নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড সংকটৰ সময়ত নতুন সক্ষমতা লাভ কৰিলে দেশে

বছৰৰ অন্তিম ‘মন কী বাত’ত মোদী

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰেডি’যোগে ‘মন কী বাত’ত দেশবাসীক সম্বোধি কয় যে ক’ভিড–১৯ মহামাৰীয়ে নতুন শিক্ষা প্রদান কৰিছে৷ মহামাৰীৰ সংকটৰ সময়ত দেশত নতুন সক্ষমতা গঢ়ি তোলা হৈছে৷ এই সক্ষমতা আত্মনির্ভৰতা বুলি উল্লেখ কৰে মোদীয়ে৷ বর্ষটোৰ অন্তিম মন কী বাতত প্রধানমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বজুৰি যোগান ব্যৱস্থা ব্যাহত হৈছিল৷ কিন্তু প্রতিটো সংকটেই মানুহক নতুন শিক্ষা দিয়ে৷ ইফালে জনতা কার্ফিউক সমগ্র বিশ্বই প্রশংসা কৰা বিষয়টোৰ কথা প্রসংগক্রমে আজি মন কী বাতত মোদীয়ে উল্লেখ কৰে৷ ভাৰতত ক’ৰোনা ভাইৰাছ যোদ্ধাসকলৰ প্রতি দেশবাসীয়ে হাত চাপৰি বজাই একতা প্রদর্শন কৰা বিষয়টোও বর্ষটোৰ শলাগিবলগীয়া ঘটনা আছিল বুলি মোদীয়ে আজি মন্তব্য কৰে৷ মোদীৰ ৭২সংখ্যক এই মন কী বাত আজি বিভিন্ন দিশৰ পৰা গুৰুত্বপূর্ণ আছিল৷ ক’ভিডকালীন সংকটত দেশত প্রস্তুত কৰা বিভিন্ন সামগ্রী তথা যন্ত্রপাতি বিশ্বমানৰ বুলি নিশ্চিত কৰিবলৈ উদ্যোগপতি তথা উৎপাদন ক্ষেত্রত জড়িতসকলক আহ্বান জনাই মোদীয়ে কৈছে যে ‘ভোকেল ফৰ লোকেল’ক সত্য প্রমাণিত কৰিব লাগিব৷ আজিৰ এই দিনটোত গুৰু গোবিন্দ সিং আৰু তেওঁৰ মাতৃ শ্বহীদ হৈছিল৷ মানৱ জাতি তথা ভাৰতক গুৰু গোবিন্দ সিং আৰু তেওঁৰ পৰিয়ালৰ ত্যাগে নতুন শিক্ষা দিয়া বুলিও মোদীয়ে উল্লেখ কৰে৷

প্রসংগক্রমে দেশত নাহৰফুটুকীৰ সংখ্যা ৬০ শতাংশ বৃদ্ধি পোৱা, সিংহৰ সংখ্যা বৃদ্ধি পোৱা, বাঘৰ সংখ্যা উৎসাহজনকভাৱে বৃদ্ধি পোৱা ঘটনাবোৰক বর্ষটোৰ উল্লেখযোগ্য আৰু আশাব্যঞ্জক ঘটনা বুলি আখ্যা দিছে প্রধানমন্ত্রীগৰাকীয়্৷ ইফালে প্রধানমন্ত্রীগৰাকীয়্ মন কী বাতত দেশবাসীক সম্বোধি বর্ষটোত ক’ভিডকালীন সংকটৰ মাজতে বিভিন্ন উৎসাহজনক ঘটনাৰ প্রসংগ উত্থাপন কৰি থকাৰ সময়তে দিল্লী সীমান্তত কৃষি আইন প্রত্যাহাৰৰ দাবীত প্রতিবাদ কৰি থকা হাজাৰ হাজাৰ কৃষকে কাঁহী–বাটি, টিন আদি বজাই বিভিন্ন শ্লোগান দিয়ে৷ সিংঘু আৰু গাজিপুৰ সীমান্তত প্রতিবাদী কৃষকসকলে এনেদৰে কাঁহী–বাটি বজাই শ্লোগান দি সমদলো উলিয়ায়৷ প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি প্রধানমন্ত্রীগৰাকীক্ ক’ৰোনা ভাইৰাছ প্রতিৰোধী লকডাউন জাৰি কৰাৰ পূর্বে দেশবাসীক কাঁহী–বাটি বজাবলৈ জনোৱা আহ্বানক আজি স্মৰণ কৰাই দিয়ে কৃষকসকলে৷ লক্ষণীয়ভাৱে কৃষক নেতা জগজিৎ সিং ডালেৱালাই প্রধানমন্ত্রীৰ মন কী বাতৰ সময়ত দেশৰ কৃষকসকলক এনেদৰে কাঁহী–বাটি বজাবলৈ আহ্বান জনাইছিল৷ কৃষক নেতাগৰাকীয়ে আগন্তুক ২৯ ডিচেম্বৰত চৰকাৰৰ সৈতে ৪০টা কৃষক সংগঠনৰ প্রতিনিধিৰ আলোচনা ব্যর্থ হ’লে পৰৱর্তী দিনৰ পৰা অর্থাৎ ৩০ ডিচেম্বৰৰ পৰা আন্দোলন অধিক তীব্রতৰ কৰি তোলা হ’ব বুলিও হুংকাৰ দিয়ে৷

You might also like