নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি পি ৰাধাকৃষ্ণন দেশৰ নতুন উপ–ৰাষ্ট্রপতি, ভোটযুদ্ধত পৰাস্ত বিৰোধী প্রার্থী বি সুদর্শন

দেশৰ নতুন উপ–ৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণন৷ প্রত্যাশিতভাৱেই বিজেপি নেতৃত্বাধীন এনডিএৰ প্রার্থী চি পি ৰাধাকৃষ্ণনে উপ–ৰাষ্ট্রপতি নির্বাচনত বিৰোধী ইণ্ডি জোঁটৰ প্রার্থী বি সুদর্শন ৰেড্ডীক পৰাজিত কৰি দেশৰ পঞ্চদশ সংখ্যক উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচিত হয়৷ ভোটগণনাৰ ফলাফল অনুসৰি এনডিএৰ প্রার্থী ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্রার্থী ৰেড্ডীয়ে ৩০০টা ভোট লাভ কৰে৷ অর্থাৎ ১৫২টা বিশাল ভোটৰ ব্যৱধানত জয়ী হয় এনডিএৰ প্রার্থী ৰাধাকৃষ্ণন৷

উল্লেখ্য যে উপ–ৰাষ্ট্রপতি নির্বাচনৰ ভোটদানৰ পৰা পূর্বে ঘোষণা কৰা অনুসৰি বিআৰএছ আৰু ডিজেডি বিৰত থাকে৷ দুয়োটা দলৰ ১১ ৰাজ্যসভাৰ সাংসদৰ লগতে আন তিনিগৰাকী লোকসভাৰ সাংসদেও ভোটদানৰ পৰা বিৰত থাকে৷ লোকসভাৰ তিনি সাংসদৰ ভিতৰত শিৰোমণি আকালি দলৰ হৰছিমৰাট কৌৰ বাদল, নির্দলীয় সৰৱজিৎ সিং খালচা আৰু অমৃতপাল সিং৷

উপ–ৰাষ্ট্রপতি নির্বাচনত ৰাজ্যসভা আৰু লোকসভাৰ ক্রমে ২৪৫ আৰু ৫৪৩ সাংসদ মুঠ ৭৮৮ সদস্যই ভোটদান কৰাৰ যোগত্যা লাভ কৰে৷ ইয়াৰে ১২ মনোনীত ৰাজ্যসভাৰ সদস্যৰো ভোটদানৰ বাবে যোগ্যতা আছে৷ বর্তমান ৰাজ্যসভাত ৬টা আসন খালী থকাৰ বিপৰীতে লোকসভাত এখন আসন খালী আছে৷ ইয়াকে লৈ ভোটদানত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ৩৯১৷

চলিত দুয়ো সদনত এনডিএৰ সাংসদ ৪২৫ আৰু বিৰোধীৰ ৩২৪৷ কিন্তু ভোটদানত এনডিএৰ প্রার্থী ৰাধাকৃষ্ণনে ৪৫২টা ভোট লাভ কৰাৰ বিপৰীতে বিৰোধীৰ প্রার্থী ৰেড্ডীয়ে ৩০০টা ভোট পায়৷ অর্থাৎ এনডিএৰ ভোটৰ সংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে বিৰোধীৰ ভোট হ্রাস পায়৷ এই কথাই স্পষ্ট কৰি দিয়ে যে উপ–ৰাষ্ট্রপতি নির্বাচনত বিৰোধীৰ মাজত ভাঙোন আহিছে৷ অর্থাৎ ক্রছ ভোটিং হৈছে৷

এনডিএৰ প্রার্থীগৰাকীক সমর্থন জনাইছে বিজেপি, টিডিপি, জেডিইউ, শিৱসেনা, এনচিপি, এজিপি, এলজেপি (ৰামবিলাস), আৰএলডি, জেডিএছ, এআইডিএমকেৰ লগতে জগন মোহন ৰেড্ডীৰ ৱাইএছআৰচিপিয়ে৷ আনপিনে, বিৰোধী প্রার্থীগৰাকীয়ে সমর্থন লাভ কৰিছে কংগ্রেছ, ডিএমকে, এছপি, টিএমচি, জেএমএম, আপ, আৰজেডি, শিৱসেনা ইউবিটি, এনচিপি (এছপি) আৰু বাঁওপন্থী দলসমূহৰ৷

দেশৰ নতুন উপ–ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱা চি পি ৰাধাকৃষ্ণন তামিলনাডুৰ তিৰুপুৰত ১৯৫৭ চনৰ ৪ মে’ত জন্মগ্রহণ কৰিছিল৷ ১৯৭৩ চনত ১৬ বছৰ বয়সতে আৰএছএছৰ সৈতে সম্পর্কিত হোৱা ৰাধাকৃষ্ণনে সংঘৰ পৰাই আদর্শগত কথা শিকি সক্রিয় ৰাজনীতিত পদার্পণ কৰে৷ জনতা পার্টীৰ জৰিয়তে সংসদীয় ৰাজনীতিত প্রৱেশ কৰা ৰাধাকৃষ্ণনে পাছলৈ বিজেপিত যোগদান কৰি তামিলনাডুত দলটোৰ স্থিতি শক্তিশালী কৰি তোলে৷

১৯৯৮ চনত সংসদীয় ৰাজনীতিৰ কেৰিয়াৰ আৰম্ভ কৰা ৰাধাকৃষ্ণনে কৈম্বাটুৰ সমষ্টিৰ পৰা বিজেপিৰ প্রার্থী হিচাপে নির্বাচিত হৈছিল৷ ১৯৯৯ চনতো তেওঁ উক্ত সমষ্টিৰ পৰা জয়ী হৈছিল৷ তামিলনাডুৰ বিজেপিৰ সভাপতি হিচাপে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ কার্যনির্বাহ কৰা ৰাধাকৃষ্ণন পাছলৈ মহাৰাষ্ট্রৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে৷ ইপিনে, পৰাজিত প্রার্থী ইণ্ডি জোঁটৰ বি সুদর্শন ৰেড্ডী উচ্চতম ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ আছিল৷

Niyomiya Barta Desk, 10 September

You might also like