নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্র লিখি আইছিছলৈ যোৱা গুৱাহাটী আইআইটিৰ ছাত্রক আটক

🔹 ৰাজ্যৰ শিক্ষানুষ্ঠানতো শিপাইছে মুছলিম মৌলবাদ

🔹 দমদমাৰ পৰা আৰক্ষীয়ে বন্দী কৰিলে দিল্লীৰ তৌছিফ আলী ফাৰুকীক

বিশেষ বাৰ্তা, ২৪ মার্চ : সামাজিক মাধ্যমত মুকলি পত্রযোগে কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছত যোগদান কৰাৰ ইচ্ছা প্রকাশ কৰা আইআইটি গুৱাহাটীৰ জৈৱ–প্রযুক্তিবিদ্যা বিভাগৰ চূড়ান্ত বর্ষৰ ছাত্র তৌছিফ আলী ফাৰুকীক অৱশেষত কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ, চমুকৈ এছটিএফ৷ উল্লেখ্য যে কালি ছাত্রজনে নিজৰ লিংকেডিন প্রফাইলত এখন মুকলি পত্রযোগে আইছিছত যোগদান কৰাৰ ইচ্ছাৰ কথা প্রকাশ কৰিছিল৷ উক্ত পত্রখন সংবাদ মাধ্যমৰ বিভিন্ন সাংবাদিকৰ লগতে এছটিএফৰ আইজিপিক টেগ কৰিও প্রেৰণ কৰিছিল তৌছিফ আলী ফাৰুকীয়ে৷ পত্রখনত গুৱাহাটীৰ পাণবজাৰৰ পৰা আইছিছ অধ্যুষিত খৰাচাং নামৰ এটা অঞ্চললৈ যুৱকজনে যাত্রা আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছিল৷ ইছলাম ধর্মাৱলম্বী উপাস্য দেৱতা আল্লাৰ নাম লৈ আৰম্ভ কৰা পত্রখনত তৌছিফ আলী ফাৰুকীয়ে ভাৰতীয় সংবিধানৰ প্রতি বিষোদ্গাৰ প্রকাশ কৰি আল্লাৰ বাহিৰে পৃথিৱীত আন দ্বিতীয়গৰাকী সর্বময়কর্তা নাই বুলি মন্তব্য কৰি মুছলমান সমাজৰ ক্ষেত্রত হোৱা কিছুমান অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সংগঠনটোত যোগদান কৰাৰ ইচ্ছা সদৰী কৰিছিল৷ উল্লেখ্য যে যোৱা ২০ মার্চত ধুবুৰীৰ সংলগ্ণ ভাৰত–বাংলা আন্তঃৰাষ্ট্রীয় সীমান্তৰ সমীপৰ ধৰমশালা নামৰ এলেকাৰ পৰা এছটিএফে আইছিছ ইণ্ডিয়াৰ মুৰব্বী হৰিশ ফাৰুকী ওৰফে হৰিশ আজমল ফাৰুকী আৰু তেওঁৰ সহযোগী অনুৰাগ সিং ওৰফে ৰিহানক নাটকীয়ভাৱে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী পর্যায়ত উক্ত দুয়োজন সন্ত্রাসবাদীক নেচনেল ইনভেষ্টিগেচন এজেঞ্চী, চমুকৈ ‘নিয়া’ৰ হাতত গতাই দিয়া হৈছিল৷ যোৱা ২১ মার্চত দুয়োজন সন্ত্রাসবাদীকে ‘নিয়া’ই নতুন দিল্লী অভিমুখে নিছিল৷ ইয়াৰ ঠিক এদিন পাছতে অর্থাৎ কালি গুৱাহাটী আইআইটিৰ দৰে দেশৰ অগ্রণী শিক্ষানুষ্ঠানৰ এজন ছাত্রই আইছিছত যোগদান কৰাৰ কথা সংবাদ মাধ্যমযোগে প্রচাৰ হোৱাৰ পাছতে একপ্রকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল অসম আৰক্ষীৰ অভ্যন্তৰত৷ ছাত্রজনক হাজোৰ দমদমা অঞ্চলৰ পৰা স্থানীয় আৰক্ষীৰ সহায়ত এছটিএফে আটক কৰাৰ পাছতে কালি নিশা এখন সংবাদ মেলযোগে এছটিএফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে সদৰী কৰা মতে, ৰাজপথত ক’লা পতাকা জোকাৰি গৈ থকা অৱস্থাত ছাত্রজনক আৰক্ষীয়ে কৰায়ত্ত কৰিছে৷ নতুন দিল্লীৰ ওখলাৰ জাকি নগৰ এলেকাৰ আজমত আলী ফাৰুকীৰ পুত্র তৌছিফ আলী ফাৰুকীয়ে বিগত চাৰি বছৰ ধৰি গুৱাহাটী আইআইটিত জৈৱ–প্রযুক্তিবিদ্যা বিভাগত অধ্যয়ন কৰি আছিল৷ চলিত বর্ষটোৰ পাছতে এজন অভিযন্তাৰূপে ছাত্রগৰাকীয়ে শিক্ষা জীৱন সমাপ্ত কৰিলেহেঁতেন৷ প্রায়েই অকলশৰীয়াকৈ থাকি ভাল পোৱা ছাত্রজনে কাৰো লগত মিলামিছা কৰা নাছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে সদৰী কৰিছে৷ কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছত যোগদানৰ ইচ্ছা প্রকাশ কৰি সামাজিক মাধ্যমত প্রেৰণ কৰা চিঠিখন ছাত্রজনে নিজৰ শিক্ষানুষ্ঠানৰ একাংশ হোৱাটছএপ গ্রুপতো প্রেৰণ কৰিছিল৷ সম্প্রতি হাজোৰ পৰা ছাত্রজনক গুৱাহাটীৰ এছটিএফৰ কার্যালয়লৈ অনা হৈছে৷ কালি দিনৰ ভাগৰ পৰা নিৰুদ্দেশ হোৱা ছাত্রজনে নিজৰ ম’বাইল ফোনো বন্ধ কৰি থৈছিল৷ সম্প্রতি এছটিএফে ছাত্রজনৰ জিম্মাৰ পৰা আৰবীয় ভাষাত লিখা থকা কেতবোৰ কথাসম্বলিত এখন ক’লা পতাকা জব্দ কৰিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ পাঠকে সদৰী কৰা মতে, পতাকাখন কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰ প্রকৃততে হয় নে নহয়, সেয়া বর্তমানলৈকে নিশ্চিত হোৱা নাই যদিও সন্ত্রাসবাদী সংগঠনটোৰ পতাকাৰ সৈতে উক্ত পতাকাখনৰ কিছু সাদৃশ্য নথকা নহয় বুলিও তাৎপর্যপূর্ণ মন্তব্য তেওঁ আগবঢ়াইছে৷ কালি নিশাটো এছটিএফৰ তদন্তকাৰী বিষয়াই ছাত্রজনক মাৰাথন জেৰা চলাব বুলি জানিব পৰা গৈছে৷ লক্ষণীয়ভাৱে যোৱা ২০ মার্চত অসমত নাটকীয়ভাৱে গ্রেপ্তাৰ হোৱা আইছিছ ইণ্ডিয়াৰ মুৰব্বী নেতাদ্বয়ৰ অসম আগমনৰ প্রকৃত উদ্দেশ্য এতিয়াও পোহৰলৈ অহা নাই যদিও সংগঠনটোৰ সদস্যভর্তিৰ বাবে সংখ্যালঘু মেধাৱী ছাত্রক কুখ্যাত আইছিছে যে টার্গেট কৰি লৈছিল, সেয়া এই ঘটনাটোৰ পৰা কিছু হ’লেও প্রতিফলিত হৈ পৰিছে৷

You might also like