নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৰি আনিলেহে মধ্যাহ্ণ ভোজনঃ ডিমৌত প্ৰধান শিক্ষয়িত্ৰীৰ নিৰ্দেশত শিক্ষাৰ্থীৰ পিঠিত বেগৰ পৰিৱৰ্তে মূৰত খৰিৰ বোজা

নিয়মীয়া বার্তা, ১৮ আগষ্টঃ ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কার্যালয়ৰ অন্তর্গত এখন প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীয়ে ছাত্র–ছাত্রীক শিক্ষা দানৰ সলনি মধ্যাহ্ণ ভোজনৰ বাবে চাৰি–পাঁচশ মিটাৰ দূৰত্বৰ পৰা খৰি কঢ়িয়াবলৈ দিয়াক কার্যক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে অঞ্চলটোৰ ৰাইজে৷ ডিমৌৰ কাষৰীয়া আঠাবাৰী বঙালী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রী পূর্ণিমা গগৈয়ে চূডান্ত মইমতালি প্রদর্শন কৰাত ছাত্র–ছাত্রীসকলৰ শৈক্ষিক ভৱিষ্যত ধবংসৰ দিশে গতি কৰিছে৷ চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত চৰকাৰী বিদ্যালয়ত প্রাথমিক শিক্ষা গ্রহণ কৰিবলৈ অভিভাৱকসকলে নিজৰ সন্তানক পঠিওৱাৰ পিচত বিদ্যালয়খনৰ প্রধান শিক্ষয়িত্রীগৰাকীয়ে ছাত্র–ছাত্রীসকলক শিক্ষা দান দিয়াৰ বিপৰীতে মধ্যাহ্ণ ভোজনৰ বাবে খৰি কঢ়িয়াবলৈ দিয়া কার্যক সহজভাৱে লব পৰা নাই অভিভাৱকসকলে৷ ছাত্র–ছাত্রীয়ে দৈনিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীগৰাকীৰ নির্দেশত বিদ্যালয়খনৰ পৰা চাৰিশ–পাঁচশ মিটাৰ দূৰত্বৰ পৰা খৰি মূৰত তুলি আনিবলৈ বাধ্য হোৱা দৃশ্য স্থানীয় ৰাইজে মবাইলত আৱদ্ধ কৰি সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে অঞ্চলটোত ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিদ্যালয়ৰ সময়ত ছাত্র–ছাত্রীক শিক্ষাদানৰ বিপৰীতে কিয় খৰি কঢ়িয়াবলৈ দিয়া হল বুলি স্থানীয় একাংশ ৰাইজে প্রশ্ন উত্থাপন কৰাত মাজে সময়ে খৰি আনিবলৈ নিদিলে মধ্যাহ্ণ ভোজন কোনে খোৱাব বুলি এক অদ্ভূত যুক্তি দাঙি ধৰে৷ উল্লেখ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক মধ্যাহ্ণ ভোজন খুৱাবৰ বাবে প্রতিজন ছাত্রৰ বিপৰীতে বিভিন্ন সামগ্রীৰ নামত পুঁজি আৱণ্টন দি আহিছে যদিও একাংশ প্রধান শিক্ষকে মধ্যাহ্ণ ভোজনৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰি আহিছে৷ প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়সমূহৰ ছাত্র–ছাত্রীসকলক প্রত্যেক দিনাই মধ্যাহ্ণ ভোজন খুওৱাবলৈ নির্দিষ্ট তালিকা প্রস্তুত কৰি দিছে৷ কিন্তু ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কার্যালয়ৰ অন্তর্গত একাংশ বিদ্যালয়ৰ প্রধান শিক্ষকে চৰকাৰৰ নির্দেশনাক ভৰিৰে মোহাৰি মধ্যাহ্ণ ভোজনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত কৰি আহিছে৷ মধ্যাহ্ণ ভোজনৰ বাবদ প্রতিটো বস্তুৰ বিনিময়ত টকা আৱণ্ঢন দিয়াৰ পিচতো আঠাবাৰী বঙালী প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষয়িত্রীয়ে ছাত্র–ছাত্রীক খৰি কঢ়িয়াবলৈ দিয়াৰ অধিকাৰ কত পালে বুলি অঞ্চলটোৰ একাংশ ৰাইজে মুকলিকৈ প্রশ্ণৰ অৱতাৰণা কৰিছে৷

প্ৰেৰক বীৰেন কলিতা

You might also like