ভাৰতৰে অন্তিম টেষ্টৰ পৰা বাহিৰ অধিনায়ক বেন ষ্ট’কছ
🔹 আঘাতৰ সমস্যাত জুৰুলা ইংলেণ্ড দলত চাৰিটা সালসলনি
নিউজ ডেস্ক, ৩১ জুলাই : ভাৰত–ইংলেণ্ডৰ গুৰুত্বপূর্ণ পঞ্চম টেষ্টত অধিনায়ক বেন ষ্ট’কছ অবিহনে অৱতীর্ণ হ’ব লাগিব ঘৰুৱা দল ইংলেণ্ডে৷ বাউসীৰ পেশীৰ আঘাতৰ বাবে পঞ্চম টেষ্টৰ দলৰ পৰা বাদ পৰিছে অধিনায়ক ষ্ট’কছ৷ নিয়মিত অধিনায়ক ষ্ট’কছৰ সলনি পঞ্চম টেষ্টত ইংলেণ্ডক নেতৃত্ব দিব অলি প’পে৷ এই টেষ্টৰ বাবে ঘৰুৱা দলটোৱে ৪জন খেলুৱৈ সালসলনি কৰিছে৷ চতুর্থ টেষ্টত দীর্ঘসময় বলিং কৰা তাৰকা পেচবলাৰ জোফ্রা আর্চাৰ আৰু ব্রেডন কার্ছেক জিৰণি দিছে৷ তদুপৰি শৃংখলাটোত এতিয়ালৈকে বিশেষ সুফল নোপোৱা স্পিনাৰ লিয়াম ড’ছন’কো দলৰ পৰা আঁতৰত ৰাখিছে৷ মূল একাদশলৈ আমন্ত্রিত হৈছে জেকব বেথেল, গাছ অ’টকিন্ছন, জেমি অ’ভাৰটন আৰু জোছ টংগেক৷
স্মর্তব্য যে চতুর্থখন টেষ্টত শেষৰ দুটা দিন ভাৰতে দমনীয় বেটিং প্রদর্শন কৰি মেচখন ড্র ৰাখিবলৈ সক্ষম হৈছিল৷ দ্বিতীয় ইংনিছৰ প্রথম অভাৰতে দুটাকৈ উইকেট হেৰুওৱাৰ পিছত প্রায় ১৬০ অভাৰত মাত্র আৰু দুটা উইকেটহে হেৰুৱাই ভাৰতে মেচখন ড্র কৰিছিল৷ অধিনায়ক শুভমন গীলৰ উপৰি অলৰাউণ্ডাৰদ্বয় ৰবীন্দ্র জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে দর্শনীয় শতৰান কৰিছিল৷
উল্লেখ্য যে কেৱল অধিনায়কত্বই নহয়, বেটিং–বলিং উভয়তে অত্যন্ত গুৰুত্বপূর্ণ সদস্য বেন ষ্ট’কছৰ অবর্তমানে নিশ্চিতভাৱে ঘৰুৱা দল ইংলেণ্ডক পঞ্চমখন টেষ্টত সমস্যাত পেলাব৷ ছিৰিজটোত তেওঁ ১৭টা উইকেট দখল কৰাৰ উপৰি মানচেষ্টাৰ টেষ্টত শতৰান অর্জন কৰিছিল৷ তৃতীয় আৰু চতুর্থ টেষ্টত তেওঁ আছিল মেন অৱ দ্য মেচ৷ ক্রিকেট কেৰিয়াৰত সময়ে সময়ে আঘাতৰ সমস্যাত জর্জৰিত ষ্টকছে দুবছৰ পূর্বে হেমষ্ট্রিঙৰ আঘাতত দীর্ঘসময় ধৰি ভুগিছিল আৰু চলিত এছেজ শৃংখলাতো তেওঁ অংশ ল’ব পৰা নাছিল৷
উল্লেখ্য যে পাঁচখনীয়া শৃংখলাটোত ইংলেণ্ডে ২–১ত অগ্রগতি লাভ কৰি আছে৷ ভাৰতে অন্তিমখন টেষ্টত জয়লাভ কৰি শৃংখলাটো ড্র কৰাৰ বাবে নিশ্চিতভাৱে আপ্রাণ চেষ্টা চলাব৷