নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৫০ লাখ টকাৰ ড্রাগ্ছসহ ধৃত পাঁচ

আৰক্ষীৰ ড্রাগ্ছবিৰোধী অভিযান

নিয়মীয়া বাৰ্তা ১৪ জুনঃ ৰাজ্যত ড্রাগ্ছ–জেহাদৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশৰ পাছতে অসম আৰক্ষীয়ে ড্রাগ্ছৰ ঘাটি উৎখাতৰ বাবে সদলবলে নামি পৰিছে৷ অসম আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত ৰাজ্যৰ ভিন্ন স্থানৰ পৰা প্রতিদিনে ড্রাগ্ছসহ গ্রেপ্তাৰ হৈছে বহু সৰবৰাহকাৰী৷ মহানগৰ আৰক্ষী আৰু অপৰাধ শাখায়ো গুৱাহাটীৰ ভিন্ন স্থানত অভিযান চলাই ৩০০ গ্রাম হেৰ’ইনসহ বহুকেইটা সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ জব্দ হোৱা ড্রাগ্ছখিনিৰ মূল্য প্রায় ৫০ লাখ টকা৷ কালি নিশা মহানগৰীৰ গীতানগৰ, পাণবজাৰ চানমাৰি থানাৰ আৰক্ষীয়ে পৃথকে পৃথকে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ ৫ ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷

মহানগৰ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত কালি নিশা গীতানগৰ থানাৰ অন্তর্গত ৰূপালী পথত অভিযান চলাই ব্রাউন ছুগাৰসহ মৃগেন বংজাং (২৫) আৰু ভার্গৱ গিৰি (২৪) নামৰ দুই ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দুই ড্রাগ্ছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে বাইহাটা চাৰিআলি আৰু মঙলদৈত অভিযান চলাই খলিলুৰ ৰহমান (৩২), আছিক আলী (১৮) আৰু মতিউৰ ৰহমান (২৪)ক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইটাৰ্ পৰা অভিযানকাৰী দলটোৱে নগদ চাৰি লাখ টকা, এ এছ–০১ বি ৱাই–৫৪৮৫ নম্বৰৰ এখন আই–২০ বাহন জব্দ কৰে৷

মহানগৰ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি মণিপুৰৰ পৰা গুৱাহাটীলৈ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৱে দীর্ঘদিন ধৰি ড্রাগ্ছৰ সৰবৰাহ কৰি আহিছে৷ আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ সৰবৰাহকাৰীৰ ট্রেনজিট পইণ্টত পৰিণত হোৱা গুৱাহাটী মহানগৰীত বাহৰ পাতি এই চক্রটোৱে নিষিদ্ধ ড্রাগ্ছৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ মহানগৰ আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰীকেইটাই ড্রাগ্ছৰ ক’লা সাম্রাজ্যখনৰ বহু ন ন তথ্য প্রকাশ কৰিছে৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে এই তথ্য প্রকাশ কৰা নাই যদিও ধৃত সৰবৰাহকাৰীকেইটা পূর্বতেও আৰক্ষীৰ জালত পৰিছিল বুলি জানিবলৈ দিছে৷ ইফালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটযোগে প্রকাশ কৰা মতে, অসম আৰক্ষীয়ে আজিৰ দিনটোত ৩টা বৃহৎ অভিযানৰ নেতৃত্ব দি ১০জন অভিযুক্তক গ্রেপ্তাৰ কৰিছে৷ হাইলাকান্দিত ৫৫৫ গ্রাম হেৰ’ইন জব্দ কৰাৰ বিপৰীতে কামাখ্যা ষ্টেচনত ২০০ গ্রাম মৰফিন আৰু গুৱাহাটীত ৩০০ গ্রাম জব্দ কৰিছে৷ অভিযানৰ সময়ছোৱাত আৰক্ষীয়ে এখন আই–২০ বাহন আৰু নগদ ৪ লাখ টকাও জব্দ কৰে৷ কামাখ্যাত মিণ্টু বণিক নামৰ এজন সৰবৰাহকাৰীও আৰক্ষীৰ জালত পৰে৷

You might also like