নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ চাহ জনগোষ্ঠীয় নেতা কমল হ’ৰৰ অকাল বিয়োগ

নিয়মীয়া বাৰ্তা, ২০ জুলাই : গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত চন্দামাৰী নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা ৰাজনৈতিক নেতা কমল হ’ৰ (৫৫)ৰ যোৱানিশা পৰলোকপ্ৰাপ্তি ঘটে। উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
যোৱা ১৮ জুলাইৰ নিশা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা কমল হ’ৰৰ যোৱানিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে পৰিচিত কমল হ’ৰ মিছামাৰী গাঁও পঞ্চায়তৰ চাৰি নং বুথৰ বুথ সভাপতিৰ দায়িত্বত আছিল। গহপুৰ মহকুমা টি ৱেলফেয়াৰ বোৰ্ডৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কমল হ’ৰই। জীৱনৰ সুদীৰ্ঘ কাল আদিবাসী আৰু চাহ জনগোষ্ঠীয় লোকৰ প্ৰাপ্য অধিকাৰৰ হকে মাত মাতি আহিছিল কমল হ’ৰই।
তেওঁৰ অকাল বিয়োগত গহপুৰত গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী কন্যা সন্তানৰ লগতে বহু আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে।
প্ৰেৰক নিৰোদ কাথ হাজৰিকা
You might also like