নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৫৪ দিনৰ মূৰত কামবেক পণ্টৰ : অবিশ্বাস্য প্রত্যাৱর্তনক আদৰণি দর্শকৰ

বিশেষ বাৰ্তা, ২৪ মার্চ : এনেদৰেও যে প্রত্যাৱর্তন কৰিব পৰা যায়, সেয়া কল্পনাতীত৷ ভয়াৱহ দুর্ঘটনাত কথমপি প্রাণৰক্ষা পৰি ৪৫৪ দিনৰ অন্তত ক্রিকেট খেলপথাৰলৈ উভতি আহিল ঋষভ পণ্ট৷ ক্রিকেটাৰগৰাকীৰ বেটখনে আকৌ আগৰ দৰেই কথা ক’লে৷ স্ক’ৰব’ৰ্ডত তেওঁৰ নামৰ কাষত যিমানেই ৰান লিখা নহওক কিয়, ঋষভৰ কামবেক ইনিংছ চিৰদিনৰ বাবে ক্রিকেট অনুৰাগীৰ হূদয়ত থাকিব৷ ৩০ ডিচেম্বৰ, ২০২২৷ গাড়ী দুর্ঘটনাত গুৰুতৰভাৱে আহত হয় ঋষভ৷ জীৱন আৰু মৃত্যুৰ মাজত দীর্ঘদিনীয়া সংগ্রাম৷ অৱশেষত ৪৫৪ দিনৰ অন্তত ২৬ বছৰীয়া ভাৰতীয় তাৰকাগৰাকীয়ে ২২ গজ ক্রিকেটত বেটিং কৰে৷ আই পি এলত পঞ্জাব কিংছৰ বিৰুদ্ধে টছ কৰিবলৈ নামি অহাৰ সময়ত আৱেগেৰে জুৰুলা হৈ পৰিছিল ঋষভ৷ চকুত চকুলোও দেখা গ’ল৷ ক’লে- ‘এই সময় মোৰ বাবে বৰ আৱেগিক৷ মই মাত্র সেই মুহূর্তটো উপভোগ কৰিব বিচাৰোঁ৷’ টছত জয়ী হৈ পঞ্জাবে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়৷ দিল্লী কেপিটেলছৰ হৈ ডেভিদ ৱার্নাৰ আৰু মিচেল মার্শ্বে সুন্দৰ আৰম্ভণি কৰে৷ দুয়োগৰাকী অ’পেনাৰ আউট হোৱাৰ পিছত খেলপথাৰত প্রৱেশ কৰে ঋষভ৷ গোটেই ষ্টেডিয়ামখনত থকা দর্শকে থিয় হৈ তেওঁৰ অবিশ্বাস্য প্রত্যাৱর্তনক আদৰণি জনায়৷ ঋষভেও চিনাকি মুডত বেটিং আৰম্ভ কৰিলে৷ দুর্ঘটনাৰ কোনো প্রভাৱে তেওঁৰ আক্রমণাত্মক বেটিঙত প্রভাৱ পেলাব নোৱাৰিলে৷ ৰিভার্ছ ছুইপ মাৰি আগবাঢ়ি আহি ছয়ৰ চেষ্টা কৰিলে৷ কিন্তু মাত্র ১৮ ৰানৰ অন্তত তেওঁৰ ইনিংছ সমাপ্ত হৈ গ’ল৷ ঋষভে বৃহৎ স্ক’ৰ কৰি ফর্মলৈ ঘূৰি আহিব নোৱাৰিলে৷ কিন্তু তেওঁ ক্রিকেট জগতৰ বাবে আদর্শ দাঙি ধৰিলে৷ যুঁজ আৰু সাহসেৰে ভৰা গাব্বাত অষ্ট্রেলিয়াৰ গৌৰৱ ভেঙুচালি কৰি অহা ল’ৰাজনে আই পি এলৰ খেলপথাৰত উক্ত গৌৰৱতকৈও ডাঙৰ যুঁজত জয়লাভ কৰে৷

You might also like