নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিৰাক-জয়সাগৰত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাঃ)ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ ডিচেম্বৰ : একাংশ সদস্যৰ আত্মসমর্পণৰ বিপৰীতে আন একাংশৰ যোগদানৰ সময়তে শক্তি প্রদর্শন কৰিলে পৰেশ বৰুৱা নেতৃত্বাধীন নিষিদ্ধঘোষিত আলফা (স্বাধীন)ই ৷ যোৱা ২২ নৱেম্বৰৰ সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিৰাক কপাহতলীস্থিত ভাৰতীয় সেনা বাহিনীৰ ১৯ নম্বৰ গ্রেনেডিয়াৰ শিবিৰৰ সন্মুখত আৰু কালি শিৱসাগৰৰ জয়সাগৰস্থিত চিআৰপিএফৰ ১৪৯ নম্বৰ বেটেলিয়নৰ শিবিৰৰ সন্মুখত সংঘটিত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা (স্বাঃ)ই ৷ আজি এক বিবৃতিৰ জৰিয়তে এই কথা সদৰী কৰিছে সংগঠনটোৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে ৷ বিবৃতিটোত তেওঁ অভিযোগ কৰে যে বর্তমানৰ অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিঙে অসম আৰক্ষীক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি দাম্ভিকতাৰ পৰিচয় দিছে ৷ যাৰ দ্বাৰা অসম আৰক্ষীত কর্মৰত বিষয়া–সদস্যসকলৰ আত্মাভিমানত আঘাত দিছে ৷ আৰক্ষী সঞ্চালকপ্রধানগৰাকীৰ এই দাম্ভিকতা ৰাজ্যৰ থলগিৰিসকলৰ বাবে কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰি কেপ্টেইন ৰুমেল অসমে কয় যে উক্ত দুয়োটা অভিযানৰ উদ্দেশ্য জি পি সিঙে আগবঢ়োৱা দাম্ভিক বক্তব্যৰ প্রতিক্রিয়া ৷ সংগঠনৰ সদস্যই যে যিকোনো স্থানতে অভিযান ৰূপায়ণ কৰিব পাৰে, সেয়া প্রদর্শনৰ লগতে সিঙে ভৱিষ্যতলৈ অসম আৰক্ষীক ব্যক্তিগত সম্পত্তিৰূপে ব্যৱহাৰ কৰি থাকিলে এনে অভিযান আগলৈও চলি থাকিব বুলিও সংগঠনটোৱে প্রকাশ কৰিছে৷ উল্লেখ্য যে কালি সন্ধিয়া জয়সাগৰ পুখুৰীৰ পাৰত থকা চিআৰপিএফৰ মুখ্য শিবিৰত আক্রমণ চলোৱাৰ দায়িত্ব আলফা স্বাধীনে স্বীকাৰ কৰিলেও বাতৰি লিখা পৰলৈকে বিস্ফোৰণ সংঘটিত হোৱা স্থান চিনাক্ত হোৱা নাই৷ চিআৰপিএফ শিবিৰটো অৱস্থিত অঞ্চলটোৰ কোনো স্থানতেই এনেধৰণৰ বিস্ফোৰণ সংঘটিত হোৱা নাই বুলি শিবিৰটোৰ দায়িত্বত থকা শীর্ষ বিষয়াই সাংবাদিকক জানিবলৈ দিছে ৷ সন্দেহজনক বিস্ফোৰণৰ খবৰ লাভ কৰাৰ পাছতে জিলা আৰক্ষী অধীক্ষককে ধৰি শীর্ষ বিষয়াসকলে পুৱতি নিশা পর্যন্ত জয়সাগৰৰ সম্ভাব্য সকলো স্থানতে অভিযান চলায় যদিও বিস্ফোৰণৰ স্থান চিনাক্ত কৰিবলৈ সক্ষম নহ’ল ৷ আজি পুৱাৰ ভাগতে আলফা স্বাধীনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছত পুনৰ আৰক্ষী আৰু চিআৰপিএফৰ দলে বগীদলৰ পৰা বৰআলি পর্যন্ত বিভিন্ন স্থান পৰিদর্শন কৰে যদিও কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ আনহাতে, নিষিদ্ধঘোষিত সংগঠনটোৱে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো শিবিৰটোত কোনোধৰণৰ তৎপৰতা অথবা অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হোৱা নাই ৷ পূর্বৰ দৰেই স্বাভাৱিক অৱস্থা বিৰাজ কৰা শিবিৰটোত অৱশ্যে কালি নিশাৰে পৰা আজি বিয়লি পর্যন্ত বিভিন্ন পদবীৰ শীর্ষ বিষয়াসকলৰ আগমন ঘটা পৰিলক্ষিত হৈছে৷ যাৰ বাবে বিস্ফোৰণৰ শব্দৰ ২৪ ঘণ্টাৰ পিছতো বিস্ফোৰণস্থলী চিনাক্ত নোহোৱা ঘটনাই সমগ্র বিষয়টোকে অধিক ৰহস্যজনক কৰি তুলিছে৷ কালি সন্ধিয়াৰ প্রচণ্ড শব্দ ক’ত সৃষ্টি হৈছিল, তাক লৈ সর্বত্রে চর্চা অব্যাহত আছে৷

You might also like