নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা বিধানসভাৰ শীতকালীন অধিৱেশনঃ ১২খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ আজিৰে পৰা তিনিদিনীয়া কার্যসূচীৰে আৰম্ভ হ’ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ আজি পুৱা ৯.৩০ বজাত প্রশ্ণোত্তৰকালেৰে সদনৰ কার্যসূচী আৰম্ভ হ’ব৷ তিনিদিনীয়া এই চমু অধিৱেশনত বিটিচিৰ বাহিৰত বসবাস কৰা বড়ো–কছাৰীসকলৰ বাবে স্বায়ত্ত শাসন প্রদান সম্পর্কত এখন নতুন বিধেয়ক উত্থাপন হ’ব৷ সেইদৰে মাদ্রাছা আৰু সংস্কৃত টোল বাতিল কৰাৰ ব্যৱস্থাৱলীৰ সম্পর্কতো আন এখন বিধেয়ক উত্থাপন হ’ব৷ একেদৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, মৰাণ স্বায়ত্তশাসিত পৰিষদ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ বিধেয়কৰো সংশোধনী বিধেয়ক উত্থাপন হ’ব৷ অসম বিধানসভাৰ ভাৰপ্রাপ্ত সচিব অমৰেন্দ্র নাৰায়ণ ডেকাই জানিবলৈ দিয়া মতে, বিধানসভা কর্তৃপক্ষই এতিয়ালৈ ১২খন বিধেয়কৰ জাননী লাভ কৰিছে৷ অৱশ্যে এতিয়ালৈ ১০খন বিধেয়কহে লাভ কৰিছে৷ শীতকালীন অধিৱেশনৰ প্রথম দিনটোতেই আটাইকেইখন বিধেয়ক সদনত উত্থাপন হ’ব৷ অহা ৩০ ডিচেম্বৰত সদনত বিধেয়কসমূহ বিবেচনা আৰু পাৰিতকৰণ হ’ব৷ সেইদৰে কালি প্রথম দিনটোতে ২০২০–২১ চনৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন কৰিব৷

অহা ২৯ ডিচেম্বৰত ২০২০–২১ চনৰ পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত ভোটদান চলিব৷ সেইদিনাই ২০২০ চনৰ অসম বিনিয়োজন বিধেয়কখন উপস্থাপন কৰি বিবেচনা আৰু পাৰিতকৰণ কৰিব৷ ইপিনে, এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে ইছ্যুসমূহ বিৰোধীয়ে কেনেদৰে উত্থাপন কৰে সেয়া লক্ষণীয় হ’ব৷ প্রধান বিৰোধী দল কংগ্রেছৰ শক্তি এইবাৰ সদনত যথেষ্ট হ্রাস পাইছে৷ ২০১৬ চনৰ বিধানসভা নির্বাচনত কংগ্রেছে ২৬খন আসন লাভ কৰিছিল৷ পৰৱর্তী পর্যায়ত বৈঠালাংছ’ৰ বিধায়ক ডাঃ মানছিং ৰংপীয়ে কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে আৰু উপ–নির্বাচনৰ জৰিয়তে বিজেপিৰ পৰা নির্বাচিত হৈ আহে৷ যোৱা লোকসভা নির্বাচনৰ সময়ত জনিয়াৰ বিধায়ক আব্দুল খালেক সাংসদ হিচাপে নির্বাচিত হোৱাৰ পাছত জনিয়াৰ আসনখন এআইইউডিএফৰ দখললৈ যায়৷ সেইদৰে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, বিধানসভাৰ প্রাক্তন অধ্যক্ষ প্রণৱ কুমাৰ গগৈৰ বিয়োগত তিতাবৰ আৰু শিৱসাগৰৰ আসন দুখন খালী হৈ পৰে৷ একেদৰে গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে ইতিমধ্যে বিধায়ক পদ ত্যাগ কৰিছে৷ ফলত বিধানসভাত কংগ্রেছৰ সদস্য সংখ্যা ২১লৈ হ্রাস পালে৷

লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালায়ো ইতিমধ্যে বিজেপিত যোগদান চূড়ান্ত কৰিছে৷ কিন্তু তেওঁ এতিয়ালৈ বিধায়ক পদ ইস্তফা দিয়া নাই বাবেই বিধানসভাৰ মজিয়াত তেওঁ কংগ্রেছৰ বিধায়ক হৈয়ে আছে৷ ইয়াৰ পৰিপ্রেক্ষিততে কোনোমতে দেৱব্রত শইকীয়াৰ বিৰোধী দলপতিৰ মর্যাদা অক্ষুণ্ণ থাকে৷ এই সম্পর্কত আজি সংবাদ মাধ্যমৰ আগত বিধানসভাৰ ভাৰপ্রাপ্ত সচিব অমৰেন্দ্র নাৰায়ণ ডেকাই কয় যে বিৰোধী দলপতিৰ বাবে বিধানসভাৰ মুঠ সদস্য সংখ্যাৰ ৬ ভাগৰ এভাগ লাগে৷ সেই অনুসৰি কংগ্রেছৰ সেই শক্তি এতিয়াও অব্যাহত আছে৷ ইফালে, কাইলৈৰ পৰা চলিবলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনত বিৰোধী কংগ্রেছ আৰু এআইইউডিএফে সদ্যসমাপ্ত বিটিচি নির্বাচনৰ ফলাফলৰ পাছত একক বৃহত্তম দল হিচাপে পৰিগণিত হোৱা বিপিএফ দলক চৰকাৰ গঠনৰ বাবে আহ্বান জনোৱাৰ পৰা বিৰত থাকি গণতন্ত্র ভংগ কৰাৰ বিষয়টো সদনত উত্থাপনৰ পৰিকল্পনা কৰিছে৷ বিৰোধীয়ে এই বিষয়টো উত্থাপনৰ সময়ত দিছপুৰত এতিয়াও ৰাজ্য চৰকাৰৰ সৈতে মিত্রতা অক্ষুণ্ণ থকা বিপিএফ দলৰ ভূমিকা কেনেধৰণৰ হয়, সেয়াও লক্ষণীয় হ’ব৷

You might also like