এতিয়াৰে পৰা ১০ দিনৰ ভিতৰত বিদেশীক বহিষ্কাৰ কৰিব পাৰিব DC-এ
জিলা আয়ুক্তৰ হাতত প্রচুৰ ক্ষমতা প্রদান কৰাৰ লগতে জিলা আয়ুক্তই ১০ দিনৰ ভিতৰত অনুপ্রৱেশকাৰীক বহিষ্কাৰ কৰিব পাৰিব৷ দিছপুৰ লোকসেৱা ভৱনত বিনেট বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ ৰায়ৰ ওপৰত ভিত্তি কৰি কেবিনেটে অসমত প্রথমবাৰৰ বাবে বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থাক একাষৰীয়া কৰি দ্য ইমিগ্রেণ্টছ (এক্সপালছন ফ্রম আছাম) এক্ট–১৯৫০ ব্যৱহাৰৰ বাবে কেবিনেটে সিদ্ধান্ত লয়৷
ইয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণৰ প্রক্রিয়টো দ্রুত হ’ব আৰু এজন লোকক বিদেশী বুলি চিনাক্ত কৰাৰ পাছত সীমান্ত আৰক্ষীয়ে লৈ আহিলে তেওঁক জিলা আয়ুক্তই ১০ দিনৰ ভিতৰত লোকজন বিদেশী হয় নে নহয় তাৰ সিদ্ধান্ত দিব পাৰিব আৰু তেওঁক প্রত্যক্ষভাৱে বহিষ্কাৰ কৰিব পাৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ১৯৫০ চনত অসমৰ বাবে এই আইনখন প্রস্তুত কৰা হৈছিল৷
এই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ প্রক্রিয়াটো অতি খৰতকীয়া কৰাৰ লক্ষ্য ৰখা হৈছিল৷ আইনখনৰ মূল উদ্দেশ্য আছিল কেন্দ্রীয় চৰকাৰে এজন ব্যক্তিক কর্তৃত্ব দিব৷ যিজনে বিদেশীজনক বহিষ্কৰণৰ নির্দেশ দিব পাৰিব৷ অর্থাৎ এই কর্তৃত্বশীল ব্যক্তিজনে বিদেশীজনক পুশ্ববেক কৰাৰ নির্দেশ দিব পাৰিব৷ কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত জিলা আয়ুক্তসকলক এই কর্তৃত্ব প্রদান কৰিছিল৷ কিন্তু পৰৱর্তী সময়ত আইএমডিটি আইন বাতিলৰ পাছত ৰাজ্যত কংগ্রেছ চৰকাৰৰ কার্যকালত বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ হেতুকে এই আইনখন পিছপৰি থাকিল৷ দৰাচলতে এই আইনখন অসমৰ বাবে প্রস্তুত কৰা বিশেষ আইন আছিল৷
উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ প্রাসংগিকতাক আকৌ এবাৰ সন্মুখলৈ আনিছে৷ মুখ্যমন্ত্রীয়ে কয়– আজিৰ কেবিনেটে এই আইনখন কেনেকৈ কার্যকৰী কৰিব লাগে তাৰ বাবে যি এছ’পিৰ প্রয়োজন, সেই এছ’পিত অনুমোদন জনায়৷ এই এছঅ’পি অনুসৰি জিলা আয়ুক্তক যদি কোনো লোকে আন এজন লোকক বিদেশী বুলি অভিযোগ দিয়ে বা আৰক্ষীয়ে অৱগত কৰে, অন্যান্য উৎসৰ পৰা সংশ্লিষ্ট লোকজন বিদেশী বুলি চিনাক্ত হয়, তেন্তে এই লোকজনক জিলা আয়ুক্তই ১০ দিনৰ সময় দিব নাগৰিকত্বৰ প্রমাণৰ বাবে৷ ১০ দিনৰ ভিতৰত লোকজনে নিজৰ নাগৰিকত্ব প্রমাণৰ বাবে জিলা আয়ুক্তক দাখিল কৰা নথিসমূহ পৰীক্ষা কৰি আয়ুক্তই যদি সন্তুষ্ট নহয়, উক্তদিনাই লোকজনক বহিষ্কৰণৰ নির্দেশ দিব পাৰিব৷
লগে লগে এই লোকজনক নির্দিষ্ট স্থানলৈ নি পুশ্ববেক কৰিবলৈ বিএছএফৰ হাতত গতাই দিয়া হ’ব৷ আনহাতে, লোকজনে নাগৰিকত্ব প্রমাণৰ বাবে দাখিল কৰা নথি–পত্রসমূহ পৰীক্ষা কৰি যদি সিদ্ধান্তত উপনীত হ’ব নোৱাৰে তেন্তে লোকজনৰ নাগৰিকত্বৰ বিষয়টো পৰীক্ষা কৰিবলৈ বিদেশী ন্যায়াধিকৰণলৈ প্রেৰণ কৰিব পাৰিব জিলা আয়ুক্তই৷ একে সময়তে যদি কোনো এজন লোক ভাৰত বা অসমত প্রৱেশ কৰাৰ ১২ ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে তেওঁক জিলা আয়ুক্তই কোনো নাগৰিকত্বৰ প্রমাণৰ নির্দেশ নিদিয়াকৈ বহিষ্কাৰ কৰিব পাৰিব৷
কেবিনেটে এছঅ’পিত অনুমোদন দি এজন বিদেশী লোকক বহিষ্কৰণৰ ক্ষেত্রত ১০ দিনৰ সময়সীমা বান্ধি দিছে৷ জিলা আয়ুক্তই কোনো এজন ব্যক্তিক অনুপ্রৱেশকাৰী হিচাপে চিনাক্ত কৰি তেওঁক উভতি যাবলৈ নির্দেশনা দিয়াৰ পাছত অনুপ্রৱেশকাৰীজনৰ বায়’মেট্রিক আৰু জনগাঁথনিগত তথ্য বিদেশী চিনাক্তকৰণৰ পর্টেলত নথিভুক্ত কৰাৰ বাবে সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নির্দেশনা প্রেৰণ কৰিব৷ আনহাতে, বিদেশী ন্যায়াধিকৰণসমূহৰ্ দ্বাৰা চিনাক্ত কৰা বিদেশী বুলি ঘোষিতসমূহৰ ক্ষেত্রত জিলা আয়ুক্তই বহিষ্কাৰ আদেশ জাৰি কৰিব৷
যিহেতু তেওঁলোকৰ ক্ষেত্রত কোনো চিনাক্তকৰণৰ প্রক্রিয়াৰ প্রয়োজন নাথাকে৷ এই প্রয়োজনীয়তা নথকাৰ কাৰণ হ’ল যে তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ইতিমধ্যে উপলব্ধ সুবিধাসমূহ ব্যৱহাৰ কৰিছে৷ মুখ্যমন্ত্রীয়ে আজি ইয়াকো স্পষ্ট কৰে যে এনআৰচিত কোনো লোকৰ নাম থাকিলেই তেওঁ স্বদেশী হৈ নাযায়৷ এনআৰচিত নাম থকা মানেই ১০০ শতাংশ ভাৰতীয় নাগৰিক নহয়৷ উচ্চতম ন্যায়ালয়ে এইক্ষেত্রত স্পষ্ট কৰি দিছে যে এনআৰচিৰ জৰিয়তে নাগৰিকত্ব প্রমাণিত নহ’ব৷
উল্লেখ্য যে কংগ্রেছৰ কার্যকালত স্থাপন হোৱা বিদেশী ন্যায়াধিকৰণত এতিয়াও ৮২ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে৷ মুখ্যমন্ত্রীয়ে আজি ইয়াকো স্পষ্ট কৰে যে বিগত সময়ছোৱাত বাংলাদেশৰ পৰা অসমত প্রৱেশ কৰিব খোজা ৩০,১২৮জন লোকক পুশ্ববেক কৰা হৈছে৷
Niyomiya Barta Desk, 10 September