নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত বিজেপিৰ বিশাল কাৰ্যকৰ্তা সভাত মন্ত্ৰী অশোক সিংহল

নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ১৭ নৱেম্বৰঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি হৈছে শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ । এনে সময়তে আকৰ্ষনীয় হৈ পৰিছে বিটিআৰৰ দুই সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট । দৰং-ওদালগুৰি আৰু কোকৰাঝাৰ সমষ্টি বিজেপি নেতৃত্বাধীন মিত্ৰদলৰ দখললৈ নিয়াৰ উঠি-পৰি লাগিছে বিজেপি দলে । বিজেপিয়ে বিটিআৰত নিজৰ সাংগঠনিক ভেটি মজবুত কৰাৰ উদ্দেশ্যে প্ৰতিটো পৰিষদীয় সমষ্টিত আৰম্ভ কৰিছে শক্তি প্ৰদৰ্শনৰ অভিযান । আজি গোৰেশ্বৰ পৰিদৰ্শন বঙলাত বিজেপিৰ এক বিশাল কাৰ্যকৰ্তা সভা অনুষ্ঠিত হয়। কেবাসহশ্ৰাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত আদৰণী ভাষণ ৰাখি ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই কয় যে,” বিজেপি থাকিলেহে অসমৰ উন্নয়ন থাকিব, ৰাইজৰ মুখত হাঁ‌হি জিলিকি থাকিব । নিজৰ ভাষণত তেওঁ আৰু কয়- আমি জনতাৰ লগত আছো। ভাৰতীয় জনতা পাৰ্টি আপোনাৰ লগত আছো। বিটিচি অঞ্চলত থকা ভূমি সমস্যা অতি শীঘ্ৰে দূৰ হব। তেওঁ লগতে আৰু কয় যে- গোৰেশ্বৰ বিধানসভা সমষ্টি হিচাবে ঘোষনা হোৱাত তামুলপুৰ এটা অংশ গোৰেশ্বৰত সোমাই যোৱাত সকলোৱে এতিয়া পদূমৰ ছবিত ভোট দিবলৈ হাত দাঙি আছে। সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোল সিংহলে নিজৰ চমু ভাষণত কয় যে — “হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আজি অসমত পৰিবৰ্ত্তন সম্ভৱ হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নীতি নিকা। কিন্তু অসমৰ ভাল ভাল মাটি আজি মিঞাৰ হাতত।” আমি পাহৰি যাব লাগিব বি টি চিৰ সেই কলা অধ্যায়ৰ কথা। বি টি চিৰ কলা অধ্যায়ৰ যৱনিকা পৰিল। যেতিয়ালৈকে দিল্লীত নৰেন্দ্ৰ মোদী , অসমত হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে অসমত শান্তি থাকিব। উন্নয়ন থাকিব। তেওঁ লগতে কয়- তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধান মন্ত্ৰী হ’ব। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰ কেন্দ্ৰত বিজেপি চৰকাৰ আহিব। দিনৰ ৩ বজাৰ পৰা আৰম্ভ হোৱা সভাত সাংসদ দিলীপ শইকীয়াই ৰাইজক উদ্দেশি নিজৰ বক্তব্যত কয় — ভৱেশ কলিতাৰ হাত শক্তিশালী হৈ থকা মানে মুখ্যমন্ত্ৰীৰ হাত শক্তিশালী হৈ থকা। নৰেন্দ্ৰ মোদী আমাৰ হাতত থকা মানে , হিমন্ত বিশ্ব শৰ্মা আমাৰ হাতত থকা। বিজেপি আমাৰ হাতৰ মুঠিত থকা মানে আমাৰ হাত শক্তিশালী হৈ থকা। আমাৰ শক্তিক ৰোধ কৰাৰ সাহস এতিয়ালৈ কাৰো নাই। গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি মহেন্দ্ৰ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নৱ-গঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিৰ প্ৰভাৰী তথা লক্ষিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই ৰাইজৰ উপস্থিতি দেখি অভিভূত হৈ কয় যে- আপোনালোক অতি ভাগ্যবান। মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি, ৰাষ্ট্ৰীয় সম্পাদক আপোনালোকৰ ওচৰৰে। আপোনালোকৰে ভাগ্য ভাল। ইপিনে কংগ্ৰেছক সমালোচনা কৰি বিধায়ক গৰাকীয়ে কয় যে কংগ্ৰেছ দলক এতিয়া ঔষধত দিবও নাপাই। টি ভি টকশ্ব’ত যেন কংগ্ৰেছ দলেহে চৰকাৰ চলাই আছে তেনে লাগে। কেৱল মিছা কথাৰে ৰাইজক পতিয়ান দিব বিছাৰে। উল্লেখ্য যে আজিৰ সভাত আন কেবা গৰাকী শীৰ্ষ পৰ্যায়ৰ নেতা উপস্থিত আছিল।

You might also like