নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত তালিবানঃ আই পি এলত অংশ ল’ব ৰছিদ খান, মহম্মদ নবীয়ে

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ আফগানিস্তানৰ শাসনভাৰ তালিবানৰ হাতলৈ যোৱাত দেশখনৰ আগশাৰীৰ ক্রিকেটাৰসকলৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে যদিও আগন্তুক আই পি এলত দেখিবলৈ পোৱা যাব ৰছিদ খান আৰু মহম্মদ নবীক৷

আফগানিস্তানৰ তাৰকা ক্রিকেটাৰ দুগৰাকীয়ে অহা ১৯ ছেপ্ঢেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’বলগীয়া আই পি এলৰ দ্বিতীয় লেগত অংশ ল’ব বুলি ছানৰাইজার্ছ হায়দৰাবাদে প্রকাশ কৰিছে৷ দলটোৰ চি ই অ’ কে শ্বানমুগামে সংবাদ মাধ্যমৰ আগত কয় যে ৰছিদ আৰু নবী সম্প্রতি ইংলেণ্ডত আছে৷ তেওঁলোকে ‘দ্য হাণ্ড্রেড’ লীগত অংশ লোৱাৰ পিছতে পোনে পোনে ইউ এ ইলৈ উৰা মাৰিব৷

ইফালে বি চি চি আয়ে আফগানিস্তানৰ ৰাজনৈতিক অস্থিৰতাৰ ওপৰত চোকা নজৰ ৰাখিছে আৰু ৰছিদ খান, মহম্মদ নবীৰ ভৱিষ্যৎ সন্দর্ভত আফগানিস্তান ক্রিকেট ব’ডৰ সৈতে আলোচনা কৰিছে৷

মন কৰিবলগীয়া যে আফগানিস্তানৰ তিনিগৰাকী তাৰকা ক্রিকেটাৰ ক্রমে ৰছিদ খান, মহম্মদ নবী আৰু মুজিব জাড্রান হ’ল আই পি এলৰ নিয়মীয়া খেলুৱৈ৷ তিনিগৰাকী ক্রিকেটাৰে আফগানিস্তানৰ ৰাজনৈতিক অস্থিৰতা দূৰ কৰাৰ ক্ষেত্রত হস্তক্ষেপ গ্রহণ কৰিবলৈ বিশ্ব নেতৃত্বক আহ্বান জনাইছে৷

You might also like