নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলেণ্টাইন ডে’ত মোদীয়ে মুকলি কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং

📌 ১৪ ফেব্রুৱাৰীত মৰাণৰ ৰাষ্ট্রীয় ঘাইপথত অৱতৰণ কৰিব প্রধানমন্ত্রীৰ বিমান

ডিজিটেল ডেস্ক, ১২ ফেব্রুৱাৰী : অহা ১৪ ফেব্রুৱাৰীত এদিনীয়া কার্যসূচীৰে অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীৰ অসম ভ্রমণৰ কার্যসূচীৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে সেইদিনা পুৱা ৭.১৫ বজাত প্রধানমন্ত্রী মোদী নতুন দিল্লীৰ পৰা অসমলৈ যাত্রা আৰম্ভ কৰিব৷ পুৱা ৯.৫০ বজাত তেওঁ পোনে পোনে চাবুৱা এয়াৰফিল্ড পাব আৰু ১০ বজাত চাবুৱাৰ পৰা মৰাণলৈ আহিব৷

মৰাণৰ ইমার্জেঞ্চী লেণ্ডিং ফিল্ডত প্রধানমন্ত্রী মোদীৰ বিমান অৱতৰণ কৰিব আৰু মৰাণৰ ৰাষ্ট্রীয় ঘাইপথৰ ওপৰতে প্রধানমন্ত্রী মোদী নামিব৷ তাতে সৰু এখন মঞ্চ থাকিব৷ আধাঘণ্টাৰ ভিতৰত বায়ুসেনা বাহিনীৰ ৰাফেল, ছুখয়কে ধৰি ১৬খন বিমানৰ কিছুমান আকাশমার্গত উৰি থাকিব আৰু কিছুমান তলত অৱতৰণ কৰিব৷ মৰাণৰ ৰাজপথৰ ওপৰতো এই বিমানসমূহ অৱতৰণ কৰিব৷ তাৰ পাছত দিনৰ ১২.৩০ বজাত বৰঝাৰ বিমানবন্দৰলৈ উভতি আহিব৷ প্রধানমন্ত্রী মোদী ডিব্রুগড় বিমানবন্দৰ বা চাবুৱা এয়াৰ ফিল্ডলৈ যোৱাৰ পৰিৱর্তে মৰাণৰ ৰাজপথৰ পৰাই পোনে পোনে গুৱাহাটী বিমানবন্দৰলৈ উৰা মাৰিব৷ দিনৰ ১ৰ পৰা ১.১৫ বজাৰ ভিতৰত প্রধানমন্ত্রী মোদীয়ে গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলংখন উদ্বোধন কৰাৰ লগতে তেওঁ দলংখন চাব৷

তাৰ পিছত তেওঁ ফাঁচীবজাৰৰ লাচিতঘাটলৈ যাব৷ লাচিতঘাটৰ পৰা তেওঁ আইআইএম গুৱাহাটীৰ বঙৰাস্থিত অস্থায়ী চৌহদৰ শুভ উদ্বোধন কৰিব৷ সেইদৰে আমিনগাঁৱত স্থাপন কৰিব লগা হাইপাৰ স্কেল ডাটা চেণ্টাৰ এটাৰো শুভ উদ্বোধন কৰিব৷ একেদৰে কেন্দ্রীয় চৰকাৰে অসমক আগবঢ়োৱা এশখন ইলেক্ট্র্রিক বাহনো প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিব৷ দিনৰ ২ বজাত তেওঁ খানাপাৰালৈ যাব আৰু খানাপাৰাত বিজেপিৰ বুথ সন্মিলনত অংশগ্রহণ কৰিব৷ উক্ত বুথ সন্মিলনত প্রায় ১ লাখ দলীয় কার্যকর্তা উপস্থিত থাকিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ সেই সন্মিলনৰ পাছতে গধূলি মোদী নতুন দিল্লীলৈ উভতি যাব৷

মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে অহা ৬/৭ মার্চত প্রধানমন্ত্রী মোদী পুনৰ অসমলৈ অহাৰ সম্ভাৱনা আছে৷ প্রধানমন্ত্রী মোদীৰ সেই অসম ভ্রমণৰ সময়তে ৫ হাজাৰ চাহ শ্রমিকক প্রধানমন্ত্রীৰ হাতেৰে ভূমিপট্টা দিয়াৰ পৰিকল্পনা কৰাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ মার্চৰ পূর্বেই চৰকাৰে ৫ হাজাৰৰ পৰা ২০ হাজাৰ চাহ শ্রমিকক মাটিৰ পট্টা দিয়াৰ পৰিকল্পনা কৰিছে৷ ইপিনে, অহা ২১ ফেব্রুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ অসম ভ্রমণলৈ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চিআৰপিএফৰ প্রতিষ্ঠা দিৱসৰ কার্যসূচীত অংশ লোৱাৰ বাবে শ্বাহ আহিব৷ সৰুসজাই ষ্টেডিয়ামত এইবাৰ চিআৰপিএফৰ প্রতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব৷

You might also like