নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংগীত জগতত খলকনি নলবাৰীৰ বেণ্ড অৱ থ্ৰীৰ

অসমৰ লোকবাদ্যক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ প্ৰয়াস

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : অসমীয়া-হিন্দী গীতৰ সংমিশ্ৰণেৰে বৰ্তমান তিনি নলবাৰীৰ যুৱক ক্ৰমে পাৰ্থ প্ৰতিম, পৰাগ কলিতা আৰু চন্দন শৰ্মাই সংগীত জগতত এক খলকনিৰ সৃষ্টি কৰিছে। ‘বেণ্ড অৱ থ্ৰী’ নামেৰে সংগীত জগতখনত জনপ্ৰিয় হৈ পৰা তিনিওগৰাকী শিল্পীৰ ব্যতিক্ৰমী সংগীতে ইতিমধ্যে ছ’চিয়েল মিডিয়াতো বহুল চৰ্চা লাভ কৰি আহিছে। দীৰ্ঘসময় ধৰি সংগীত জগতখনত তেওঁলোকে জড়িত থাকি নতুন চিন্তা আৰু পৰিকল্পনাৰে সংগীতত নতুন সংযোজন ঘটোৱাৰ পদক্ষেপ গ্ৰহণ কৰিছে। পুৰণি বহু হিন্দী গীতত অসমীয়া লোক বাদ্যসমুহৰ সমাহাৰ ঘটাই এক নতুন সোৱাদ দিবলৈ চেষ্টা কৰিছে। অসমৰ বাহিৰতো ঢোলৰ ব্যৱহাৰ কৰি সংগীতত আদৰ লভিছে । তেঁওলোকে অসমীয়া গীত সমুহৰ স’তে পুৰণি হিন্দী গীত সমুহ সংমিশ্ৰণ ঘটাই অসমীয়া লোকবাদ্যৰ সমাহাৰেৰে সংগীত জগতখনত এক নতুন ৰূপ দিছে। হিন্দী গীতৰ বহু কালজয়ী গীত সমুহ বেণ্ড অৱ থ্ৰীয়ে অসমীয়া গীত আৰু লোক বাদ্যৰে এক নতুন প্ৰচেষ্টাৰে নতুন ৰূপত ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। অসমীয়া লোক বাদ্য সমুহত কিছু নতুনত্বৰ সংযোজন ঘটাই বাদ্যসমুহ বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাই শিল্পীকেইগৰাকীৰ মূল লক্ষ্য বুলি জানিবলৈ দিছে ।

প্ৰেৰক আব্দুল কাদেৰ আহমেদ

You might also like