নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নটসূৰ্যৰ নাট সমাৰোহত ‘গোপী গায়ন বাঘা বায়ন’-‘সৰৱজান’ মঞ্চায়ন

বিশেষ বাৰ্তা, ১০ ডিচেম্বৰ : নটসূৰ্যৰ ২৭সংখ্যক নাট সমাৰোহ ৯ ডিচেম্বৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত বর্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। শনিবাৰে সন্ধিয়া দুটি সমৱেত সংগীতেৰে নাট সমাৰোহৰ শুভাৰম্ভ কৰা হয়। সমৱেত সংগীতৰ পৰিচালনা সংগীতজ্ঞ পুলক বেনাৰ্জীৰ। সমৱেত সংগীত পৰিৱেশন কৰে নটসূৰ্যৰ পৰিয়ালৰ সদস্যসকলে। মঞ্চ মুকলি কৰে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে। উদ্বোধনী অনুষ্ঠানতে নটসূৰ্যৰ স্মৰণিকা ‘নটসূৰ্য’ উন্মোচন কৰা হয়। লগতে অনুষ্ঠানত গিয়াছউদ্দিন আহমেদ স্মাৰক বঁটা প্ৰদান কৰা হয় মঞ্চ আৰু চলচ্চিত্র জগতৰ বিশিষ্ট অভিনেত্রী হীৰা নেওগক। ড° বীৰেন্দ্ৰ নাথ দত্ত সোঁৱৰণী নাট্য সন্ধ্যাত উদ্বোধনী নিশা নিবেদন কৰা হয় মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ‘আলিদোমোজাত’। আদর্শ বোৱাৰীৰ সংজ্ঞাৰে মহেন্দ্ৰ বৰঠাকুৰৰ সফল উপস্থাপন ‘আলিদোমোজাত’। নাটকখনৰ প্ৰযোজনা নটসূৰ্যৰ। নাটখন সুন্দৰভাৱে পৰিচালনা কৰিছে মলয়া গোস্বামীয়ে, সহযোগী সঞ্জীৱ বুঢ়াগোহাঞি। নাটখনত অভিনয় কৰা প্ৰতিগৰাকী অভিনেত্ৰীৰে অভিনয় সুন্দৰ হৈছে। নাটখনত অভিনয় কৰে- নিশিতা গোস্বামী, মণি বৰদলৈ, মিতালী শৰ্মা, গৰিমা মজুমদাৰ, মণিকাঞ্চন কোঁৱৰ, মৌচুমী ভট্টাচার্য, মৃগাক্ষী তামুলী ভূঞা আৰু ৰিমঝিম ডেকাই। নাটখনৰ সংগীত বিজিত কুমাৰ দাসৰ, মঞ্চসজ্জা নুৰুদ্দিন আহমেদ, পোহৰ ব্যৱস্থাপনা তপন বৰুৱাৰ, ৰূপসজ্জা অভিজিৎ ভূঞা আৰু ৰাজীৱ গগৈৰ।

১০ ডিচেম্বৰত আৰতি বৰুৱা সোঁৱাৰণী নাট্য সন্ধ্যা। নাট্য সন্ধ্যাটি উদ্বোধন কৰে গায়ক তথা নটসূৰ্যৰ কাৰ্যকৰী সভাপতি পুলক বেনার্জীয়ে। দ্বিতীয় নিশাটিত দুখন নাট নিবেদন কৰা হয়। সন্ধিয়া ৫.৪৫ বজাত নিবেদন কৰা হয় প্রথম নাটক ‘গোপী গায়ন বাঘা বায়ন’। মূল নাটক : উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰী, অসমীয়া অভিযোজনা আৰু পৰিচালনা কুশল ডেকাৰ। নাটখনৰ প্রযোজনা : দ্য আসাম ভেলী স্কুল। নাটখনৰ সামগ্ৰিক পৰিকল্পনা আৰু মুখ্য সমল ব্যক্তি ড° পৰিণীতা গোস্বামী। ৭.৩০ বজাত নিবেদন কৰা হয় দ্বিতীয়খন নাটক লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সৰৱজান’, নাট্যৰূপ : বিভু দত্ত, পৰিচালনা : ধ্ৰুৱ বৰ্মনৰ, প্রযোজনা : ৰংগতীৰ্থ, নলবাৰী। কাইলৈ অৰ্থাৎ সোমবাৰে প্ৰদীপ কলিতা সোঁৱৰণী নাট্য সন্ধ্যাত মঞ্চ মুকলি কৰিব বিশিষ্ট নাট্যকাৰ-পৰিচালক দুলাল ৰয়ে। ৬.৪৫ বজাত ইনলি ফাউণ্ডেচনে নিবেদন কৰিব ৰহস্যধর্মী নাটক ‘তদন্ত’। নাট্যকাৰ : জে বি প্রিষ্টলি, অসমীয়া অভিযোজনা : ড° ভৱেন্দ্র নাথ শইকীয়াৰ, পৰিচালনা : নয়ন প্ৰসাদৰ।

You might also like