ডিজিটেল ডেস্ক, ১০ ফেব্ৰুৱাৰী : আসন্ন বিধানসভা নির্বাচনক কেন্দ্র কৰি অসমত ৰাজনৈতিক উত্তাপ দিনকদিনে তীব্রতৰ হৈ উঠিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রদেশ কংগ্রেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন কৰা পাকিস্তান লিংক সন্দর্ভত প্রতিক্রিয়া জনাবলৈ গৌৰৱ গগৈয়ে সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদ মেল সম্বোধন কৰে৷ সংবাদ মেলত কংগ্রেছৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে৷
গৌৰৱ গগৈৰ সংবাদ মেল সন্দর্ভত সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক মন্তব্য প্রকাশ কৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ গৌৰৱ গগৈয়ে নিজৰ সন্তানৰ ধর্ম কিয় সলনি কৰিলে বুলি উভতি ধৰে মন্ত্রী পীয়ূষ হাজৰিকাই৷ তেওঁ কয়– তৰুণ গগৈৰ নাতি আজি এজনো হিন্দু নহয়৷ এটা পৰিয়ালত যদি ৪জন সদস্য থাকে, তাৰে এগৰাকী হিন্দু আৰু আন ৩গৰাকী যদি বিদেশী হয়, তেন্তে তেওঁ নিজৰ পৰিয়ালতে সংখ্যালঘু৷ আৰু সেইগৰাকী ব্যক্তিয়েই অসমৰ মুখ্যমন্ত্রী হোৱাৰ দিবাস্বপ্ন দেখে৷ আজি তৰুণ গগৈ জীয়াই থকা হ’লে মনত অত্যন্ত দুখ পালেহেঁতেন৷ এতিয়াও সময় আছে, গৌৰৱ গগৈ আপোনাৰ দলৰ ছোনিয়া গান্ধীয়ে যেনেকৈ ইটালিয়ান নাগৰিকত্ব এৰি ভাৰতীয় নাগৰিকত্ব গ্রহণ কৰিলে, আপুনিও আপোনাৰ পত্নীক যদি সম্ভৱ ভাৰতীয় নাগৰিকত্ব দিয়ক৷ লগতে পাকিস্তান লিংক সন্দর্ভতো বহু প্রশ্ন উত্থাপন কৰে৷