শুভবার্তা : ৰাজ্যৰ চাহ ৰপ্তানি ৪০ নিযুত কিঃগ্রাঃলৈ বৃদ্ধি
অসমৰ পৰা এইবাৰ চাহ ৰপ্তানি ৪০ মিলিয়ন কিলোগ্রামলৈ বৃদ্ধি পাইছে৷ বর্ধিত ৰপ্তানিৰ ৫০ শতাংশই অর্থডক্স চাহ৷ সুদীর্ঘ ২৫ বছৰৰ পাছত অসমৰ চাহৰ উৎপাদন বৃদ্ধি পাইছে৷ এই কথা সদৰী কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শেহতীয়াকৈ অসমৰ চাহে এই সফলতাৰ যাত্রা কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে দক্ষিণ ভাৰতত চাহৰ উৎপাদন ১০ মিলিয়ন কিলোগ্রামলৈ হ্রাস পাইছে৷ কিন্তু অসমৰ চাহ ৫০ মিলিয়ন কিলোগ্রামলৈ বৃদ্ধি পাইছে৷
অর্থডক্স চাহৰ উৎপাদন বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে প্রতিকিলোগ্রাম চাহত ১০ টকাকৈ ৰাজসাহায্য দি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰটোত অসমৰ মুঠ চাহৰ বিক্রী ১৯ মিলিয়ন কিলোগ্রামলৈ বৃদ্ধি পাইছে৷ চাহ নিলাম কেন্দ্রত অসমৰ অর্থডক্স চাহ বিক্রী এশ শতাংশ বাঢ়িছে৷
পূর্বতে অর্থডক্স চাহৰ নিলাম ৪.১৯ মিলিয়ন কিলোগ্রাম থকাৰ বিপৰীতে এইবাৰ ৯.১৫ মিলিয়ন কিলোগ্রামলৈ বৃদ্ধি পাইছে৷ ইউৰোপিয়ান ইউনিয়ন, গ্রেট ব্রিটেইন, আমেৰিকাৰে হোৱা বাণিজ্যিক চুক্তিৰ ফলত অসমৰ চাহ লাভৱান হৈছে৷
অসমৰ চাহৰ সোণালী দিন আহিব বুলি আশা প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এটা সময়ত অসমৰ চাহৰ ৰপ্তানি বন্ধ হৈছিল৷ অর্থডক্স চাহৰ উৎপাদন বন্ধ হৈ গৈছিল৷ অসমত যাতে অর্থডক্স চাহৰ উৎপাদন বৃদ্ধি পায়, তাৰ বাবে ৰাজ্য চৰকাৰে প্রতি কিলোগ্রামত দি অহা ৰাজসাহায্য ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই চাহ এছ’চিয়েচনৰ সৈতে হোৱা আলোচনাত প্রকাশ কৰে৷
ভাৰতীয় চাহক আন্তঃৰাষ্ট্রীয় নেতৃত্ব হিচাপে থিয় কৰোৱাই চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যোৱা ৫ বছৰত তেওঁৰ অনুৰোধমর্মে চাহ শ্রমিকৰ দৰমহা দুবাৰ বৃদ্ধি কৰা হৈছে৷
পুনৰ চাহ শ্রমিকৰ দৰমহা বৃদ্ধিৰ বাবে তেওঁ চাহ এছ’চিয়েচনৰ নেতৃত্বক অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰি কয় যে শ্রমিকসকলক উপকৃত কৰাৰ বাবে পদক্ষেপ ল’বলৈ তেওঁ কৈছে৷ অহা ফেব্রুৱাৰীৰ শেষ ভাগত পুনৰ চাহ এছ’চিয়েচনৰ সৈতে তেওঁ বৈঠকত মিলিত হ’ব৷
ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী