নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফ-বিজেপিৰ মিত্রতাৰ বিষয়ে নাজানে প্রমোদ বড়োৱে

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ মহাজোঁটৰ সংগ ত্যাগ কৰি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলে পুনৰ বিজেপিৰ মিত্র হোৱাৰ ব্যাপক কুচকাৱাজ চলাইছে৷ বি পি এফৰ এই তৎপৰতাৰ খবৰ বিয়পি পৰাৰ লগে লগে বি টি আৰৰ ৰাজনীতিত তুমুল আলোড়ন সৃষ্টি হৈছে৷ ৰাজনৈতিক মহলত হাগ্রামা মহিলাৰী বিজেপিৰ বন্ধু হৈ পুনৰ বি টি আৰৰ মুখ্য কার্যবাহী হোৱাৰ পৰিকল্পনা কৰিছে বুলিও ব্যাপক চর্চা চলিছে৷ এই চর্চা অব্যাহত থকাৰ সময়তে ৰাজ্যৰ জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই শনিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্রমোদ বড়ো বি টি আৰৰ চীফ হৈ থাকিবই বুলি মন্তব্য কৰে৷

ইপিনে শনিবাৰে মুছলপুৰত সংবাদ মাধ্যমৰ আগত প্রমোদ বড়োৱে কয় যে বি পি এফ ক’ত যায়, ক’ত নাযায় সেয়া বি টি আৰৰ ভূমিৰ সমস্যাতকৈ ডাঙৰ ইছ্যু নহয়৷ ১৭ বছৰ হাগ্রামা মহিলাৰী বিটিচিৰ শাসনত আছিল৷ সেই সময়ত অঞ্চলটোৰ ভূমি সমস্যা সমাধান নহ’ল৷ এতিয়া মহিলাৰী চি ই এম, চি এম, পি এম হ’লেও ভূমি সমস্যাৰ সমাধান হ’ব বুলি নাভাবোঁ৷ মহিলাৰীয়ে বিগত ১৭ বছৰীয়া শাসনকালত ট্রাইবেল বেল্ট আৰু ব্লকৰ বাহিৰৰ ভূমিপুত্রসকলৰ কথা মুঠেও চিন্তা নকৰিলে৷ ফলত ভূমিৰ সমস্যা সমস্যা হৈয়েই থাকিল৷ এতিয়া ইউ পি পি এলে ট্রাইবেল বেল্ট আৰু ব্লকৰ বাহিৰৰ ভূমিপুত্রসকলৰ ভূমিৰ সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি, সেই কথা চিন্তা কৰি আছে৷ ইউ পি পি এল–বিজেপি–জি এছ পিৰ সন্মিলিত চৰকাৰখনে বি টি আৰৰ শাসনৰ গাদীত বহাৰ পাছৰে পৰা সকলো ভূমিহীন খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ লোককে পর্যায়ক্রমে ভূমিৰ পট্টা প্রদান কৰিবলৈ বদ্ধপৰিকৰ৷

আনহাতে বিজেপিৰে বি পি এফৰ মিত্রতাৰ প্রসংগত তেওঁ কয় যে বি পি এফৰ দলীয় মজিয়াত কি চলি আছে এক শতাংশও জনাৰ বাবে তেওঁ ইচ্ছুক নহয়৷ পৰৱর্তী পর্যায়ত দলৰ মজিয়াত শীতল মস্তিষ্কৰে আলোচনা কৰি এক ৰণনীতি প্রস্তুত কৰিব৷ পৃথিৱীত অকল ৰাজনীতি কৰিয়েই মানুহে খাই থকা নাই বুলি বড়োৱে কয় যে অসমীয়া জাতিৰ স্বার্থত অসমত বসবাস কৰা সকলো লোক একত্রিত হ’ব লাগে৷ শেহতীয়াভাৱে মিত্রদল জি এছ পিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই সংবাদ মাধ্যমৰ আগত কৰি অহা মন্তব্যৰ প্রসংগত বড়োৱে কয় যে এই বিষয়ে তেওঁ একো নাজানে৷ কেৱল সংবাদ মাধ্যমতহে দেখি আহিছে৷

আনহাতে অসমখনক ৰাষ্ট্রৰ ভিতৰতে শ্রেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা অসমৰ ৰাজনীতিৰ ইতিহাসেই নহয়, তেওঁ এখন অভিধান বুলি অভিহিত কৰি কয় যে ড০ শর্মাৰ নেতৃত্বত সকলো উগ্রপন্থী সমস্যা সমাধান হ’বলৈ গৈ আছে৷ এইবোৰ দেশৰ কাৰণে মংগলজনক৷ মুখ্যমন্ত্রী ড০ শর্মাই ৫০–১০০ বছৰৰ চিন্তা কৰি অসমখনৰ শান্তিৰ বাবে কাম কৰি আছে৷ স্বাধীনতাৰ ৭০ বছৰৰ পাছত অসমে এজন গতিশীল মুখ্যমন্ত্রী পাইছে৷

উল্লেখ্য যে বাক্সা জিলাৰ মুছলপুৰৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত ৰাজহ চক্র বিষয়াসকলৰ সৈতে বড়োৱে শনিবাৰে এখন বৈঠকত মিলিত হয়৷ ইফালে হাগ্রামা মহিলাৰী সদ্যহতে বি টি আৰৰ চীফ হোৱাৰ কোনো সম্ভাৱনা একেবাৰেই নাই বুলি মন্তব্য কৰিছে গণ সুৰক্ষা পার্টীৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই৷ শনিবাৰে শ্রীৰামপুৰত সাংবাদিকৰ আগত সাংসদ শৰণীয়াই কয় যে আসন্ন উপ–নির্বাচনত বিজেপিৰ ছত্রছায়াত হাগ্রামা মহিলাৰীয়ে বিধায়ক হিচাপে নির্বাচিত হৈ মন্ত্রী হোৱাটো একো অস্বাভাৱিক নহয়৷ এজন সুবিধাবাদী লোক হিচাপে মহিলাৰীয়ে বহু উচ্চ আসনত বহিব পাৰে, কিন্তু বি টি আৰৰ চীফ হোৱাৰ সম্ভাৱনা একেবাৰেই নাই৷ বিজেপিয়ে ইমান সোনকালে প্রমোদ বড়োক আঁতৰাই হাগ্রামা মহিলাৰীক বি টি আৰপ্রধানৰ আসনখনত অধিষ্ঠিত নকৰে৷ অৱশ্যে ইউ পি পি এল–বি পি এফৰ অৰিয়াৰিৰ বিজেপিয়ে মুনাফা লোৱাৰ পূর্ণ সম্ভাৱনা আছে বুলিও তেওঁ ব্যক্ত কৰে৷

তেওঁ আৰু কয় যে আসন্ন উপ–নির্বাচনত বি টি আৰৰ তিনিটা সমষ্টিত নির্বাচন অনুষ্ঠিত হ’ব৷ এই নির্বাচনত গণ সুৰক্ষা পার্টীয়ে বলিষ্ঠ পদক্ষেপ লৈছে আৰু প্রার্থিত্ব প্রদানৰ বাবে প্রস্তুত হৈছে৷ অৱশ্যে বি টি আৰত মিত্রতা থকা বাবে আলোচনা কৰিহে সিদ্ধান্ত লোৱা হ’ব বুলি তেওঁ প্রকাশ কৰে৷

You might also like