নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদৰ্শনীয় মীন পালকঃ নলবাৰীৰ অমল মেধিক ৰাষ্ট্রীয় পুৰস্কাৰ

নিয়মীয়া বার্তা, ২২ নৱেম্বৰঃ নতুন দিল্লীত ভাৰত চৰকাৰৰ মীন বিভাগে আয়োজন কৰা ‘বিশ্ব মীন দিৱস’ত ৰাষ্ট্রীয় বঁটাৰে জিলিকি উঠিল অসমৰ মীনপালক তথা মীন উদ্যোগী অমল মেধি৷ নতুন দিল্লীৰ পুষাস্থিত ৰাষ্ট্রীয় কৃষি বিজ্ঞান প্রাংগণত ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ পালন মন্ত্রালয়ৰ মীন বিভাগে আয়োজন কৰা ‘বিশ্ব মীন দিৱস’ৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত পার্বত্য এলেকা আৰু উত্তৰ–পূর্বাঞ্চলৰ শ্রেষ্ঠ মীন পালক হিচাপে নলবাৰী জিলাৰ সন্ধা গাঁৱৰ আদর্শ মীনপালক তথা মীন উদ্যোগী অমল মেধিক এই ৰাষ্ট্রীয় বঁটা প্রদান কৰে মীন বিভাগৰ ৰাজ্যমন্ত্রী প্রতাপ চন্দ্র চাৰেংগীয়ে৷

মীনমন্ত্রীগৰাকীয়ে অমল মেধিক উৎকর্ষৰ প্রশংসা পত্র, এটি ড্রফী আৰু এক লাখ টকাৰ চেক এখন প্রদান কৰে৷ উল্লেখ্য যে সন্ধাৰ নাৰিকল শাৰী চুবুৰীৰ যোগেন মেধি আৰু নিৰলা মেধিৰ পুত্র অমলে থলুৱা মাগুৰ, কাৱৈ মাছৰ পোনা উৎপাদন কৰি বিক্রী কৰি আহিছে৷

You might also like