রস্তুত কৰা ষ্ট্রবেৰী, পাইনএপেল আৰু লিচীৰ জেলেপিৰ সোৱাদ এইবাৰ ক্রেতাই লাভ কৰিব পাৰিব লগতে অন্যান্য মিঠায়ো থাকিব৷ পূজাত পুৱা ৮ বজাৰ পৰা নিশা ৮.৩০ বজালৈ আমাৰ আটাইকেইখন বিপণী খোলা থাকিব৷ ভাৰতীয় জলপানৰ কর্মচাৰীয়ে কয়, ‘এইবাৰ ঘিউত ভজা জেলেপি প্রতিকেজি ৪২০ টকাকৈ বিক্রী কৰা হ’ব৷ আনহাতে মহানগৰীৰ পদপথত মুকলিকৈ বহা জেলেপিৰ দোকানসমূহৰ পৰা প্রতিকেজি জেলেপি ১০০ৰ পৰা ১২০ টকা মূল্যত গ্রাহকে ক্রয় কৰিব পাৰিব বুলি কেইবাগৰাকী ব্যৱসায়ীয়ে জানিবলৈ দিছে৷

You might also like