নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত লাম্পীৰ প্ৰাদুৰ্ভাৱ : গো-ধনৰ ছালৰ ৰোগে নিদ্ৰা হৰিছে কৃষকৰ

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ নগৰবেৰাৰ পিজুপাৰা, পালপাৰা, দাসপাৰা, টুপামাৰী, ৰংগেশ্বৰীপাম, বদনা, ৰাঙ্গাপানী কালুবাৰী, মালঞ্চা, মেধিপাৰা আদি কেতবোৰ গাঁৱৰ পোহনীয়া গৰুবোৰৰ ভালেসংখ্যক লাম্পী স্কীন ডিজিছ’ চমুকৈএলএছডি’ নামৰ এবিধ ৰোগত আক্ৰান্ত হোৱাত কৃষকৰ মাজত হাহাকাৰ লাগিছে। পশুচিকিৎসকৰ মতে এয়া গোধনৰ ক্ষেত্ৰত হোৱা এক ছালৰ বেমাৰ, এই ৰোগত গৰুৰ গাত সৰু-সৰু গুটি হৈ ছাল উখহি উঠা আৰু খজুৱতি হোৱা বুলিও পশু চিকিৎসকে জানিবলৈ দিছে যদিও এই ৰোগ গো-বসন্ত নহয় বুলিও জানিব পৰা গৈছে। ৰোগাক্ৰান্ত গো-ধনসমূহক লৈ সংশ্লিষ্ট গাঁৱসমূহৰ কৃষক, গোপালকসকল বিপাঙত পৰিছে কিয়নো পথাৰৰ কাম কিম্বা খীৰতী গাইবোৰৰ গাখীৰ খীৰোৱা পৰ্যন্ত বন্ধ কৰিবলগীয়া হৈছে এই ৰোগবিধৰ বাবেই। বহুতেই ইতিমধ্যে নগৰবেৰা পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেতবোৰ দৰৱ আৰু বেজী আদিও দিয়াইছে যদিও ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস নোহোৱাত সকলো বিপাঙত পৰিছে। আগলৈ অঞ্চলবাসীয়ে গৰুৰ ৰোগ নিৰাময়ৰ ক্ষেত্ৰত তৎপৰ হ’বলৈ সংশ্লিষ্ট বিভাগলৈ আহ্বান জনাইছে ৰাইজে।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like