নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত লকডাউন দুসপ্তাহ বৃদ্ধিৰ প্রস্তাৱ

তলাবন্ধত ৰাজ্যত দৈনিক ১০০০ কোটিৰ লোকচান

নিয়মীয়া বাৰ্তা, ১৬ মে’ : ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে লকডাউন আৰু দুসপ্তাহ বৃদ্ধি হোৱাটো বিচাৰিছে ৷ ৰাজ্য চৰকাৰে ইতিমধ্যে বিষয়টো লিখিতভাৱে কেন্দ্রীয় চৰকাৰক অৱগত কৰিছে৷ খানাপাৰাৰ অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত শুকুৰবাৰে আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সেই কথা প্রকাশ কৰে ৷ সংবাদ মেলখনত মুখ্যমন্ত্রী সোণোৱালে কয় যে  ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৰা শেহতীয়া ভিডিঅ’ কনফাৰেঞ্চত লকডাউন সম্পর্কত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামর্শ বিচাৰে ৷ এই সংক্রান্তত প্রতিখন ৰাজ্যকে ১৫ মে’ৰ ভিতৰত লিখিতভাৱে প্রস্তাৱ প্রেৰণৰ নির্দেশ দিয়ে ৷ অসম চৰকাৰে ইতিমধ্যে দুসপ্তাহ লকডাউন বৃদ্ধিৰ প্রস্তাৱ দিয়াৰ লগতে কেনেদৰে সেই লকডাউন পালন কৰা উচিত, সেই বিষয়ে কেন্দ্রক লিখিতভাৱে প্রতিবেদন দাখিল কৰিছে ৷

ইপিনে, লকডাউনৰ সময়ছোৱাত অসমৰ দৈনিক ১,০০০ কোটি টকা লোকচান হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে চি আই আইৰ সমীক্ষাত এই কথা প্রকাশ পাইছে ৷ চি আই আইৰ মতে, এই সময়ছোৱাত দেশত প্রতিদিনে ৩২,০০০ কোটি টকা লোকচান হৈছে৷ লকডাউনৰ সময়ত দেশৰ লগতে অসমতো অর্থনৈতিক কার্যকলাপ বন্ধ থকাৰ বাবে অর্থনৈতিক দিশৰ বহু সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ৷ সেই ক্ষতি, লোকচানৰ পৰা পৰিত্রাণ দিয়াৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০ লাখ কোটি টকাৰ আত্মনির্ভৰ ভাৰত অভিযান নামৰ আঁচনি এখন ঘোষণাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই আঁচনিখনৰ পৰা দেশৰ ১৩৫ কোটি জনগণ উপকৃত হ’ব ৷ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ, অৰুণাচল প্রদেশৰ পৰা গুজৰাটলৈ সকলো উপকৃত হ’ব ৷ উক্ত আঁচনিত ক্ষুদ্র আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে তিনি লাখ কোটি টকা ধার্য কৰা হৈছে৷ অসমত ১ লাখৰো অধিক ক্ষদ্র আৰু মজলীয়া উদ্যোগ আছে ৷ এই উদ্যোগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৪০ লাখ লোক সংস্থাপিত হৈ আছে৷ সেয়ে উক্ত আঁচনিৰ পৰা অসম উল্লেখযোগ্যভাৱে উপকৃত হ’ব ৷

এই প্রসংগতে মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমৰ উদ্যোগৰ ৯৯.৯ শতাংশই হৈছে ক্ষুদ্র আৰু মজলীয়া উদ্যোগ৷ অসমৰ জিডিপিত এই উদ্যোগসমূহেই ৩৯ শতাংশ অৰিহণা আগবঢ়াই আহিছে৷ সেইদৰে ৰাজ্যখনত যি ২,০০০মান ৰুগ্ণ উদ্যোগ আছে, এই আঁচনিখনৰ জৰিয়তে সেই উদ্যোগসমূহো উপকৃত হ’ব৷ তদুপৰি যিবোৰ উদ্যোগে সাম্প্রতিক পৰিস্থিতিত পি এফৰ টকা জমা দিয়াত সমস্যাৰ সন্মুখীন হৈছে, তেনেবোৰ উদ্যোগৰ পি এফৰ দায়িত্ব তিনি মাহৰ বাবে কেন্দ্রীয় চৰকাৰে লোৱাৰ কথা উল্লেখ কৰি সোণোৱালে কয় যে ইয়াৰ ফলত অসমৰ অর্থনৈতিক বুনিয়াদ উপকৃত হ’ব৷ অসমৰ উদ্যোগ জগতে নিজৰ শক্তি বৃদ্ধিত বিশেষভাৱে লাভান্বিত হ’ব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী সোণোৱালে বহিঃৰাজ্যৰ পৰা উভতি অহা দক্ষ লোকসকলৰ প্রসংগত কয় যে চৰকাৰে তেওঁলোকক দক্ষ শক্তি হিচাপে গণ্য কৰি বিভিন্ন খণ্ডৰ কামত নিয়োজিত কৰিব৷ এই সম্পর্কত ইতিমধ্যে উদ্যোগমন্ত্রীক নির্দেশ দিয়া হৈছে, যাতে বহিঃৰাজ্যৰ পৰা সকলো আহি পোৱাৰ পাছত কোনজন ব্যক্তি কোন খণ্ডত দক্ষ, সেই তথ্য আহৰণ কৰে৷ অসমৰ কোনো লোককেই কেৱল দেশৰ ভিতৰতেই নহয়, বিদেশতো নিঃসংগ হ’বলৈ দিয়া নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে যেতিয়াই চৰকাৰে অসমৰ কোনো লোক আবদ্ধ হৈ থকাৰ খবৰ পাইছে, লগে লগে ব্যৱস্থা গ্রহণ কৰিছে ৷

শেহতীয়াকৈ চেন্নাইৰ অসম ভৱনত অসমৰ শ্রমিকসকল সমৱেত হোৱা সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে তাত থকা ৰাজ্য চৰকাৰৰ বিষয়াক স্পষ্ট নির্দেশ দিয়া হৈছে– প্রত্যেককে যেন থকা–খোৱাৰ ব্যৱস্থা কৰে৷ আনহাতে, অসমত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয়– আমি পূর্বৰে পৰা কৈ আহিছোঁ বহিঃৰাজ্যত আবদ্ধ লোকসকল উভতি অহাৰ লগে লগে আমাৰ প্রত্যাহ্বান বাঢ়িব৷ হিমালয়সদৃশ প্রত্যাহ্বানৰ সৃষ্টি হ’ব৷ কিন্তু ইয়াৰ বাবে হতাশ আৰু আতংকিত হ’ব নালাগে৷ ধৈর্যসহকাৰে প্রত্যাহ্বান অতিক্রম কৰিব লাগিব৷ ইফালে, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রসংশাত গদ্গদ্ হৈ মুখ্যমন্ত্রী সোণোৱালে কয় যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সময়মতে পদক্ষেপ গ্রহণ কৰা বাবে ভাৰতবর্ষৰ ৰাইজ সুৰক্ষিত হৈ আছে৷ ক’ৰোনাৰ সংক্রমণ ৰোধত প্রধানমন্ত্রী মোদী সফল হৈছে৷ প্রধানমন্ত্রী মোদী যে গৰিবৰ বন্ধু, সেয়া তেওঁ কামে–কাজে প্রমাণ কৰি দেখুৱাইছে৷ মোদীৰ আদর্শ–মার্গ দর্শন লৈ ৰাজ্য চৰকাৰেও কাম কৰাৰ প্রয়াস কৰি আহিছে৷ অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ইপিনে, প্রধানমন্ত্রী কৃষক সন্মান নিধিত সংঘটিত অনিয়ম, দুর্নীতিৰ প্রসংগত মুখ্যমন্ত্রী সোণোৱালে কয় যে বর্তমান বিষয়টোৰ ওপৰত তদন্ত চলি আছে৷ দোষী প্রমাণিত হ’লে কাকো ৰেহাই দিয়া নহ’ব ৷

You might also like