নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেৰগাঁৱৰ মামৰণি গাঁৱত ক্ষুদ্র ব্যৱসায়ীক মৰিয়াই নৃশংস হত্যা

নিয়মীয়া বাৰ্তা ৩ জানুৱাৰীঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে দলবদ্ধ আক্রমণৰ বর্বৰোচিত ঘটনা৷ নৱবর্ষৰ প্রথম দিনটোৰ নিশাহ দেৰগাঁৱৰ ভিতৰুৱা মামৰণি গাঁৱত সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা৷ দেৰগাঁৱৰ হাঁহচৰা মামৰণি গাঁৱৰ সঞ্জয় দাস (৪০) নামৰ লোকজনক মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে এদল উন্মত্তই৷ পৰিয়ালৰ লোক তথা স্থানীয় একাংশ ৰাহজৰ পৰা প্রাপ্ত তথ্য অনুসৰি নৱবর্ষ উপলক্ষে দিনৰ ভাগত বনভোজ খাবলৈ গৈ সন্ধিয়া নিজ গৃহলৈ উভতি আহে সঞ্জয় দাস৷ পত্নী আৰু মাতৃয়ে জনোৱা অনুসৰি ক্ষুদ্র ব্যৱসায়ী সঞ্জয় দাসে ব্যৱসায়ৰ বাবে কিছু সামগ্রী ক্রয়ৰ বাবে ঘৰৰ পৰা নগদ পাঁচ হাজাৰ টকা আৰু চাহকেলসহ পুনৰ ঘৰৰ পৰা ওলাহ যায় ৷ ঘৰৰ পৰা ওলাহ যোৱাৰ প্রায় ২–৩ ঘণ্টা পাছত তেওঁৰ পুত্রলৈ আহে লেলৌ মামৰণি গাঁৱৰ এটা পৰিয়ালৰ চোতালত সঞ্জয় দাস মুমূর্ষু অৱস্থাত পৰি থকাৰ দুর্ভাগ্যজনক খবৰটো৷ পূর্বৰ কোনো সংঘাতৰ বাবেহ ছয়–সাতজনীয়া যুৱকৰ দলে এহ পাশৱিক ঘটনা সংঘটিত কৰাৰ অভিযোগ উঠিছে৷ অৱশ্যে ঘটনাৰ প্রকৃত কাৰণ এহ মুহূর্তলৈকে জানিব পৰা হোৱা নাহ৷

আৰক্ষীৰ তদন্ততহে প্রকৃত তথ্য পোহৰলৈ আহিব৷ মাথোঁ এমাহ পূর্বে যোৰহাটত সংঘটিত ছাত্র নেতা অনিমেষ ভূঞাৰ নাৰকীয় হত্যাকাণ্ড সদৃশ এহ ঘটনাৰ খবৰ লাভ কৰাৰ পাছত পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ লোকজনক দেৰগাঁৱৰ ৩০খন বিছনাযুক্ত সামূহিক চিকিৎসালয়লৈ নিয়ে যদিও সংকটজনক অৱস্থাত থকা সঞ্জয় দাসক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে৷ তাতে গুৰুতৰভাৱে আঘাতপ্রাপ্ত সঞ্জয় দাসৰ মৃত্যু ঘটে ৷

ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে সমগ্র ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ডক্ত ঘটনাৰ লগত জড়িত দুজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ধৃত যুৱকদ্বয় হ’ল অর্ণৱজ্যোতি বৰা ওৰফে পোহাই আৰু ৰাজীৱ৷ দেওবাৰে দুপৰীয়া সঞ্জয় দাসৰ মৃতদেহ যোৰহাটত মৰণোত্তৰ পৰীক্ষাৰ পাছত দেৰগাঁও আৰক্ষী থানালৈ অনা হয়৷ ইয়াৰ পাছত বাসগৃহলৈ মৃতদেহ নি অগণন শোকস্তব্ধ লোকৰ উপস্থিতিত সৎকাৰ কৰা হয় ৷ দুটি পুত্র সন্তানৰ পিতৃ তথা ক্ষুদ্র ব্যৱসায়ী সঞ্জয় দাসৰ হত্যাকাণ্ডৰ লগত জড়িত প্রতিজন অপৰাধীৰ গ্রেপ্তাৰ আৰু দৃষ্টান্তমূলক শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজ তথা বিভিন্ন দল–সংগঠনে৷

You might also like