নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাস্তৱ হোৱাৰ দিশে ব্রহ্মপুত্রৰ বক্ষ ভেদি গহপুৰ–নুমলীগড় সংযোগী সুৰংগ

ডিজিটেল ডেস্ক, ১৫ ফেব্রুৱাৰী : ৰাজ্যৰ যোগাযোগ ব্যৱস্থাত আন এক যুগান্তকাৰী পদক্ষেপৰ সংযোজন৷ বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে ব্রহ্মপুত্রৰ বক্ষ ভেদি নির্মাণ কৰিবলগীয়া টু–ইন–টিউব সুৰংগ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্রমা সম্পর্কীয় কেবিনেট কমিটীয়ে গহপুৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা নুমলীগড়ৰ ৭১৫নং ৰাষ্ট্রীয় ঘাইপথলৈ ব্রহ্মপুত্রৰ তলেৰে ১৫.৭৯ কিলোমিটাৰ পথ তথা ৰে’ল সুৰংগসহ ৪ লেনৰ প্রৱেশ নিয়ন্ত্রিত গ্রীনফিল্ড যোগাযোগ ব্যৱস্থাৰ নির্মাণত অনুমোদন জনায়৷ অভিযান্ত্রিক ক্রয় নির্মাণ (ইপিচি) নির্মাণ মোডত মুঠ ১৮,৬৬২ কোটি টকা ব্যয়েৰে অভিলাষী প্রকল্পটো ৰূপায়ণ কৰা হ’ব৷

উল্লেখ্য যে বর্তমান নুমলীগড়ৰ ৭১৫নং ৰাষ্ট্রীয় ঘাইপথ আৰু গহপুৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ মাজৰ দূৰত্ব ২৪০ কিলোমিটাৰ৷ শিলঘাটৰ ওচৰত ৫২নং ৰাষ্ট্রীয় ঘাইপথৰ বর্তমানৰ কলীয়াভোমোৰা ৰোড ব্রিজেৰে নুমলীগড়ৰ পৰা কাজিৰঙা ৰাষ্ট্রীয় উদ্যান হৈ বিশ্বনাথ চহৰ পাবলৈ ৬ ঘণ্টা সময় লাগে৷ এই প্রত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্রকল্পটোক গহপুৰৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা নুমলীগড়লৈ ব্রহ্মপুত্র নদীৰ তলেদি ৪ লেনৰ প্রৱেশ নিয়ন্ত্রিত গ্রীনফিল্ড যোগাযোগ ব্যৱস্থা হিচাপে তথা পথ আৰু ৰে’ল সুৰংগৰ সৈতে বিকশিত কৰাৰ প্রস্তাৱ জনোৱা হৈছে৷ মুঠ ৩৩.৭ কিলোমিটাৰ দৈর্ঘ্যৰ প্রকল্পটো ভাৰতৰ প্রথম আণ্ডাৰৱাটাৰ ৰোড তথা ৰে’ল টানেল আৰু বিশ্বৰ দ্বিতীয়টো হ’ব৷

এই প্রকল্পই অসম, অৰুণাচল প্রদেশ, নাগালেণ্ড আৰু উত্তৰ–পূর্বাঞ্চলৰ বাকী ৰাজ্যকেইখনক যথেষ্ট উপকৃত কৰিব৷ ইয়াৰ ফলশ্রুতিত মালবাহী পৰিবহণৰ ফলপ্রসূতা বৃদ্ধি, লজিষ্টিক ব্যয় হ্রাস পাব আৰু অঞ্চলটোৰ আর্থ–সামাজিক বিকাশৰ সূচনা হ’ব৷

প্রকল্পটোৱে প্রায় ৮০ লাখ ব্যক্তি–দিনৰ প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগো সৃষ্টি কৰিব৷ ইয়াৰ জৰিয়তে আশে–পাশে থকা অঞ্চলসমূহত বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব৷

You might also like