নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত শিশু–শিক্ষার্থীৰ দেহত এইচআইভি

২০০৩–২০২০ৰ সময়ছোৱাত এইডছত আক্রান্ত ৫০১জন, ৩১ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ  ১ ডিচেম্বৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি আহিছে সমগ্র বিশ্ববাসীয়ে৷ এইডছ আই ভি ৰোগত আক্রান্ত লোকক মানসিকভাৱে সবল আৰু জনসাধাৰণৰ মাজত এইডছৰ ভয়াৱহতাৰ সম্পর্কে সজাগতা সৃষ্টি কৰা এই দিৱসৰ অন্যতম লক্ষ্য৷ অসুৰক্ষিত যৌন সম্পর্কৰ দ্বাৰা এই ৰোগত আক্রান্ত সংখ্যা বৃদ্ধি পাই আহিছে যদিও বিভিন্ন এনজি’ অথবা চৰকাৰী বিভাগে ভিন্ন কৌশলেৰে সজাগতা সৃষ্টি কৰি আহিছে৷ বিগত বছৰসমূহত অসমত এই ৰোগৰ আক্রান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত দেশৰ স্বাস্থ্য বিভাগে বিভিন্ন কার্যপন্থা হাতত লৈছিল যদিও এই ৰোগ নির্মূল কৰিবলৈ সমর্থ হোৱা নাই৷

অসমৰ কামৰূপ জিলাৰ পাছতে গোলাঘাট জিলাত সর্বাধিক এইচআইভি আৰু এইডছ ৰোগত আক্রান্তৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰে৷ ২০২০ বর্ষৰ অধিক কাল লকডাউন হোৱাৰ ফলশ্রুতিত এইবছৰ এই ৰোগত আক্রান্তৰ সংখ্যা যথেষ্ট হ্রাস পোৱা পৰিলক্ষিত হৈছে৷ নৈশ সান্ধ্য আইনৰ বাবেও বহুখিনি শুভ সংবাদ কঢ়িয়াই আনিলে গোলাঘাট জিলাৰ প্রতি৷ অসুৰক্ষিত যৌন সম্পর্কৰ ফলতে ৯০শতাংশ লোক এই মাৰাত্মক ৰোগত আক্রান্ত হোৱা বুলি তথ্য লাভ কৰা হৈছে৷ আমাৰ হাতত লাভ কৰা তথ্য অনুসৰি, ২০০৩ চনৰ পৰা ২০২০ চনৰ আজিলৈকে গোলাঘাট জিলাখনত প্রায় ১.৫০ লাখ পৰীক্ষা কৰাৰ পিছত ৫০১জন লোকৰ দেহত এইচ আই ভি ৰোগৰ অৱস্থিতি লাভ কৰা হৈছে আৰু ৮৫ গৰাকী সম্প্রতি এইডছ ৰোগত আক্রান্ত বুলি চিনাক্ত হৈছে৷ ইয়াৰে ৬৪ গৰাকী পুৰুষৰ বিপৰীতে ২১ গৰাকী মহিলা৷ চলিত বর্ষৰ এপ্রিল মাহৰ পৰা নৱেম্বৰ মাহলৈকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৭ গৰাকী পুৰুষ আৰু ২ গৰাকী মহিলা মুঠ ৯ জনৰ দেহত এইচ আই ভি পজিটিভ বুলি চিনাক্ত হৈছে৷ ইফালে ২০০৩ চনৰ পৰা আজিৰ দিনৰলৈকে ৩১ গৰাকী লোক এই ৰোগত আক্রান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে ২৯গৰাকী লোক সম্প্রতি চিকিৎসাধীন অৱস্থাত আছে৷ জিলাখনত ২০১৬ চনত ৪০ জন, ২০১৭চনত ২০ জন, ২০১৮ চনত ২৪ জন, ২০১৯ চনত ২৩ জন আৰু ২০২০ চনৰ নৱেম্বৰ মাহলৈকে ২৪ জনৰ দেহত এইচ আই ভি পজিটিভ বুলি চিনাক্ত কৰিছে৷

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ আই চি ডি চিৰ তথ্য মতে গোলাঘাট অসামৰিক চিকিৎসালয়ত ২০০৩ চনৰ পৰা ২০২০ চনলৈকে ৩৬৯ গৰাকী পুৰুষ মহিলাৰ শৰীৰত ধৰা পৰিছে এইচ আই ভি৷ ইয়াৰে ৮৫গৰাকী এইডছত আক্রান্ত৷ সেই অনুসৰি সৰুপথাৰত ২০১৬ চনত ৬ জন, ২০১৭ চনত ৫ জন, ২০১৮ চনত ৯ জন, ২০১৯ চনত ৬ জন, ২০২০ চনত ৮ জন, বোকাখাতত ২০১৬ চনত ৪ জন, ২০১৭ চনত ২ জন আৰু ২০২০ চনত ৪ জন লোক আক্রান্ত হৈছে৷ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ২০১৬–২০২০ লৈকে ১৩৩ জনে চিকিৎসা লাভ কৰিছে৷ ইয়াৰ ভিতৰত আছে কলেজীয়া ছাত্র আৰু ছাত্রী, জন্মসূত্রে দেহত এই ৰোগ লৈ জন্ম হোৱা শিশু, গর্ভৱতী মহিলা, যৌন কর্মীৰ লগে অসুৰক্ষিত যৌন সম্পর্ক ৰক্ষা কৰা বহু পুৰুষ–মহিলা৷ বিশেষকৈ ৩৯নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ কেইবাখনো গাঁৱৰ মহিলা আৰু পুৰুষ আক্রান্ত হৈছে৷ এইসকলৰ ভিতৰত কেইবাগৰাকীও মালবাহী ড্রাকৰ চালকৰ সৈতে হোৱা অবৈধ অসুৰক্ষিত সম্পর্কৰ ফলত এই ৰোগত আক্রান্ত হোৱা বুলি জানিব পৰা গৈছে৷ এনেক্ষেত্রত চৰকাৰে সজাগতা বৃদ্ধিৰ বাবে প্রতিবছৰে কোটি কোটি টকা খৰচ কৰি আহিছে যদিও সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like