নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নদী পর্যটন ক্ষেত্র হিচাপে গঢ়ি তুলিবলৈ পর্যটন নিগমক আহ্বান

শৰাইঘাট দলঙৰ পৰা দখলা পাহাৰলৈ ব্রহ্মপুত্রৰ নান্দনিক সৌন্দর্য

নিয়মীয়া বাৰ্তা ১ ডিচেম্বৰঃ ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পিছত ৰাজ্যত ক্রমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে৷ লাহে লাহে দেশ–বিদেশৰ পর্যটক বা ভ্রমণকাৰী অহা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে ক’ভিডৰ ভেকচিন নোলোৱালৈকৈ পূর্বৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি নাহেবাবে অসম চৰকাৰৰ পর্যটন বিভাগে ভাৰত চৰকাৰৰ ‘ভ’কেল ফৰ লোকেল’ আঁচনিৰ অধীনত স্থানীয় পর্যটকক উৎসাহিত কৰাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ পৰা পশ্চিমে দখলা পাহাৰলৈ ব্রহ্মপুত্রৰ প্রায় ২০ কিঃমিঃ অংশক সামৰি কলীয়াভোমোৰা–কাজিৰ আর্হিত নদী পর্যটন ক্ষেত্র হিচাপে গঢ় দিবলৈ শেহতীয়াভাৱে দাবী উত্থাপন হৈছে৷ এই সন্দর্ভত দখলাৰ যুৱক জিতুমণি দাসকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি পলাশবাৰীৰ পৰা ব্রহ্মপুত্রসহ দখলা পাহাৰৰ যি নান্দনিক সৌন্দর্য তাক ভাষাৰে বর্ণনা কৰিব নোৱাৰি৷ যিকোনো লোককে ব্রহ্মপুত্রসহ দখলা পাহাৰৰ নান্দনিক সৌন্দর্যই হাত বাউল দি মাতে৷ ব্রহ্মপুত্রৰ প্রাকৃতিক সুৰক্ষা কৱচ হিচাপে পৰিগণিত হৈ অহা আৰু দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্রস্বৰূপ বিজয়নগৰৰ গাতে লগা দখলা পাহাৰখনে ব্রহ্মপুত্রৰ খহনীয়াৰ পৰা এক বৃহৎ অঞ্চলক ৰক্ষা কৰি আহিছে৷ পাহাৰত থকা ঐতিহাসিক শ্রীশ্রীবিষ্ণু মন্দিৰত প্রতি বছৰে সাত মাঘত সাধু মেলা অনুষ্ঠিত হয়৷ সেই মেলাত হাজাৰ হাজাৰ ভক্তপ্রাণ লোকৰ সমাগম হয়৷ শৰাইঘাট দলঙৰ পৰা পশ্চিমে ব্রহ্মপুত্রৰে মাত্র ২০ কিঃমিঃ নিলগৰ দখলা পাহাৰলৈ অংশখিনিক নদী পর্যটনৰ ক্ষেত্র হিচাপে গঢ়ি তুলিলে গুৱাহাটীৰ বা বাহিৰৰ পৰা অহা পর্যটকে তাৰ সুবিধা লৈ নান্দনিক সৌন্দর্য উপভোগ কৰিব পাৰিব৷ এই ২০ কিঃমিঃ অংশত ব্রহ্মপুত্রৰ মাজত থকা ৰাক্ষসিনী পাহাৰ, কৃষিপ্রধান চাপৰি মজলী বা চৰনেহালি আদিও পৰিদর্শন বা ভ্রমণ কৰিব পাৰিব পর্যটকে৷ অৱশ্যে এই ক্ষেত্রত অসম চৰকাৰৰ পর্যটন বিভাগ বা অসম পর্যটন উন্নয়ন নিগমে (এটিডিচি) কি ব্যৱস্থা গ্রহণ কৰে সেয়াহে লক্ষণীয় হ’ব৷

You might also like