নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষ্য চেন্নাই : শিলঘাট ষ্টেচনত হাজাৰ হাজাৰ যুৱকৰ ভিৰ

ভোটদান পৰ্ব সম্পন্ন হোৱাৰ পাছতেই পুনৰ কৰ্মস্থলীৰ উদ্দেশ্যে ৰাওনা হ’বলৈ শিলঘাট টাউন ৰেল ষ্টেচনত দেখা গৈছে হাজাৰ হাজাৰ যুৱকৰ ব্যাপক ভিৰ। বিশেষকৈ শিলঘাট-চেন্নাই অভিমুখী ৰেলখনত উঠিবলৈ যুৱকসকলে বৃহৎ সংখ্যাত সমৱেত হোৱা দেখা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, ৰেলখনত আসনৰ অভাৱৰ বাবে বহু যুৱকে তলতে বহি যাত্ৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। আনহাতে, বহু যুৱকে ৰেলখনত ঠাই নোপোৱাৰ বাবে বাধ্য হৈ উভতি যাব লগা হৈছে, যাৰ ফলত তেওঁলোকৰ মাজত হতাশাৰ সৃষ্টি হৈছে।

যুৱকসকলৰ মতে, আজি যাত্ৰা নকৰিলে কোম্পানী কৰ্তৃপক্ষই পুনৰ কামত যোগদান কৰিবলৈ নিদিয়াৰ সম্ভাৱনা আছে। সেইবাবেই যিকোনো প্ৰকাৰে ৰেলত উঠিবলৈ চেষ্টা চলাইছে তেওঁলোক।

উল্লেখযোগ্য যে ৯ এপ্ৰিলত ভোটদান কৰাৰ পিছত বিহু উদযাপন কৰি পুনৰ বহিঃৰাজ্যত থকা নিজৰ কৰ্মস্থলীত যোগদান কৰিবলৈ আহিছে এইসকল হাজাৰ হাজাৰ যুৱক।

এই ব্যাপক ভিৰৰ ফলত শিলঘাট ৰেল ষ্টেচনত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। পৰ্যাপ্ত আসন আৰু ৰেল সেৱাৰ ব্যৱস্থা বৃদ্ধি কৰাৰ দাবীও উত্থাপন কৰিছে যুৱকসকলে।

ডিজিটেল ডেস্ক, ১৭ এপ্ৰিল

You might also like