নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GI Tag-প্রাপ্ত জহা চাউল ব্রিটেইন-ইটালীলৈ ৰপ্তানি

ভাৰতৰ পৰা কৃষি সামগ্রী ৰপ্তানিৰ ক্ষেত্রত ধাৰাবাহিকতা ৰক্ষা কৰি ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ বিভাগৰ অন্তর্গত এগ্রিকালচাৰেল এণ্ড প্রচেছড ফুড প্রডাক্টছ এক্সপার্ট ডেভেলপমেণ্ট অথৰিটী, চমুকৈ এপিডাই প্রথম পর্যায়ত ২৫ মেট্রিকটন জহা চাউল বিদেশলৈ ৰপ্তানি কৰে৷ জিআইটেগপ্রাপ্ত এই জহা চাউলখিনি ব্রিটেইন আৰু ইটালীলৈ ৰপ্তানি কৰা হৈছে৷

কৃষিমন্ত্রী অতুল বৰাই খানাপাৰাস্থিত কৃষি ভৱনৰ পৰা জহা চাউল প্রেৰণৰ চালানখন ফ্রেগ অফ কৰে৷ জিআইটেগপ্রাপ্ত এই জহা চাউল ৰপ্তানিৰ ক্ষেত্রত অসম চৰকাৰৰ কৃষি বিভাগেও বিশেষ সহযোগিতা আগবঢ়াইছে৷

উল্লেখ কৰিব পাৰি যে ২০১৭ চনত অসমৰ উৎপাদিত থলুৱা সোৱাদযুক্ত আৰু সুগন্ধিযুক্ত জহা চাউলে জিআইটেগ লাভ কৰিছিল৷ পৰম্পৰাগত আৰু স্বাস্থ্যৰ বাবে বিশেষ উপযোগী এই জহা টাউলে অতিসম্প্রতি দেশৰ লগতে বিদেশতো বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ লগে লগে জহা চাউলৰ বজাৰে বিশ্ব বাণিজ্যত অধিক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে৷

কৃষি বিভাগৰ তথ্য অনুসৰি ৰাজ্যত জহা চাউলৰ খেতি ২০২৪–২৫ বর্ষত প্রায় ২১,৬৬২ হেক্টৰত কৰা হৈছিল৷ উল্লিখিত বর্ষত ইয়াৰ উৎপাদনৰ পৰিমাণ আছিল ৪৩,২৯৮ মেট্রিকটন৷ এই খেতি ৰাজ্যৰ নগাঁও, বাক্সা, গোৱালপাৰা, শিৱসাগৰ, মাজুলী, চিৰাং আৰু গোলাঘাটত কৰা হৈছিল৷ জহা চাউলৰ এই অধিক উৎপাদনশীলতাই শস্যবিধৰ ৰপ্তানি বৃদ্ধি কৰাৰ সম্ভাৱনা প্রকট কৰিছে আৰু অসমৰ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ সক্ষম হৈছে৷

এপিডাই ইতিপর্বে এক মেট্রিকটন জিআইটেগপ্রাপ্ত জহা চাউল ভিয়েটনামলৈ আৰু ইয়াৰ সমান্তৰালকৈ দুই মেট্রিকটন মধ্যপ্রাচ্যৰ কুৱেইট, বাহৰেইন, কাটাৰ, ওমান আৰু ছৌদি আৰব– এই পাঁচখন দেশলৈ ৰপ্তানি কৰিছিল৷ এতিয়া ব্রিটেইন আৰু ইটালীলৈ প্রথম চালানযোগে ২৫ মেট্রিকটন জহা চাউল ৰপ্তানিয়ে ৰাজ্যত জহা চাউলৰ আন্তঃৰাষ্ট্রীয় বজাৰত গুণগত মানৰ বিশিষ্টতা প্রমাণ কৰে৷

উল্লেখ্য যে মূলতঃ চাউল আৰু মছলাৰ ৰপ্তানিৰ কামত নিয়োজিত এপিডাৰ পঞ্জীয়নযুক্ত ৰপ্তানিকাৰক মেচার্ছ ছেফ এগ্রিট্রেড প্রাইভেট লিমিটেড, কলকতাই ব্রিটেইন আৰু ইটালীলৈ জিআইটেগপ্রাপ্ত জহা চাউল ৰপ্তানি কৰিছে৷ এই জহা চাউলসমূহ গুৱাহাটীৰ প্রতীক এগ্র’ ফুড প্রচেছিঙত পেকেজিং কৰা হৈছে বুলি কৃষি বিভাগৰ সূত্রই সদৰী কৰিছে৷

ডিজিটেল ডেস্ক, ১৩ মার্চ

You might also like