নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ নিবনুৱালৈ আশাৰ বতৰাঃ অক্টোবৰত অনুষ্ঠিত হ’ব সাধাৰণ টেট

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ ৰাজ্যৰ নিবনুৱাসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে শিক্ষা বিভাগে৷ শীঘ্রে বৃহৎসংখ্যক শিক্ষক পদত নিযুক্তিৰ লগতে অহা অক্টোবৰ মাহত বিভাগটোৱে অনুষ্ঠিত কৰিব সাধাৰণ টেট৷ মঙলবাৰে এখন সংবাদ মেলত এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ অসম সর্বশিক্ষা অভিযানৰ কার্যালয়ত এখন পর্যালোচনা বৈঠকৰ অন্তত সম্বোধন কৰা সংবাদ মেলত তেওঁ কয়– ‘ৰাজ্য চৰকাৰে এক লাখ নিযুক্তিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ আমি এই প্রক্রিয়া আৰম্ভ কৰিবলৈ লৈছোঁ৷ প্রাথমিক শিক্ষাখণ্ডত ১০ হাজাৰ খালী পদ আৰু মাধ্যমিক শিক্ষাখণ্ডত ১২,৯২১টা খালী পদ পূৰণৰ বাবে কেবিনেটে অনুমতি দিছে৷ এই নিযুক্তি প্রক্রিয়াৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ ২০২০ চনত ক’ভিডৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিলেও অহা অক্টোবৰত সাধাৰণ টেট অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছোঁ৷ ইয়াৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ হৈছে৷’

ইফালে, ডি এল এড অথবা বি এডৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলেও এই সাধাৰণ টেটত অৱতীর্ণ হ’ব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে শিক্ষকৰ নিযুক্তিৰ বাবে অন্যান্য অর্হতাৰ লগতে ডি এল এড আৰু বি এড ডিগ্রী থকাটো বাধ্যতামূলক৷ ৰাজ্যত ডি এল এড অথবা বি এডৰ চূড়ান্ত বর্ষত অধ্যয়ন কৰি থকা অথবা চূড়ান্ত পৰীক্ষাৰ বাবে এডমিট কার্ড লাভ কৰা শিক্ষার্থীসকলেও সাধাৰণ টেটৰ বাবে আবেদন কৰিব পাৰিব৷

আনহাতে চি টেট উত্তীর্ণ প্রার্থীসকলক ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া সাধাৰণ টেটত অৱতীর্ণ হ’বলৈ আহ্বান জনাই শিক্ষামন্ত্রীগৰাকীয়ে কয়– ৰাজ্য চৰকাৰৰ অধীনত থকা শিক্ষানুষ্ঠানসমূহত শিক্ষক নিযুক্তিৰ ক্ষেত্রত সঠিক নিয়োগ কর্তৃপক্ষ হৈছে অসম চৰকাৰ৷ সেয়েহে সকলোৰে বাবে আগন্তুক টেট মুকলি থাকিব৷ চি টেট উত্তীর্ণ প্রার্থীসকলো ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেটত অৱতীর্ণ হওক৷’

আনহাতে বর্তমান চৰকাৰখনে অহা ২০ আগষ্টত সম্পূর্ণ কৰিব এশটা দিন৷ এই উপলক্ষে সেইদিনা শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মুঠ ৫৪৭গৰাকী শিক্ষক আৰু চতুর্থবর্গৰ কর্মচাৰীক নিযুক্তি পত্র বিতৰণ কৰা হ’ব বুলি সদৰী কৰি তেওঁ কয়– ‘অহা ২০ আগষ্টত আমাৰ চৰকাৰে এশ দিন সম্পূর্ণ কৰিব৷ সেইদিনাই ১ লাখ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হ’ব৷ ইয়াৰ অংশ হিচাপে উচ্চ শিক্ষাৰ অধীনত ১১৩গৰাকী সহঃ অধ্যাপকৰ নিযুক্তি পত্র বিতৰণ কৰাৰ লগতে ৪২৭গৰাকী শিক্ষক আৰু চতুর্থ শ্রেণীৰ অনুকম্পামূলক নিযুক্তি প্রদান কৰা হ’ব৷’

ইফালে, শেহতীয়াকৈ বিকল্প মূল্যায়নেৰে মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ ফলাফল ঘোষণা কৰাৰ পিছত আগন্তুক সময়ত নামভর্তিক লৈ শিক্ষার্থীৰ মাজত সমস্যাৰ সৃষ্টি হ’ব নেকি বুলি এক চর্চা চলি আহিছে৷ এই প্রসংগতো মঙলবাৰে প্রতিক্রিয়া প্রকাশ কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ উচ্চ শিক্ষাত আসন বৃদ্ধি সন্দর্ভত শিক্ষামন্ত্রীগৰাকীয়ে কয়– ‘শেহতীয়াকৈ পর্যালোচনাৰ অন্তত এই কথা পোহৰলৈ আহিছে যে একাদশ শ্রেণীত প্রায় ৫৭ হাজাৰ আসনৰ নাটনিৰ আশংকা আছে৷ এই নাটনি দূৰ কৰাৰ বাবে আমি কেইবাটাও পদক্ষেপ গ্রহণ কৰিছোঁ৷ বিশেষকৈ উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ ব্যক্তিগত বিদ্যালয়সমূহত ক্ষিপ্রতাৰে একাদশ শ্রেণীৰ অনুমতি প্রদান কৰা হৈছে৷ সেইদৰে ৰাজ্যৰ একাংশ উচ্চ মাধ্যমিকক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৫ কিলোমিটাৰ ব্যাসার্ধৰ ভিতৰত যদি কোনো উচ্চতৰ মাধ্যমিক বিদ্যালয় নাথাকে, তেনে বিদ্যালয়ক অগ্রাধিকাৰ ভিত্তিত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব৷ অৱশ্যে এইক্ষেত্রত দুটা চর্ত বান্ধি দিয়া হৈছে৷ উন্নীত কৰিবলগীয়া বিদ্যালয়সমূহত নতুন শ্রেণীৰ বাবে শ্রেণীকোঠা থাকিব লাগিব৷ তদুপৰি কোনো স্নাতকোত্তৰ ডিগ্রীধাৰী শিক্ষক যদি স্নাতক শিক্ষক হিচাপে উচ্চ মাধ্যমিক বিদ্যালয়খনত কর্মৰত হৈ আছে তেনেহ’লে সেই বিদ্যালয়খনক উন্নীত কৰাত প্রাধান্য দিয়া হ’ব৷’

মহাবিদ্যালয়সমূহত্ ২৫ শতাংশ আসন বৃদ্ধি প্রসংগত তেওঁ কয় যে আন্তঃগাঁথনি হিচাপত মহাবিদ্যালয়সমূহে আসন বৃদ্ধি কৰিব৷ আসন বৃদ্ধিৰ ক্ষেত্রত তেওঁলোকৰ আন্তঃগাঁথনিৰ সমস্যা থাকিলে সেয়া চৰকাৰৰ ফালৰ পৰা সমাধানৰ ব্যৱস্থা কৰা হ’ব৷ অতিৰিক্তভাৱে বৃদ্ধি কৰা ২৫ শতাংশ আসনত ছেবা অথবা কাউন্সিলৰ শিক্ষার্থীক অগ্রাধিকাৰ দিবলৈ চৰকাৰে নির্দেশ দিছে৷ চি বি এছ ই অথবা ছেবা অথবা কাউন্সিল হিচাপে বিশেষ ধৰণৰ পার্থক্য ৰখা নহ’ব৷ গ্রামাঞ্চলৰ উচ্চতৰ মাধ্যমিক অথবা মহাবিদ্যালয়সমূহত্ ২৫ শতাংশ আসন কাউন্সিলৰ শিক্ষার্থীৰ বাবে সংৰক্ষিত কৰিব লাগিব৷ চহৰাঞ্চলৰ বিদ্যালয়সমূহৰ ক্ষেত্রত এনেধৰণে আসন সংৰক্ষণৰ কোনো ব্যৱস্থা নাথাকিব৷

আনহাতে ৰাজ্য শিক্ষানুষ্ঠানসমূহত পুনৰ পাঠদান আৰম্ভ হোৱা প্রসংগত শিক্ষামন্ত্রীগৰাকীয়ে সংবাদ মেলত কয়– ‘ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ বিষয়টো বিবেচনা কৰি আছে৷ এইক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ শিক্ষানুষ্ঠানসমূহ খোলাৰ ক্ষেত্রত প্রস্তুত কৰা ৰূপৰেখা অনুসৰি অহা ১ ছেপ্ঢেম্বৰৰ পৰা দশম শ্রেণী আৰু ইয়াৰ ওপৰিঞ্চি সকলো বর্ষৰ পাঠ্যক্রমৰ চূড়ান্ত শাখাৰ পাঠদান আৰম্ভ কৰা হ’ব৷ একাদশ–দ্বাদশ, স্নাতকৰ চূড়ান্ত বর্ষ, কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰা হ’ব৷ ইয়াৰ বাবে শিক্ষা বিভাগে এখন নতুন এছ’পি প্রস্তুত কৰিছে৷ এই নতুন এছ’পি কেবিনেটে অনুমতি দিয়াৰ পিছতহে বলৱৎ কৰা হ’ব৷ ৰাজ্যত ক’ভিড পৰিস্থিতি ক্রমাৎ উন্নত হৈছে৷ চূড়ান্ত বর্ষৰ পাঠ্যক্রমসমূহৰ পাঠদান আৰম্ভ হোৱাৰ লগে লগে বহু তথ্য আমি গম পাম আৰু ইয়াৰ ভিত্তিত পৰৱর্তী শ্রেণীসমূহৰ পাঠদান আৰম্ভ কৰাৰ ক্ষেত্রত সিদ্ধান্ত বিবেচনা কৰা হ’ব৷

You might also like