নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াত মহাৰণ : কইনা পক্ষৰ আক্ৰমণত আহত দৰাৰ খুৰাক

কাছাৰ জিলাৰ ধলাইৰ ৰাজনগৰ গাঁৱত বিয়াৰ অনুষ্ঠানক কেন্দ্ৰ কৰি সংঘটিত হৈছে এক ভয়ংকৰ মাৰপিটৰ ঘটনা। পলাই গৈ বিয়া পতাৰ ঘটনাক লৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে কইনা পক্ষৰ অতৰ্কিত আক্ৰমণত দৰাৰ খুৰা গুৰুতৰভাৱে আহত হয়। বৰ্তমান আহত ব্যক্তিজন শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত জীৱন-মৃত্যুৰে যুঁজি থকা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৰাজনগৰ গাঁৱৰ বাসিন্দা মজিবুৰ ৰহমান লস্কৰে বুধবাৰে নিশা প্ৰতিবেশী গাঁৱৰ ৰুণু বেগমক লৈ পলাই যায়। দুয়ো প্ৰাপ্তবয়স্ক হোৱাত গাঁৱৰ গণ্য-মান্য ব্যক্তিসকলে বিষয়টো সামাজিকভাৱে মীমাংসা কৰাৰ উদ্যোগ লয়। পৰৱৰ্তী সময়ত মজিবুৰ আৰু ৰুণুৰ সামাজিকভাৱে বিবাহ সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সেই অনুসৰি গাঁৱৰ এজন তৃতীয় ব্যক্তিৰ ঘৰত বিয়াৰ অনুষ্ঠান সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হৈছিল। বৃহস্পতিবাৰে দৰা-কইনাক লৈ এখন মাৰুতি ভানত দৰাপক্ষ যেতিয়া মধ্যস্থতাকাৰীৰ ঘৰৰ সন্মুখত উপস্থিত হয়, তেতিয়াই কইনা পক্ষৰ লোকসকলে অতৰ্কিতে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।

দুই পক্ষৰ মাজত তৎক্ষণাত তীব্ৰ মাৰপিট আৰম্ভ হয়। এই মাৰপিটৰ সময়তে কইনা পক্ষৰ চোকা অস্ত্ৰৰ আক্ৰমণত মজিবুৰৰ খুৰা আইনুল হক লস্কৰ গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছত আহত আইনুল হকক তৎক্ষণাত উদ্ধাৰ কৰি ধলাই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ পিছত আঘাত গুৰুতৰ হোৱাত চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জনাইছে।

ইফালে, ঘটনাৰ খবৰ পাই আৰক্ষী তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে কইনা পক্ষৰ এজন লোকক আটক কৰি থানালৈ লৈ যোৱা হৈছে।

এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনগৰ গাঁও তথা সমগ্ৰ ধলাই অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাটোৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল

You might also like