নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ নিয়ন্ত্রণলৈ বিবদমান ৪ কিঃমিঃ এলেকা

কেন্দ্রীয় গৃহ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত লাইলাপুৰ ভাইৰেংটিৰ সংঘাতপূর্ণ অঞ্চলক লৈ সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ  গুৰুতৰ ৰূপ ধাৰণ কৰা অসম–মিজোৰামৰ আন্তঃৰজ্যিক সীমা বিবাদ মৰিষণৰ হকে গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ অসমৰ লাইলাপুৰ আৰু মিজোৰামৰ ভাইৰেংটিৰ মাজত থকা বিবদমান চাৰি কিলোমিটাৰ এলেকা এতিয়াৰে পৰা কেন্দ্রীয় চৰকাৰৰ নিয়ন্ত্রণত থাকিব৷ আগ্রাসী মিজো আৰক্ষী–দুর্বৃত্তৰ বর্বৰোচিত আক্রমণত অসম আৰক্ষীৰ ছয় জোৱান নিহত আৰু অর্ধসামৰিক আহত হোৱাক কেন্দ্র কৰি সর্বত্র প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে দিল্লীলৈ তলব কৰা হৈছিল দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানক৷

সেইমর্মে নতুন দিল্লীত উপস্থিত হোৱা অসম–মিজোৰাম চৰকাৰৰ মুখ্য সচিবৰ মাজত বুধবাৰে স্বাক্ষৰিত এখন বুজাবুজিৰ চুক্তিত উক্ত সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ কার্যালয়ত গৃহ সচিব অজয় কুমাৰ ভাল্লাৰ অধ্যক্ষতাত অনুষ্ঠিত মাৰাথন বৈঠকৰ অন্তত স্বাক্ষৰিত চুক্তি অনুসৰি অসম আৰু মিজোৰাম সংযোগকাৰী ৩০৬নং ৰাষ্ট্রীয় ঘাইপথৰ বিবদমান এলেকাত নিৰপেক্ষ নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব৷ নিৰপেক্ষ নিৰাপত্তা বাহিনী মানে চুক্তিখনত কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনীৰ কথা কোৱা হৈছে৷ বিবদমান অঞ্চলটোৰ নিৰাপত্তাৰ দায়িত্বত কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াক নিয়োজিত কৰা হ’ব৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি দুয়োখন ৰাজ্যই সংঘাতপূর্ণ অঞ্চলত মোতায়েন কৰিবলগীয়া নিৰপেক্ষ নিৰাপত্তা বাহিনীক সহায়–সহযোগিতা আগবঢ়াব বুলি চুক্তিখনত লিপিবদ্ধ কৰা হৈছে৷

লক্ষণীয়ভাৱে তিনিদফীয়া চুক্তিখনৰ অন্তিম দফাত কোৱা হৈছে যে সীমা বিবাদৰ নিষ্পত্তিৰ হকে দুয়ো ৰাজ্যই বন্ধুত্বপূর্ণভাৱে আলাপ–আলোচনা আগবঢ়াই নিব৷ উল্লেখ্য যে ত্রিপাক্ষিক পর্যায়ত স্বাক্ষৰিত আজিৰ এই বুজাবুজি চুক্তিত অসম আৰু মিজোৰামাৰ মুখ্য সচিব ক্রমে জিষ্ণু বৰুৱা আৰু লালনুনমাৱিয়া চুৱাউংগৰ উপৰি উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ বিভাগৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেলেও স্বাক্ষৰ কৰে৷

উল্লেখ্য যে নর্থ ব্লকত পুৱা এঘাৰ বজাত কেন্দ্রীয় গৃহ সচিব ভাল্লাই প্রথমতে মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুৱাউংগ আৰু ৰাজ্যখনৰ আৰক্ষীপ্রধান এছ বি কে সিঙৰ সৈতে এঘণ্টাৰ বাবে সুকীয়াকৈ বৈঠকত মিলিত হয়৷ ইয়াৰ পাছত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষীপ্রধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে সুকীয়াকৈ কেন্দ্রীয় গৃহ সচিবজনে দুপৰীয়া ১২ বজাত আন এখন বৈঠকত বহে৷ তাৰ অন্তত এইবাৰ দুয়োখন ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীপ্রধানক লৈ কেন্দ্রীয় গৃহ সচিব ভাল্লাই বিয়লি ৪.৩০ বজাৰ পৰা প্রায় দুঘণ্টা ধৰি শেষৰখন বৈঠক কৰে৷ এই বৈঠকতেই বুজাবুজি চুক্তিখন স্বাক্ষৰিত হোৱা বুলি অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই পাছত সাংবাদিকৰ আগত সদৰী কৰে৷

তেওঁ প্রকাশ কৰা মতে, অসমৰ লাইলাপুৰ আৰু মিজোৰামৰ ভাইৰেংটিৰ মাজত থকা বিবদমান প্রায় ৪ কিলোমিটাৰ এলেকাত পোনপোটীয়াকৈ কেন্দ্রীয় নিৰাপত্তা বাহিনীৰ নিয়ন্ত্রণত থাকিব৷ লগতে তেওঁ এয়াও স্পষ্ট কৰি দিয়ে যে অসমে নিজৰ ভৌগোলিক অখণ্ডতাৰ সৈতে কোনো ধৰণ আপোচ নকৰে৷ এইক্ষেত্রত মিজোৰাম চৰকাৰে ১৮৭৩ চনৰ বেংগল ইষ্টার্ন ফ্রণ্টিয়াৰ ৰেগুলেচনক সন্মুখত ৰাখি ৰাজ্যখনৰ সীমান্তক লৈ যুক্তি আগবঢ়াব বিচাৰিছে যদিও ১৯৮৭ চনত নির্ধাৰিত সাংবিধানিক সীমান্তক লৈ অসমে কেতিয়াও আপোচ নকৰে৷ তদুপৰি ১৯৩৩ চনৰ এখন জাননীও অসমৰ বাবে হাতিয়াৰ হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে৷ অসমে নিজৰ এক ইঞ্চি মাটিও মিজোৰামক এৰি নিদিয়ে বুলি উল্লেখ কৰি মুখ্য সচিব জিষ্ণু বৰুৱাই কয় যে উচ্চতম ন্যায়ালয় কিম্বা সংসদে যদি বর্তমানৰ সীমান্তক লৈ পৃথক কোনোবা সিদ্ধান্তত উপনীত হয়, তেনেহ’লে সেয়া বেলেগ কথা হ’ব৷
লাইলাপুৰৰ বর্বৰোচিত কাণ্ড সন্দর্ভত ধলাই থানাত গোচৰ ৰুজু
ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ বাবে দিল্লীলৈ অসম আৰক্ষীৰ দল
কাছাৰ জিলাৰ লাইলাপুৰ সংলগ্ণ আন্তঃৰাজ্যিক সীমান্তত আগ্রাসী মিজো আৰক্ষী–দুর্বৃত্তই অসম আৰক্ষীৰ জোৱানক বর্বৰোচিতভাৱে হত্যা কৰা ঘটনা সন্দর্ভত ধলাই আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছে এটা গোচৰ৷ ডিমা হাছাওৰ সোণটিলাস্থিত পঞ্চম অসম আৰক্ষী বেটেলিয়নৰ পত্রিক ৰংহাঙৰ এহাজাৰৰ ভিত্তিত কালি পঞ্জীয়ন কৰা ২৩৬/২১ নম্বৰৰ গোচৰটোত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ৪৪৭, ৩৩৬, ৩৭৯, ৩৩৩, ৩০৭, ৩০২ ধাৰা আৰোপ কৰাৰ লগতে অস্ত্র আইনৰ ২৫ (১–এ) আৰু ৰাজহুৱা সম্পত্তি বিনষ্টকৰণ প্রতিৰোধ আইন ১৯৮৪ৰ ৩নং ধাৰাও আৰোপ কৰা হৈছে৷ এই গোচৰটোত অভিযুক্ত কৰা হৈছে মিজোৰামৰ ক’লাশিৱ জিলাৰ আৰক্ষী অধীক্ষক ভানলাফাকা ৰাল্টে, অতিৰিক্ত আৰক্ষী অধীক্ষক এল ডেভিদ, ব্রুছে জিলাখনৰ উপায়ুক্ত ড০ এইচ লাথলেলগলিয়ানা, মহকুমা আৰক্ষী বিষয়া থার্টে হৰংছাল আৰু অন্যান্যসকলক৷

ইফালে ৰাজ্যসভাৰ সাংসদ কে ভানলালভেনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ চি আই ডিৰ বিষয়াসহ অসম আৰক্ষীৰ এটা দল ইতিমধ্যে দিল্লী অভিমুখে যাত্রা কৰা বুলি সদৰী কৰিছে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে৷ লক্ষণীয়ভাৱে ৰাজ্যসভাৰ সাংসদজনে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰৰ বক্তব্যৰ দ্বাৰা ঘটনাৰ ষড়যন্ত্রত তেওঁৰেই সক্রিয় ভূমিকা থকাটো স্পষ্ট হৈ পৰিছিল৷ সংবাদ মাধ্যমৰ আগত সাংসদজনে অসম আৰক্ষীৰ বাবে সুখবৰ যে তেওঁলোকৰ সকলো জোৱানক হত্যা কৰা নহ’ল বুলি প্রকাশ কৰাৰ লগতে পুনৰ এনে ঘটনা সংঘটিত হ’লে ইয়াতকৈও ভয়ানক পৰিস্থিতিৰ বাবে সাজু থাকিব লাগিব বুলিও অসম আৰক্ষীক সাংসদজনে সকীয়াই দিয়ে৷ অসম আৰক্ষীৰ ওপৰত নির্বিচাৰে গুলীবর্ষণ কৰা মিজো আৰক্ষী আৰু দুর্বৃত্তৰ এটা ফটো গেলাৰী ইতিমধ্যে অসম আৰক্ষীয়ে প্রস্তুত কৰিছে৷ তদুপৰি এই বর্বৰোচিত ঘটনাত জড়িত প্রতিজন দুর্বৃত্তক গ্রেপ্তাৰ কৰিব পৰাকৈ তথ্য যোগান ধৰোঁতাসকললৈ ৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে৷

You might also like