গহপুৰত গেৰুকামুখলৈ যন্ত্রাংশ কঢ়িওৱা ১১ ট্রাক জব্দ কৰিলে আছু কর্মীয়ে
নিয়মীয়া বাৰ্তা ৪ নৱেম্বৰঃ গেৰুকামুখত নির্মাণৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পলৈ গোপনে যন্ত্রাংশ কঢ়িয়াই নিয়া ১১খন ট্ৰাক মঙলবাৰে গহপুৰ ছাত্র সন্থাই জব্দ কৰি ৰাখে৷ বৃহৎ নদীবান্ধৰ নির্মাণ বন্ধ কৰাৰ দাবীৰে আছুকে ধৰি বিভিন্ন দল–সংগঠনে কৰি থকা প্রতিবাদৰ পিছতো কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কোনো গুৰুত্ব নিদি বান্ধ নির্মাণৰ বাবে তৎপৰ হৈ পৰিছে৷ আনহাতে উক্ত বান্ধলৈ গোপনে যন্ত্রাংশ কঢ়িয়াই নি থকাৰ সময়ছোৱাত গহপুৰ আছুৱে বিভিন্ন যন্ত্রাংশ কঢ়িওৱা বাহনসমূহ জব্দ কৰি তীব্র প্রতিবাদ কৰি আহিছে৷ মঙলবাৰে গেৰুকামুখৰ জলবিদ্যুৎ প্রকল্পলৈ এনেদৰে বিভিন্ন যন্ত্রপাতি কঢ়িয়াই অনা ১১খনকৈ ট্রাক গহপুৰ মহকুমা ছাত্র সন্থাৰ নেতৃত্বত গহপুৰ ভোলাগুৰিত ১৫নং ৰাষ্ট্রীয় ঘাইপথত আবদ্ধ কৰে৷ আজি দিনৰ ১১ বজাত গহপুৰৰ মহকুমা আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ আৰু আছাৰ সদস্যসকলে ভোলাগুৰিত গাডীকেইখন আবদ্ধ কৰি বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ ইয়াৰ পিছতে ঘটনাস্থলীত গহপুৰ আৰক্ষী উপস্থিত হৈ ট্রাককেইখন মুকলি কৰিবলৈ কোৱাৰ পিছতো অৱৰোধ উঠাই নোলোৱাত আৰক্ষীয়ে ৭গৰাকীকৈ প্রতিৰোধকাৰীক আটক কৰি গহপুৰ থানালৈ লৈ আহে৷ আৰক্ষীয়ে আটক কৰা গহপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দিব্যজ্যোতি ভূঞা, সম্পাদক প্রণৱ বৰা, মহকুমা আছুৰ সম্পাদক দীপক বৰাৰ লগতে ৰুণজুন ভট্টাচার্য, এ জে ৱাই চি পিৰ বিষ্ণু সন্দিকৈ,অৰুণাভ হাজৰিকা আৰু আছাৰ গোপাল নাগক বিয়লি মুকলি কৰি দিয়ে৷বর্তমানলৈকে যন্ত্রাংশ কঢ়িয়াই অনা গাডীকেইখন গহপুৰতে আছে৷