‘প্রতিদিন’ৰ স্বত্বাধিকাৰৰ বাবে ২০০৬ত চৰকাৰ কৰিব নোৱাৰিলে AGP-এ
আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে ১৮ৰ পৰা ১৯খনহে আসন পাব৷ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ মুখ্যমন্ত্রী ড০ শর্মাই এই মন্তব্য কৰি কয় যে কংগ্রেছৰ এই আসন হ্রাসৰ মূল কাৰণ হ’ব ‘অসমীয়া প্রতিদিন’ৰ স্বত্বাধিকাৰ তথা সম্পাদক জয়ন্ত বৰুৱা৷
মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক কাষত বহুৱাই জয়ন্ত বৰুৱাক তুলাধুনা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জয়ন্ত বৰুৱাই যাকে পৃষ্ঠপোষকতা কৰে, সিয়েই পৰাজিত হয়৷ ২০০৬ চনত জয়ন্ত বৰুৱাৰ বাবেই অগপ দল ক্ষমতালৈ নহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই সময়ত অগপৰ যি সভাত ৫ হাজাৰ মানুহ গোট খায়, জয়ন্ত বৰুৱাই প্রতিদিনত লক্ষাধিক লোক গোট খোৱা বুলি উল্লেখ কৰে৷
সভালৈ আহি মানুহৰ উপস্থিতি কম দেখি দলীয় কর্মীসকল হতাশ হয়৷ কিন্তু পিছদিনাই যেতিয়া প্রতিদিনত লক্ষাধিক লোক সমৱেত হোৱা বুলি বাতৰি প্রকাশ পায়, তেতিয়া পুনৰ তেওঁলোক উৎসাহিত হৈ পৰে৷ এনেদৰেই জয়ন্ত বৰুৱাই সকলোকে ক্ষতি কৰি আহিছে৷ আনকি জয়ন্ত বৰুৱাৰ তেনেধৰণৰ প্রৰোচনাত পৰিয়েই ২০০৬ চনত অগপৰ কিছু নেতাই মন্ত্রী হিচাপে শপত লোৱাৰ বাবে আগতীয়াকৈ সাজ–পোছাকো চিলাই সাজু হৈ আছিল৷
মুখ্যমন্ত্রী ড০ শর্মাকো জয়ন্ত বৰুৱাই ভয় খুওৱাৰ চেষ্টা কৰিছিল বুলি উল্লেখ কৰি কয় যে তেওঁ কিন্তু ভয় কৰা নাছিল৷ সম্প্রতি কংগ্রেছৰ একাংশই ভিডিঅ’ ভাইৰেল, গোচৰ আদিৰে মুখ্যমন্ত্রীক ভীতিগ্রস্ত কৰি তুলিবলৈ বিচৰা প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হিমন্ত বিশ্ব শর্মাই ভয় খায় নেকি? গোচৰক ভয় কৰে নেকি? মাতংগ সিং, জয়ন্ত বৰুৱায়ো মোক ভয় খুৱাব নোৱাৰিলে৷
মনত সাহস থাকিলে কোনেও ভয় নকৰে৷ অসমৰ মানুহৰ আশীর্বাদত মোৰ বহু সাহস হৈ গ’ল৷ মুখ্যমন্ত্রী ড০ শর্মাৰ স্পষ্ট কথা– বাঘে কেতিয়াও ঘাঁহ নাখায়৷ আমি দেশৰ কাৰণে কাম কৰি আছোঁ৷ পাকিস্তান যাতে দিছপুৰত সোমাব নোৱাৰে, তাৰ বাবে কাম কৰি আছোঁ৷
ইপিনে গৌৰৱ গগৈয়ে যোৱা ৯ ফেব্রুৱাৰীত ৰাজীৱ ভৱনত আয়োজন কৰা এক সংবাদ মেলত একাংশ সাংবাদিকক কংগ্রেছ কর্মীয়ে ঢকিয়াঢকি কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রথমবাৰৰ বাবে দেখিছোঁ সংবাদ মেলত কোন সাংবাদিকে কি প্রশ্ন কৰিব, সেই বিষয়ে আগদিনাই ঠিক কৰি থৈছিল৷
তৰুণ গগৈৰ আমোলতো এনে ঘটনা সংঘটিত হোৱা নাছিল৷ ৰাজীৱ ভৱনত সাংবাদিকৰ ওপৰত চলা এনে নির্যাতনক লৈ গুৱাহাটী প্রেছ ক্লাব কিয় নীৰৱে আছে, আজিলৈ প্রেছ ক্লাবে কিয় এই বিষয়ক লৈ সভা এখন অনুষ্ঠিত কৰা নাই? সেই সম্পর্কত প্রশ্ন উত্থাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মই সৰু কথা এটা কওঁতে প্রেছ ক্লাবত ডাঙৰ মিটিং কৰিছিল৷ কিন্তু গৌৰৱ গগৈৰ সংবাদ মেলত সংঘটিত সেই ঘটনাক লৈ আজিও প্রেছ ক্লাবত কোনো বৈঠক হোৱা নাই৷
ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী