নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ৰাজ্যত ১৫–১৮ বছৰ বয়সৰ লোকক ক’ভিড প্রতিষেধক প্রদান

দুলীয়াজানত শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ  সমগ্র দেশৰ লগতে কাইলৈৰ পৰা ৰাজ্যজুৰি ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকক প্রদান কৰা হ’ব ক’ভিড ভেকচিন৷ ইতিমধ্যে ইয়াৰ বাবে কো–উইন এপৰ জৰিয়তে আৰম্ভ হৈছে পঞ্জীয়ন প্রক্রিয়া৷ ইতিমধ্যে এইক্ষেত্রত প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে স্বাস্থ্য বিভাগে৷ আজি দুলীয়াজানত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকক ভেকচিন প্রদানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইপিনে গুৱাহাটীৰ গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ–কিশোৰীক ভেকচিন প্রদানৰ শুভাৰম্ভণি কৰিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত স্বাস্থ্যমন্ত্রী মহন্তই কয় যে অহা ৯ জানুৱাৰীৰ ভিতৰত যিসকলে ক’ভিড ভেকচিন গ্রহণ কৰিব, সেই লোকসকলে অহা ৯ ফেব্রুৱাৰীৰ ভিতৰত দ্বিতীয় ড’জ গ্রহণ কৰিব লাগিব৷ ২৮ৰ পৰা ৪২ দিনৰ ভিতৰত এই লোকসকলে দ্বিতীয় ড’জ গ্রহণ কৰিব লাগিব৷ ফেব্রুৱাৰীৰ ভিতৰতে ক’ভিডৰ দ্বিতীয় ড’জ প্রদান প্রক্রিয়া সম্পূর্ণ কৰা হ’ব আৰু মার্চত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷

সম্প্রতি স্বাস্থ্য বিভাগৰ হাতত ৯০ লাখ ভেকচিন মজুত আছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘বর্তমান আমাৰ হাতত থকা ক’ভাক্সিনৰ পৰিমাণ হৈছে ১৪ লাখ৷ অহা ৪ জানুৱাৰীৰ ভিতৰত অতিৰিক্ত ৮.১৬ লাখ পালি অসমলৈ অনা হ’ব৷’ ইপিনে ক’ভিডৰ অত্যন্ত সংক্রামক ভেৰিয়েণ্ট অমিক্রনক লৈ স্বাস্থ্য বিভাগৰ প্রস্তুতি সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে এই নতুন ভেৰিয়েণ্টৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আই চি ইউ বিছনাৰ পৰা আৰম্ভ কৰি হাস্পতাললৈকে সকলো সাজু কৰা হৈছে৷ এহাজাৰ আই চি ইউ বিছনাৰ লগতে ২,৫০০ অক্সিজেন বিছনা ইতিমধ্যে সাজু হৈ আছে৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতাল বন্ধ কৰাৰ পাছত ইয়াৰ বিকল্প হিচাপে ধীৰেনপাৰা আৰু পাণ্ডু এফ আৰ ইউত ব্যৱস্থা গ্রহণ কৰা হৈছে৷ এইক্ষেত্রত কোনোধৰণৰ অসুবিধা নহয়৷ উল্লেখ্য যে ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকসকলক ক’ভাক্সিন প্রদান কৰা হ’ব৷ ইতিমধ্যে ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা কো–উইনত পঞ্জীয়নৰ উপৰি ভেকচিন কেন্দ্রসমূহলৈ আহি পঞ্জীয়ন কৰিও কিশোৰ–কিশোৰীসকলে ভেকচিন ল’ব পাৰিব৷ ২০০৭ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূর্বে জন্মগ্রহণ কৰা লোকসকল এই শ্রেণীৰ অধীনত ভেকচিন গ্রহণ কৰিবলৈ যোগ্য বুলি বিবেচনা কৰা হ’ব৷ তেওঁলোকে ভেকচিন কেন্দ্রসমূহত ভেকচিন লোৱাৰ পাছত আধা ঘণ্টাৰ বাবে নিৰীক্ষণ কক্ষত অপেক্ষা কৰিব লাগিব৷ ২৮ দিনৰ পাছত তেওঁলোকে দ্বিতীয় পালি ভেকচিন গ্রহণৰ বাবে উপযুক্ত হিচাপে বিবেচিত হ’ব৷ ৭ দিনৰ ভিতৰত প্রথম পালি ভেকচিন প্রদান প্রক্রিয়া সম্পূর্ণ কৰিবলৈ স্বাস্থ্য বিভাগে পদক্ষেপ গ্রহণ কৰিছে৷

জিলাভিত্তিক যোগ্য হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰিবলৈ নির্দেশ দিছে বিভাগটোৱে৷ ২০ লাখ ছাত্র–ছাত্রীক ভেকচিন প্রদান কৰিবলৈ লক্ষ্য বান্ধি লোৱা হৈছে৷ মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীৰ উপৰি আন মন্ত্রীসকলে কাইলৈ ৰাজ্যৰ ভিন্ন স্থানত ভেকচিন প্রদানৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্রহণ কৰিব৷ ইপিনে এই ভেকচিন প্রদানৰ শুভাৰম্ভ অনুষ্ঠানত দুলীয়াজানত মুখ্যমন্ত্রীৰ সৈতে উপস্থিত থাকিব কৃষিমন্ত্রী অতুল বৰা, ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী বিমল বৰা, শ্রম মন্ত্রী সঞ্জয় কিষাণ৷ তদুপৰি শোণিতপুৰত পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাস, চিৰাঙত হস্ততাঁত আৰু বস্ত্র শিল্পী মন্ত্রী উর্খাও গৌৰাও ব্রহ্ম, হোজাইত বনমন্ত্রী পৰিমল শুক্লবৈদ্য, গোলাঘাটত বিত্তমন্ত্রী অজন্তা নেওগ, নগাঁৱত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, কামৰূপ মহানগৰৰ দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, চৰাইদেউত ৰাজহমন্ত্রী যোগেন মহনে এই ভেকচিন প্রদানৰ শুভাৰম্ভণি কৰিব৷ গুৱাহাটীত ১৫খন বিদ্যালয়ত প্রদান কৰা হ’ব ক’ভিড ভেকচিন৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাৰ কামৰূপ একাডেমী, পাণবজাৰৰ ডনবস্ক’ স্কুল, কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়, টি চি উচ্চতৰ মাধ্যমিক বিদ্যালয়, কালিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়, উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, দিছপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাজিৰঙা ইংলিছ একাডেমী, সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, নাহৰগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, জ্ঞানজ্যোতি হাইস্কুল, সোণাপুৰ কলেজ আৰু নাৰেংগীৰ কেন্দ্রীয় বিদ্যালয়ত প্রদান কৰা হ’ব ১৫ৰ পৰা ১৮ বছৰ বয়সৰ লোকক ভেকচিন৷

You might also like