নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভোটহে দিয়ে, নাপায় কোনো সুবিধা ছয়গাঁৱৰ দিব্যাংগ নিৰেণে : সুদৃষ্টিৰ কামনাৰে চৰকাৰক আকূতি

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল : ৰাজ্যত সম বিকাশৰে দৰিদ্ৰ নিৰ্মুল কৰাৰ যি শ্লোগান চৰকাৰে আওৰাই ফুৰে তাৰ বিপৰীত ছবি হৈছে কামৰূপৰ ছয়গাঁও সমষ্টিৰ বাঁহজানী গাঁৱৰ নিৰেণ কলিতাৰ পৰিয়ালটো। মুঠৰ ওপৰত নিৰেণ কলিতাৰ পৰিয়ালত চৰকাৰী আঁচনি নাই আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি, ছয়গাঁও সমষ্টিৰ বনগাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ অন্তৰ্গত ৫নং উত্তৰ-পশ্চিম বনগাঁও গাঁও পঞ্চায়তৰ বাঁহজানী গাঁৱৰ বাসিন্দা বিশেষভাৱে সক্ষম ব্যক্তি নিৰেণ কলিতাই নাপায় কোনো চৰকাৰী আঁচনি। নিৰেণ কলিতাৰ পত্নী অৰ্চনা কলিতাই জনোৱা মতে, দীৰ্ঘদিন ধৰি পৰিয়ালৰ মুৰব্বীগৰাকী বিশেষভাৱে সক্ষম হৈ পৰি আছে। তৎস্বত্তেও চৰকাৰী গৃহ, বিকলাংগ আঁচনিৰ সুবিধা, অৰুণোদয় আঁচনিৰ ধন তথা ৰেচন কাৰ্ডৰ জৰিয়তে পোৱা চাউল নাপায়। মুঠতে পৰিয়ালটোৱে চৰকাৰী সুবিধা নাই আৰু নাই। ইফালে আজি বকোৰ একাংশ সাংবাদিকে পৰিয়ালটোৰ অৱস্থাৰ খৱৰ লোৱাত নিৰেণ কলিতাৰ পত্নী অৰ্চনা কলিতাই ক্ষোভেৰে কয় যে চৰকাৰৰ ঘৰত বহু আবেদন নিবেদন কৰাৰ পিছতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। এজনী গাভৰু জীয়ৰীৰ সৈতে তিনিজনীয়া পৰিয়ালটো চলিবলৈ অতি কষ্টকৰ হৈছে। ইফালে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বাবে লাগতিয়াল সামগ্ৰীখিনিও যোগাৰ কৰিবলৈ সমস্যা। একমাত্ৰ উপাৰ্জন কৰা পৰিয়ালৰ মুৰব্বীগৰাকী বিবশেষভাৱে সক্ষম। উপাৰ্জনৰ অভাৱতে অথবা মেৰামতিৰ সুবিধা নোহোৱাত বাঁহ মাটিৰে নিৰ্মিত একমাত্ৰ থকা ঘৰটোও জৰাজীৰ্ণ হৈ পৰিছে। মুঠৰ ওপৰত নিৰেণ কলিতাৰ পৰিয়ালটোৰ জীৱন ধাৰণৰ প্ৰতিচ্ছবি অতি দুখজনক। গতিকে চৰকাৰলৈ আহ্বান জনাইছে তেওঁলোককো যেন চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰে। বাঁহজানীৰ নিৰেণ কলিতাৰ পৰিয়ালৰ জীৱন নিৰ্বাহৰ কাহিনী শুনি জানি বকোৰ সমাজ সচেতন ৰাইজে ৰাজ্য চৰকাৰক প্ৰশ্ন উত্থাপন কৰে – চৰকাৰে কাক কাক আৰু কেনে কেনে পৰিয়ালক লৈ হিতাধিকাৰী বাচনি কৰে?

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like