নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ শুভ উদ্বোধন

সমগ্ৰ ৰাজ্যৰ লগতে আজি কামৰূপ জিলাতো বিশ্ব বৰেণ্য শিল্পী ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰা হয়। মহান শিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভ উদ্বোধনী উপলক্ষে আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰা হয়। আমিনগাঁৱৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত সমীপত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত আজি পুৱাই প্ৰথমে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই। তেওঁৰ লগতে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া সিদ্ধাৰ্থ গোস্বামী, জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, অতিৰিক্ত আয়ুক্তসকল ক্ৰমে গৰ্গমোহন দাস,  সুজাতা গগৈ, প্ৰাণজিত কুমাৰ দেৱ, বিশিষ্ট সমাজসেৱিকা সুজাতা মিশ্ৰকে ধৰি জিলা প্ৰশাসনৰ সকলো বিষয়া- কৰ্মচাৰী, জিলাবাসী ৰাইজে এই স্মৃতি তৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ছয়গাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য কাকতিও উপস্থিত থাকে।

অসমৰ কেইবাপ্ৰজন্মৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰখা শিল্পীগৰাকীলৈ স্মৃতি তৰ্পণ অনু্ষ্ঠানৰ পূৰ্বে কেইবাগৰাকীও বিশিষ্ট শিল্পী আৰু প্ৰায় পাঁচশতাধিক লোকৰ অংশগ্ৰহণেৰে এক মানৱ-শৃংখল সৃষ্টি কৰি কালজয়ী “মানুহে মানুহৰ বাবে” গীতটি সমৱেতভাৱে পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰাৰ লগতে কণ কণ ছাত্ৰীসকলেও নৃত্যানুষ্ঠান প্ৰদৰ্শনৰে বৰেণ্য শিল্পীগৰাকীলৈ সন্মান জনায়। অনুষ্ঠানত ভূপেন্দ্ৰ সংগীতৰ বিশিষ্ট সাধক উত্তৰ গুৱাহাটী ৰজা দুৱাৰ নিবাসী ৰঞ্জিত মহন্তৰ মন পৰশা ভূপেন্দ্ৰ সংগীতৰ অনুষ্ঠানে শ্ৰোতা ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অনুষ্ঠানত বক্তব্য দি কয় যে অসমীয়াৰ হিয়াৰ আমঠু সুধাকণ্ঠৰ গীতসমূহে আজিও সকলোৰে মন-প্ৰাণ আলোড়িত কৰি তোলে। শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকীত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই হাতত লোৱা কাৰ্যসূচীৰ বাবে বিধায়কগৰাকীয়ে কামৰূপ জিলা প্ৰশাসনক ধন্যবাদ জনায়।

জন্মশতবাৰ্ষিকীৰ শুভ উদ্বোধনী অনুষ্ঠানত বক্তব্য ৰাখি কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে ১৯২৬ চনত জন্মগ্ৰহণ কৰা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই নিজৰ অমৰ সৃষ্টি আৰু কৰ্মৰাজিৰ জৰিয়তে বিশ্বব্যাপী সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল। অসমীয়া জাতিৰ গৌৰৱ শিল্পীগৰাকীৰ গীত আৰু তেওঁৰ সৃষ্টিৰাজি সদায় প্ৰতিজন অসমীয়াৰ মাজত জীয়াই থাকিব বুলিও জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। তেওঁ ভাষণ প্ৰসংগত প্ৰতিকূল বতৰ স্বতেও সকলোৱে আহি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে সকলোকে ধন্যবাদ জনায়।

অনুষ্ঠানত বক্তব্য ৰাখি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ সৃষ্টিৰাজি আৰু সমাজলৈ তেওঁৰ অৱদান প্ৰতিজন অসমীয়াৰ মাজত জীয়াই ৰখাৰ বাবে হাতত লোৱা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় অসমীয়া জাতিৰ প্ৰাণস্বৰূপ সুধাকণ্ঠই সংগীতৰ জৰিয়তে অসমক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰৰ উদ্যোগত গণশিল্পীগৰাকীৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে হাতত লোৱা কাৰ্যসূচীয়ে নৱপ্ৰজন্মকো  তেখেতৰ বিশাল সৃষ্টিৰাজিৰ বিষয়ে জনাত সহায় কৰিব বুলি উল্লেখ কৰে। তেজপুৰৰ পৰা আহি অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট নাট্যকাৰ, সাংস্কৃতিক কৰ্মী ঐশ্বৰ্য কাকতিয়ে সুধাকণ্ঠৰ সৈতে থকা তেখেতৰ বহুমূলীয়া সান্নিধ্যৰ কথা উল্লেখ কৰে।

অন্যহাতে জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় আৰু শুৱালকুছি শিল্পী সন্মিলনৰ সহযোগত শুৱালকুছিৰ বুধৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ত দুটা শাখাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাও অনুষ্ঠিত হয়। সন্ধিয়ালৈ ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হ’ব। স্মৃতিচাৰণ সভাৰ পাছতে কেইবাগৰাকীও শিল্পী তথা কলা-কুশলীৰ অংশগ্ৰহণেৰে এটি সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে।

নিয়মীয়া বাৰ্তা, উত্তৰ গুৱাহাটী, ৮ ছেপ্টেম্বৰ

You might also like