নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ মাৰ্চঃ প্ৰতিবছৰৰ দৰে এইবাৰো মহাশিৱৰাত্ৰি শুভ উপলক্ষে বাবা কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ তাৰিখ ঘোষণা কৰা হয়। আজি উখিমথৰ ওমকাৰেশ্বৰ মন্দিৰত তাৰিখ ঘোষণা কৰা হয়। অহা ১০ মে’ৰ পুৱা ৭ বজাৰ পৰা বাবা কেদাৰৰ দুৱাৰ খোল খাব। লগতে ৬ মে’ত শীতকালীন আসন ওমকাৰেশ্বৰ মন্দিৰৰ পৰা ট্ৰলীখন ৰাওনা হ’ব। বাবা কেদাৰনাথ ৰাৱালকে ধৰি অন্যান্য পুৰোহিতৰ উপস্থিতিত এই শুভ সময় উদযাপন কৰা হয়। এই উপলক্ষে বদ্ৰী কেদাৰ সমিতিৰ অধ্যক্ষ অজেন্দ্ৰ অজয়ো উপস্থিত থাকে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি শ্ৰীবদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিয়ে জনোৱা মতে, পঞ্চমুখী ডোলিয়ে ৬ মে’ত শ্ৰী কেদাৰনাথ ধামলৈ ৰাওনা হ’ব আৰু ৯ মে’ৰ সন্ধিয়া বিভিন্ন ষ্টপেজ পাৰ হৈ কেদাৰনাথ ধামত উপস্থিত হ’ব। ১০ মে’ৰ পুৱা ৭ বজাত মুকলি হ’বলগীয়া একাদশ জ্যোতিৰ্লিংগ শ্ৰী কেদাৰনাথ ধামৰ পৰ্টেলসমূহঃ শ্ৰী বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতি মন্দিৰ সমিতিয়ে জনোৱা মতে, ৬ মে’ত পঞ্চমুখী ডলী শ্ৰী কেদাৰনাথ ধামলৈ ৰাওনা হ’ব আৰু ৯ মে’ৰ সন্ধিয়া কেদাৰনাথ ধামত উপস্থিত হ’ব।
Next Post
You might also like