নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলক ২৬২ মেগাৱাটঃ অসমক বিনামূল্যে মাত্র ২৫ মেগাৱাট

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ গেৰুকামুখ প্রকল্পৰ বিৰুদ্ধে এতিয়াও অসমত আন্দোলন অব্যাহত আছে৷ ইয়াৰ মাজতে ফাদিল হৈছে ৰাজ্যবাসীক অন্ধকাৰত ৰাখি এন এইচ পি চি কর্তৃপক্ষই মুনাফা লুটাৰ অংকৰে ৰচনা কৰা এক ব্লুপ্রিণ্ট৷ কথা আছিল অহা বছৰ আগষ্ট মাহত ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ দুটা ইউনিট কার্যক্ষম কৰি তোলাৰ৷ পিছে অসমৰ জনগণৰ আৱেগ–নুভূতিক আওকাণ কৰি এতিয়া আগষ্টৰ পৰিৱর্তে ফেব্রুৱাৰী মাহৰ ভিতৰতে এই ইউনিট দুটাৰ (২x ২৫০ মেগাৱাট) নির্মাণকার্য সম্পন্ন কৰাৰ বাবে উঠিপৰি লাগিছে এন এইচ পি চি কর্তৃপক্ষই৷ ইয়াৰ বাবে নির্মাণকার্যৰ ঠিকা লাভ কৰা পেটেল ইঞ্জিনীয়াৰিং লিমিটেড, টার্বাইন যোগান ধৰা কোম্পানী জি ই, হাইড্র’ মেকানিকেল আৰু সা–সামগ্রী যোগান ধৰা কোম্পানী টেক্সমাকক হেঁচা দি থকা হৈছে৷ দিল্লীৰ উপকণ্ঠৰ ফৰিদাবাদস্থিত এন এইচ পি চিৰ কর্প’ৰট কার্যালয়ৰ এক শীর্ষ সূত্রত এই কথা জানিব পৰা গৈছে৷

আনুষ্ঠানিকভাৱে এন এইচ পি চিয়ে চলিত বছৰৰ জুন মাহলৈকে ৭২ শতাংশ নির্মাণকার্য সম্পন্ন হোৱা বুলি ৰাজহুৱা কৰিছে যদিও সূত্রটোৱে দাবী কৰা মতে, যোৱা ১২ নৱেম্বৰলৈকে বৃহৎ নদীবান্ধটোৰ ৮৬ শতাংশ নির্মাণকার্য সমাপ্ত হৈছে৷ চাঞ্চল্যকৰ কথাটো হৈছে নামনি অঞ্চলত থকা অসমৰ জনগণে প্রকল্পটোৰ পৰা পৰিবলগীয়া বিৰূপ প্রভাৱৰ আটাইতকৈ বেছি সন্মুখীন হ’ব লাগিব৷ পিছে প্রকল্পটোৰ জৰিয়তে অসমৰ পৰিৱর্তে চুবুৰীয়া অৰুণাচল প্রদেশৰ স্থানীয় বাসিন্দাসকলেই সর্বাধিক লাভান্বিত হ’ব৷ কিয়নো অসম–ৰুণাচল সীমান্তত প্রকল্পটো ৰূপায়ণ কৰি থকা হৈছে যদিও নির্মাণথলী হিচাপে এন এইচ পি চিয়ে অৰুণচল প্রদেশক মান্যতা প্রদান কৰিছে৷ সেয়েহে কর্প’ৰেট ছ’চিয়েল ৰেছপনচিবিলিটীৰ (চি এছ আৰ) সৰহসংখ্যক পুঁজি নির্মাণকাৰী সংস্থাটোৱে অৰুণাচল প্রদেশতহে ব্যয় কৰিব৷ ইতিমধ্যে অৰুণাচল প্রদেশৰ সৈতে এন এইচ পি চিয়ে এই সন্দর্ভত এখন বুজাবুজি চুক্তি সম্পন্ন কৰিছে বুলি সংস্থাটোৰ শীর্ষ সূত্রটোৱে এই প্রতিবেদকক জানিবলৈ দিয়ে৷

উল্লেখ্য যে প্রকল্পথলী হিচাপে মান্যতা লাভ কৰা ৰাজ্যক এন এইচ পি চিয়ে মুঠ উৎপাদিত বিদ্যুতৰ ১২ শতাংশ বিনামূলীয়াকৈ দিয়াটো বাধ্যতামূলক৷ বুজাবুজি চুক্তিৰ জৰিয়তে অৰুণাচল প্রদেশক এন এইচ পি চিয়ে এই মান্যতা প্রদান কৰা হেতু ৰাজ্যখনে লাভ কৰিব ১০.৭৫ শতাংশ (২৪০ মেগাৱাট) বিনামূলীয়া বিদ্যুৎ৷ আনহাতে, প্রকল্পটোৰ স্থানীয় অঞ্চলত বিদ্যুৎ যোগানৰ বাবে অৰুণাচলে লাভ কৰিব আন ১.১ শতাংশ (২২ মেগাৱাট) বিনামূলীয়া বিদ্যুৎ৷ সীমান্তৱর্তী ৰাজ্য হিচাপে অসমে বিনামূল্যে লাভ কৰিব মাত্র ১.২৫ শতাংশ অর্থাৎ মাত্র ২৫ মেগাৱাটহে বিদ্যুৎ৷ ইয়াৰ বিপৰীতে অসমে এন এইচ পি চিৰ সৈতে হোৱা বুজাবুজি চুক্তি অনুসৰি ২০৮ মেগাৱাটৰ বিদ্যুৎ নির্মাণকাৰী সংস্থাটোৰ পৰা পোনপটীয়াকৈ ক্রয় কৰিব৷ আন ৩০০ মেগাৱাট বিদ্যুৎ প্রকল্পটোৰ পৰা কেন্দ্রীয় চৰকাৰে লাভ কৰিবলগীয়া অংশৰ পৰা অসমে ক্রয় কৰিব৷ অর্থাৎ ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পৰা অসমে মুঠ ৫৩৩ মেগাৱাট বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হ’ব যদিও ইয়াৰ ভিতৰত মাত্র ২৫ মেগাৱাট বিদ্যুতহে বিনামূলীয়াকৈ লাভ কৰিব৷ বাকী ৫০৮ মেগাৱাটৰ ক্ষেত্রত দিছপুৰে নির্ধাৰিত পৰিমাণৰ ধনৰাশি আদায় দিব লাগিব৷ ইয়াৰ বিপৰীতে অৰুণাচলে বিনামূলীয়াকৈ লাভ কৰিব ২৬২ মেগাৱাট বিদ্যুৎ৷ আনহাতে, অহা বছৰ ফেব্রুৱাৰী মাহৰ পৰাই নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ দুটা ইউনিটৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্য বাস্তৱ হ’লেও তাৰ নূ্যনতমো লাভ নকৰে অসমে৷ এন এইচ পি চিৰ সূত্রটোৱে এই সন্দর্ভত প্রকাশ কৰা মতে, ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক এশ শতাংশ উৎপাদনক্ষম কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷ ইয়াৰ পূর্বে এটা এটাকৈ ইউনিট কার্যকৰী কৰা হ’ব আৰু তাৰ পৰা উৎপাদিত বিদ্যুৎ পোনপটীয়াকৈ গ্রিডলৈ প্রেৰণ কৰা হ’ব৷ নির্মাণকার্য চলি থকাৰ সময়ত উৎপাদন হ’বলগীয়া দু্যিতক ‘ইনফার্ম পাৱাৰ’ বুলি কোৱা হয়৷ আৰু এই ‘ইনফার্ম পাৱাৰ’ৰ কোনো অংশই অসম কিম্বা অৰুণাচলে লাভ নকৰে৷ ইয়াৰ পৰিৱর্তে গ্রিডলৈ বিদ্যুৎ যোগান ধৰি এন এইচ পি চিয়ে এক বিপুল পৰিমাণৰ মুনাফা অর্জন কৰিব৷ বিশেষকৈ বৃহৎ নদীবান্ধবিৰোধী প্রতিবাদৰ বাবে এটা সময়ত দৈনিক প্রায় ১০ কোটি টকালৈকে লোকচানৰ সন্মুখীন হোৱা এন এইচ পি চিয়ে এই ‘ইনফার্ম পাৱাৰ’ৰ যোগেদি উক্ত লোকচান পূৰণ কৰাৰ চেষ্টা কৰিব বুলি শীর্ষ সূত্রটোত প্রকাশ৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প সম্পূর্ণৰূপে উৎপাদনক্ষম হোৱাৰ পাছত এন এইচ পি চিয়ে দেশৰ মুঠ ১৮খন ৰাজ্যক উক্ত প্রকল্পৰ পৰা বিদ্যুৎ বিক্রী কৰাৰ বাবে ইতিমধ্যে চুক্তিবদ্ধ হৈছে৷ ইয়াৰ ভিতৰত ছিকিমক বাদ দি উত্তৰ–পূর্বাঞ্চলৰ ৭খন ৰাজ্য ক্রমে অসম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্রিপুৰা, অৰুণাচল প্রদেশৰ উপৰি দিল্লী, হৰিয়ানা, পঞ্জাব, ৰাজস্থান, উত্তৰ প্রদেশ, চণ্ডিগড, গুজৰাট, মধ্য প্রদেশ, ছত্তিশগড, মহাৰাষ্ট্র আৰু গোৱাই সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ পৰা বিদ্যুৎ ক্রয় কৰিব পাৰিব৷ লক্ষণীয়ভাৱে প্রবল ভূকম্পপ্রৱণ এলেকাত নির্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পক লৈ অসম, অৰুণাচলত প্রতিবাদৰ জোৱাৰ উঠিছিল যদিও বৃহৎ নদীবান্ধটো এশ শতাংশ সুৰক্ষিত বুলি এন এইচ পি চিৰ শীর্ষ সূত্রটোৱে এই প্রতিবেদকৰ আগত বিজ্ঞানসন্মত বিশ্লেষণেৰে দাবী জনাইছে৷ কেনেদৰে প্রকল্পটোৰ নক্সা (ডিজাইন) প্রস্তুত কৰা হৈছে, কেনেদৰে বিদেশৰ বিশেষজ্ঞ বিজ্ঞানীসকলক প্রকল্পটো বাস্তৱায়িত কৰাৰ ক্ষেত্রত নিয়োজিত কৰা হৈছে, ইয়াৰ সকলো ব্যাখ্যা কৰি শীর্ষ সূত্রটোৰ দাবী– অত্যাধুনিক প্রযুক্তিৰ সহায়ত বান্ধৰ ৰিয়েল টাইম চাপ বহন ক্ষমতাৰ তথ্য লাভ কৰাৰ উপৰি আগতীয়া উমান পোৱাৰ বাবে চেন্সৰৰ ব্যৱস্থা আছে৷ গেৰুকামুখ প্রকল্প ভাৰতৰ আটাইতকৈ সুৰক্ষিত তথা শক্তিশালী নদীবান্ধ বুলি আখ্যা দি শীর্ষ সূত্রটোৱে কয় যে ইয়াৰ পূর্বেও উত্তৰ–পূর্বাঞ্চলত এন এইচ পি চিয়ে জলবিদ্যুৎ প্রকল্প ৰূপায়ণ কৰিছে৷ ১৯৮৩–৮৪ চনত কার্যক্ষম কৰা মণিপুৰৰ ১৫০ মেগাৱাট সম্পন্ন লোকটাক পাৱাৰ ষ্টেচনৰ পার্শ্বৱর্তী এলেকাসমূহৰ উন্নয়নৰ বাবে সংস্থাটোৱে তিনি দশকৰ পাছতো ২০২০–২১ বিত্তীয় বর্ষত চি আৰ এছ পুঁজিৰ পৰা ব্যয় কৰিছে ৪.৭১ কোটি টকা৷ আনকি গেৰুকামুখ প্রকল্পৰ কাম এতিয়াও সম্পন্ন হোৱা নাই যদিও এন এইচ পি চিয়ে ইতিমধ্যে গেৰুকামুখৰ পার্শ্বৱর্তী এলেকাৰ উন্নয়নৰ বাবে চি আৰ এছ শিতানৰ পৰা বিগত বিত্তীয় বর্ষত ৪ কোটি টকা ব্যয় কৰা বুলি শীর্ষ সূত্রটোত প্রকাশ৷

You might also like